ETV Bharat / bharat

পোনপ্ৰথমবাৰৰ বাবে মিজোৰামত জনজাতীয় কলা কৰ্মশালা অনুষ্ঠিত

author img

By

Published : Mar 5, 2021, 12:18 PM IST

মিজোৰামৰ আইজল ক্লাবত ৩০ দিনীয়া ভাৰ্চুৱেল জনজাতীয় কলা বিকাশ কৰ্মশালাৰ উদ্বোধন । ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰণালয় আৰু মিজোৰামৰ সমাজ কল্যাণ আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা আয়োজন কৰা হয় এই কৰ্মশালা ।

পোনপ্ৰথমবাৰৰ বাবে মিজোৰামত জনজাতীয় কলা কৰ্মশালা অনুষ্ঠিত
পোনপ্ৰথমবাৰৰ বাবে মিজোৰামত জনজাতীয় কলা কৰ্মশালা অনুষ্ঠিত

নিউজ ডেস্ক, ৫ মাৰ্চ: বৃহস্পতিবাৰে মিজোৰামৰ আইজল ক্লাবত ৩০ দিনীয়া ভাৰ্চুৱেল জনজাতীয় কলা বিকাশ কৰ্মশালাৰ উদ্বোধন কৰা হয় । ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰণালয় আৰু মিজোৰামৰ সমাজ কল্যাণ আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা আয়োজন কৰা হৈছে কৰ্মশালাখন ।

উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ বাবে মিজোৰামত জনজাতীয় কলা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । এই কৰ্মশালাত মিজোৰামৰ ১০ খন জিলাৰ ১১০ গৰাকী শিল্পীক ৬ টা গোটত বিভক্ত কৰা হ'ব । ৮ মাৰ্চৰ পৰা, প্ৰতিটো গোটে এক নিৰ্দিষ্ট সময়ত তেওঁলোকে তেওঁলোকৰ সকলো কলা-পৰিদৰ্শন আদি অনলাইনযোগে উপস্থাপন কৰিব পাৰিব ।

পোনপ্ৰথমবাৰৰ বাবে মিজোৰামত জনজাতীয় কলা কৰ্মশালা অনুষ্ঠিত
পোনপ্ৰথমবাৰৰ বাবে মিজোৰামত জনজাতীয় কলা কৰ্মশালা অনুষ্ঠিত

উক্ত অনুষ্ঠানত সমাজ কল্যাণ আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ সঞ্চালক এ ভানলালজাৱানীয়ে কয় যে, জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ অধীনত জনজাতীয় কলা প্ৰদৰ্শনৰ বাবে বিভিন্ন মঞ্চ আছে । জনজাতীয় পৰিচয়ৰ ওপৰত আলোকপাত কৰাৰ বাবে ই এক মহান মঞ্চ বুলিও উল্লেখ কৰে সঞ্চালকগৰাকীয়ে ।

মন কৰিবলগীয়া যে, মিজোৰামৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষত উদ্বোধন কৰিবলৈ ইতিমধ্যে যো-জা চলোৱা হৈছে । এই প্ৰতিষ্ঠানে জনজাতীয় সংস্কৃতি আৰু ঐতিহ্য পৰম্পৰা আৰু প্ৰচাৰৰ উদ্দেশ্য পূৰণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত ম্যানমাৰৰ তিনি আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.