ETV Bharat / bharat

মধ্যপ্ৰদেশত বাছ-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ, জীৱন্তে অগ্নিদগ্ধ হৈ 12 জন লোক মৃত্যু

author img

By PTI

Published : Dec 28, 2023, 7:14 AM IST

মধ্যপ্ৰদেশৰ (Madhya Pradesh)গুনা জিলাত ভয়ংকৰ ঘটনা ৷ বুধবাৰে নিশাৰ ভাগত দাউ দাউকৈ জ্বলি উঠিল এখন দুৰ্ঘটনাগ্ৰস্ত বাছ(Bus catches fire) ৷ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ 12 জনকৈ লোক নিহত হৈ বুলি জানিব পৰা গৈছে ৷

terrible road accident in guna district of madhya pradesh
মধ্যপ্ৰদেশত বাছ ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক, 28 ডিচেম্বৰ : বুধবাৰে নিশা মধ্যপ্ৰদেশৰ গুনা জিলাত ভয়ংকৰ ঘটনা ৷ এখন বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলতে জীৱন্তে অগ্নিদগ্ধ হৈ 12 জন লোকৰ মৃত্যু হোৱাৰ লগতে 14 জনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত প্ৰকাশ পোৱা বাতৰি অনুসৰি, মধ্যপ্ৰদেশৰ গুনা-হাৰোণ পথত নিশা প্ৰায় ৯ বজাত এখন বাছ আৰু ডাম্পাৰৰ মাজত প্ৰথমে মুখামুখি সংঘৰ্ষ হয় ৷ তাৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত বাছখনত হঠাৎ জুইৰ সুত্ৰপাত হয় ৷ দাউ দাউকৈ জ্বলি উঠা জুইৰ লেলিহান শিখাই আগুৰি ধৰে বাছখন ৷ ইফালে বাছখনত 30 জনকৈ যাত্ৰী আছিল ৷ জুইৰ ফলত জীৱন্তে আগ্নিদগ্ধ হৈ 12 জনকৈ যাত্ৰী নিহত হোৱাৰ লগতে 14 জনকৈ লোক আহত হয় ৷

ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ৷ ঘটনাৰ সন্দৰ্ভত গুণা জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, নিশা প্ৰায় ৯ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ ডাম্পাৰখন গুণাৰ দিশে গৈ আছিল আৰু বাছখন হাৰোণৰ দিশে গৈ আছিল ৷ তেনে সময়তে দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত 30 জনকৈ যাত্ৰী আছিল, তাৰে 12 জন নিহত আৰু 14 জন আহত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে চাৰিজনকৈ লোকে কোনো মতে বাছখনৰ পৰা ওলাই যাবলৈ সক্ষম হয় ।

আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মীয়সকলক 4 লাখ টকা, আহতসকলৰ বাবে 50 হাজাৰ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰে । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী যাদৱে তদন্তৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : চেন্নাই সাৰ কাৰখানাত এমোনিয়া গেছ নিৰ্গমন; চিকিৎসালয়ত ভৰ্তি কেইবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.