West Bengal Blast: পশ্চিমবংগৰ আতচবাজী কাৰখানাত বিস্ফোৰণ: ৩ জন নিহত

author img

By

Published : May 22, 2023, 2:03 PM IST

West Bengal Blast

পশ্চিমবংগৰ আতচবাজী কাৰখানাত এসপ্তাহত দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা ৷ এই ঘটনাত আতচবাজী কাৰখানাৰ স্বত্বাধিকাৰীৰ পত্নীৰ লগতে পত্নীৰ মাতৃসহ আন এজন নিহত ৷

নেশ্যনেল ডেস্ক, ২২ মে’: পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাৰ এগ্ৰাৰ পাচত এইবাৰ পুনৰ জিলাখনৰ আন এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা । জিলাখনৰ দক্ষিণ ২৪-পৰগণাৰ বাজবাজ অঞ্চলৰ এটা আতচবাজী কাৰখানাত সংঘটিত এই বিস্ফোৰণত তিনিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয় (3 Killed In Explosion While Making Firecrackers) । বাজবাজৰ অৰ্ন্তগত নন্দৰামপুৰৰ দাসপাৰাৰ এটা গুদামত অৱস্থিত এই আতচবাজী কাৰখানাত দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় বিস্ফোৰণটো (Several dead in explosion at cracker factory) ।

বিস্ফোৰণটো নন্দৰাম বেলৰ গুদামৰ চাদত সংঘটিত হৈছিল । বিস্ফোৰণটোত নিহতসকলক ক্ৰমে পম্পা ঘান্তি (৪৫), জয়শ্ৰী ঘান্তি (৯০) আৰু যমুনা দাস (৬৫) বুলি চিনাক্ত কৰা হৈছে । ঘটনাস্থলীতে তিনিওৰে মৃত্যু হোৱাৰ কথা জানিব পৰা হৈছে । জানিব পৰা মতে পম্পা আতচবাজী কাৰখানাৰ স্বত্বাধিকাৰীৰ নন্দৰাম ঘান্তীৰ পত্নী আছিল ৷ আনহাতে জয়শ্ৰী আছিল পম্পাৰ মাতৃ আৰু যমুনা দাস তেওঁলোকৰ চুবুৰীয়া আছিল ।

বিস্ফোৰণৰ পিচত, মহেশতলা আৰু বাজবাজ আৰক্ষী থানাৰ এটা বৃহৎ দল অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে বহু চেষ্টাৰ পাচত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে, অগ্নিনিৰ্বাপক বাহিনীয়ে এতিয়াও ঘটনাস্থলীত অভিযান অব্যাহত ৰাখিছে যাতে এই জুই পুনৰ বিয়পি নপৰে । ইফালে আৰক্ষীয়ে মৃত লোককেইজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

ইয়াৰ পূৰ্বে মঙলবাৰে পূব মেদিনীপুৰৰ এগ্ৰাৰ এটা আতচবাজী কাৰখানাতো বিস্ফোৰণ সংঘটিত হৈছিল (cracker factory in West Bengal on fire) ৷ এই বিস্ফোৰণত প্ৰায় ৯ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন গুৰুতৰভাৱে আহত হৈছিল । বিস্ফোৰণৰ প্ৰভাৱ ইমানেই বৃহৎ আছিল যে আৱাসিক অট্টালিকাত চলি থকা কাৰখানাটো ধ্বংসস্তুপত পৰিণত হয় (West Bengal Blast) ।

লগতে পঢ়ক: Explosion in Egra: আতচবাজীকাৰখানাত হোৱা প্ৰচণ্ড বিস্ফোৰণত ৯ জন নিহত; NIA ৰ তদন্ত বিচাৰিছে বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.