ETV Bharat / bharat

Thane minor girl murder : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান, কিশোৰীক ছুৰীকাঘাত যুৱকৰ

author img

By

Published : Aug 17, 2023, 12:00 PM IST

দুবাৰকৈ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল কিশোৰীগৰাকীয়ে । মাতৃৰ সন্মুখতে কিশোৰীক ছুৰীৰে আক্ৰমণ । কিশোৰীৰ মৃত্যুত মৰ্মাহত থানেৰ ৰাইজ । অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ ।

Thane minor girl murder
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কিশোৰীক ছুৰীকাঘাত যুৱকৰ

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট: মহাৰাষ্ট্ৰৰ থানেত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী কিশোৰীক ছুৰীকাঘাত যুৱকৰ । ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰাত মৃত্যু কিশোৰীগৰাকীৰ । থানে কল্যাণ পূবৰ তিচগাঁও অঞ্চলত সংঘটিত হৈছে এই ঘটনাটো । এজন ২০ বছৰীয়া যুৱকে ১১ বছৰীয়া কিশোৰীক তীক্ষ্ণ ছুৰীৰে ৭-৮বাৰ আঘাত কৰে । এই ঘটনাটো নিশা প্ৰায় ৮ মান বজাত সংঘটিত হৈছে । কিশোৰীগৰাকীক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

এই ঘটনাটোৰ পাছতে মহাৰাষ্ট্ৰত পুনৰ মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে । জানিব পৰা মতে কিশোৰীগৰাকী টিউচনৰ পৰা আহি আছিল । সেই সময়তে যুৱজনে তেওঁক আক্ৰমণ কৰে । যুৱকজন আদিত্য কাম্বল বুলি চিনাক্ত হৈছে । আক্ৰমণকাৰী আদিত্য স্থানীয় লোকসকলে কৰায়ত্ত কৰি কলচেৱাদি আৰক্ষীক গতাই দিয়ে ।

আৰক্ষী সূত্ৰই জনোৱা মতে, সন্ধিয়া প্ৰায় ৭ মান বজাত অঞ্চলটোলৈ গৈছিল আৰু স্থানীয় লোকক কিশোৰীগৰাকীৰ কথা সুধিছিল । কিমান সময়ত ঘৰলৈ আহিব তেওঁ সুধিছিল আৰু কিশোৰীগৰাকী অহালৈ যুৱকজন ৰৈ আছিল । আৱাসীসকলে কেতিয়াও ভবা নাছিল যে যুৱকজনে সেই ঘটনা সংঘটিত কৰিব ।

ইফালে কিশোৰীগৰাকীয়ে মাতৃৰ সৈতে টিউচনৰ পৰা ঘৰলৈ আহি আছিল । সেই সময়তে আদিত্যই পিছফালৰ পৰা আহি কিশোৰীগৰাকীৰ মাতৃক ঠেলি দিয়ে আৰু কিশোৰীগৰাকীক ছুৰীৰে আক্ৰমণ কৰে । মাতৃয়ে কিশোৰীগৰাকীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল ।

কিশোৰীগৰাকীয়ে বুকুত গুৰুতৰ আঘাত পাইছিল আৰু তলত বাগৰি পৰিছিল । কিশোৰীগৰাকীৰ মাতৃয়ে চিঞৰ বাখৰ কৰাৰ লগে লগে স্থানীয় লোকসকল দৌৰি আহে । কিন্তু আক্ৰমণকাৰী আদিত্যই সেই স্থানৰ পৰা পলায়ন কৰে । অৱশ্যে পাছত স্থানীয় লোকসকলে আক্ৰমণকাৰী যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । অভিযুক্ত যুৱকজন তিচগাঁওৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

আৰক্ষী সূত্ৰই জনোৱা মতে যুৱকজনে কিশোৰীগৰাকীক দুবাৰকৈ প্ৰেমৰ প্ৰস্তাৱ দিছিল । কিন্তু কিশোৰীগৰাকীয়ে তাক অস্বীকাৰ কৰিছিল । যাক লৈ যুৱকজন অসন্তুষ্ট আছিল । আৰক্ষীয়ে সন্দেহ কৰা মতে সম্ভৱত প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ প্ৰতিশোধ ল'বলৈ যুৱকজনে কিশোৰীগৰাকীক আক্ৰমণ কৰিছে । ইতিমধ্যে আৰক্ষীযে যুৱকজনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । কিন্তু সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত ৰাইজৰ মাজত তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে । কিশোৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশেও বিৰাজ কৰিছে ।

লগতে পঢ়ক :Raniga woman death: স্বামীৰ বিবাহ বহিৰ্ভূত প্ৰেম, গৰ্ভৱতী পত্নীয়ে কৰিলে আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.