ৰন্ধন গেছৰ চিলিণ্ডাৰত প্ৰধানমন্ত্ৰীৰ ফটো লগাই বিত্তমন্ত্ৰীক ঠাট্টা-মস্কৰা তেলেংগানাত

author img

By

Published : Sep 3, 2022, 9:39 PM IST

Modi photo on LPG cylinder

‘‘মোদী জী Rs 1105’’ ৷ তেলেংগানাত ৰন্ধন গেছৰ ছিলিণ্ডাৰত দেখা গ’ল এই দৃশ্য (Modi photo on LPG cylinder)৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেলেংগানাৰ এখন দোকানত প্ৰধানমন্ত্ৰী মোদীৰ ফটো নেদেখি জবাবদিহি কৰাৰ পাছতে এই দৃশ্য দেখা গ’ল (Finance Minister Nirmala Sitharaman in Telangana) ৷

নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ: এল পি জি চিলিণ্ডাৰৰ দাম বৃদ্ধিক লৈ বিৰোধী দলৰ নেতা-মন্ত্ৰীয়ে প্ৰায়েই সমালোচনা কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো লগাই ঠাট্টা-মস্কৰা কৰাৰ ঘটনা সংঘটিত হৈছে তেলেংগানাত (Modi photo on LPG cylinder)৷ এই সন্দৰ্ভত তেলেংগানাৰ শাসকীয় দল টি আৰ এছৰ(Telangana Rashtra Samithi)ৰ ছ’চিয়েল মিডিয়া আহ্বায়ক কৃষ্ণ কেয়ে টুইট কৰে ৷

ৰন্ধন গেছৰ চিলিণ্ডাত প্ৰধানমন্ত্ৰীৰ ফটো লগাই বিত্তমন্ত্ৰীক ঠাট্টা-মস্কৰা তেলেংগানাত

উল্লেখ্য যে শুকুৰবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেলেংগানাৰ বিৰকোড়ৰ এখন ৰেচনৰ দোকান পৰিদৰ্শন কৰে (Finance Minister Nirmala Sitharaman in Telangana)। দোকানখন পৰিদৰ্শন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে দোকানখনত কিয় প্ৰধানমন্ত্ৰীৰ ছবি নাই ? স্থানীয় দণ্ডাধীশক এই সন্দৰ্ভত তেওঁ জবাবদিহি কৰাৰো অভিযোগ উত্থাপন হৈছিল ৷

সেয়েহে শনিবাৰে চিলিণ্ডাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো লগাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনোৱা বুলি উল্লেখ কৰে টি আৰ এছে ৷ ৰন্ধন গেছৰ ছিলিণ্ডাৰত লগোৱা প্ৰধানমন্ত্ৰী মোদীৰ ফটোখনৰ লগতে লিখা হৈছে- ‘‘Modi Ji Rs 1105’’.

লগতে পঢ়ক: ত্ৰিপুৰা-বাংলাদেশৰ বাণিজ্যিক সমস্যা গ্ৰহণ কৰিবলৈ সন্মত প্ৰধানমন্ত্ৰী : ত্ৰিপুৰা চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.