Territorial army took charges in Manipur : মণিপুৰত টেৰিটৰিয়েল আৰ্মীক শক্তিৰ সুৰক্ষাৰ দায়িত্ব
Published: May 22, 2023, 5:35 PM


Territorial army took charges in Manipur : মণিপুৰত টেৰিটৰিয়েল আৰ্মীক শক্তিৰ সুৰক্ষাৰ দায়িত্ব
Published: May 22, 2023, 5:35 PM
মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ শক্তি প্ৰতিষ্ঠানত পৰিছে (Manipur violence impact on energy establishment)। কৰ্মচাৰীৰ অভাৱৰ বাবে তেল ইনষ্টলেচন চেণ্টাৰবোৰ বন্ধ হৈ পৰিছে । যাৰ বাবে এই দিশসমূহ পৰ্যালোচনাৰ দায়িত্ব দিয়া হৈছে টেৰিটৰিয়েল আৰ্মীক । ইম্ফলত উপস্থিত হৈ বেটেলিয়নটোৱে কাম আৰম্ভ কৰিছে ।
তেজপুৰ,২২ মে' : মণিপুৰত হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Manipur violence)। ইয়াৰ মাজতে শক্তি প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তাৰ দায়িত্ব দেশৰ আঞ্চলিক সেনাক দিয়া হৈছে । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনোৱা মতে মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে তেল বিপণন কোম্পানীৰ কৰ্মচাৰীসকলে নিৰাপত্তাজনিত কাৰণত প্ৰতিষ্ঠানসমূহত উপস্থিত হ'ব পৰা নাই ।
সেয়েহে কৰ্মচাৰী উপলব্ধ নোহোৱাৰ বাবে কিছুমান প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ কৰা হৈছে আৰু কিছুমান সঠিকভাৱে কাৰ্যক্ষম হৈ থকা নাই । এনে পৰিস্থিতিত, ইম্ফল এভিয়েচন ফুৱেলিং ষ্টেচন, মালোম বাল্ক অইল ডিপো আৰু চেকমাই এলপিজি বটলিং প্ৰকল্প কাৰ্যকৰী কৰাৰ বাবে আঞ্চলিক সেনা বা টেৰিটৰিয়েল আৰ্মী মোতায়েন কৰা হৈছে (Territorial Army deployed in Manipur)।
বেটেলিয়নটোক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ কাৰ্যক্ষম নোহোৱা আৰু কৰ্মচাৰীৰ অভাৱ হৈ থকা তৈল প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব দিয়া হৈছে যাতে বিমানত ইন্ধন ভৰোৱাৰ কামবোৰো নিৰীক্ষণ কৰিব পাৰে । বেটেলিয়নটোক দায়িত্ব দিয়াৰ পাছতে ৪৮ ঘণ্টাৰ ভিতৰত দলটো ইম্ফলত উপস্থিত হয় । ইফালে ১২ ঘণ্টাৰ ভিতৰত মালোম ডিপোটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাৰ চেষ্টা কৰা হৈছে ।
জানিব পৰা মতে, ডিপোটোৱে পূৰ্বৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে আকৌ প্ৰাথমিক কামবোৰ পৰ্যৱেক্ষণ কৰাৰ লগতে চেকামাই এলপিজি বটলিং প্ৰকল্পৰ কামত সহায় কৰিবলৈ দেশৰ টেৰিটৰিয়েল আৰ্মীক দায়িত্ব দিয়া হৈছে (Territorial Army in Manipur)।
৪১৪ এএছচি বেটেলিয়ন মাৰ্কেটিং (টেৰিটৰিয়েল আৰ্মী) হৈছে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ১৯৮৩ চনত ভাৰত চৰকাৰে গঠন কৰা বেটেলিয়নৰ ভিতৰত অন্যতম । বেটেলিয়নটো বিপণন বিভাগৰ সৈতে জড়িত আৰু ইণ্ডিয়ান অইলত ইয়াৰ ১০০ৰো অধিক কৰ্মচাৰী আছে । এই কৰ্মচাৰীসকলক সেনা আৰু ইণ্ডিয়ান অইলে যিকোনো তেল ইনষ্টলেচন (পি.ও.এল./এল.পি.জি./এভিয়েচন) স্বতন্ত্ৰভাৱে চম্ভালিবলৈ প্ৰশিক্ষণ দিয়ে । তেওঁলোকক সময়ে সময়ে সমগ্ৰ দেশত বিভিন্ন তেল ইনষ্টলেচনৰ সূক্ষ্ম তাৎপৰ্যৰ বিষয়েও অৱগত কৰা হয় ।
লগতে পঢ়ক :West Bengal Blast: পশ্চিমবংগৰ আতচবাজী কাৰখানাত বিস্ফোৰণ: ৩ জন নিহত
