ETV Bharat / bharat

শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আৰক্ষী বিষয়াৰ মৃত্যু

author img

By

Published : Sep 13, 2021, 2:26 PM IST

দেওবাৰে শ্ৰীনগৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত আঘাতপ্ৰাপ্ত নৱ নিযুক্তিপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শক আৰ্শ্বিদ আহমেদ মীৰৰ মৃত্যু ৷ সন্ত্ৰাসবাদীৰ আক্ৰমণক কাপুৰুষালি আখ্যা জম্মু-কাশ্মীৰ আৰক্ষীৰ ৷ সন্ত্ৰাসবাদী যথোচিত শাস্তি দিয়াৰ হুংকাৰ জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ ৷

Police officer killed in terrorist attack in Srinagar
শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আৰক্ষী নিহত

নেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ : দেওবাৰে শ্ৰীনগৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱালে নতুনকৈ নিযুক্তি প্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শক আৰ্শ্বিদ আহমেদ মীৰে ৷ আৰ্শ্বিদৰ নশ্বৰ দেহ দেওবাৰে সন্ধিয়া তেওঁৰ অন্তিম সংস্কাৰৰ বাবে জম্মু-কাশ্মীৰৰ কুপৱাৰা(Jammu and Kashmir's Kupwara)ত থকা তেওঁৰ ঘৰলৈ লৈ যোৱা হয় ৷

দেওবাৰে আবেলি শ্ৰীনগৰৰ Khanyar অঞ্চলত সংঘটিত এক উগ্ৰপন্থীৰ আক্ৰমণত আৰ্শ্বিদ আহমেদ মীৰ আহত হৈছিল ৷ উগ্ৰপন্থীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত মীৰে অৱশেষত মৃত্যুক সাৱটি লয় ৷ টুইটযোগে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই কথা সদৰী কৰে ৷ সন্ত্ৰাসবাদীৰ এই আক্ৰমণক কাপুৰুষালি আখ্যা দি জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে কয়, "শ্ৰীনগৰৰ Khanyar ত সন্ত্ৰাসবাদীৰ কাপুৰুষোচিত আক্ৰমণত Probation Sub-Inspector আৰ্শ্বিদ আহমেদ মীৰ গুৰুতৰভাৱে আহত হয় ৷ তেওঁক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ স্বৰ্গগামী হয়" ৷

এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে কয়, "আমি এজন সাহসী যুৱ বিষয়াক হেৰুৱাইছো ৷ এয়া আমাৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে অতি দুখজনক ক্ষতি ৷ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷ ঘটনাত জড়িত অপৰাধীসকলক চিনাক্ত কৰা হৈছে ৷ তেওঁলোকক আইনৰ সন্মুখীন হ'ব লাগিব" ৷

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এই কাৰ্যক গৰিহণা দিছে ৷ তেওঁ টুইটযোগে কয়, "আমাৰ সাহসী আৰক্ষী বিষয়া আৰ্শ্বিদ আহমেদ মীৰক সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে হত্যা কৰা কাৰ্যক মই তীব্ৰ গৰিহণা দিছো ৷ এয়া মানৱতা আৰু শান্তিৰ শত্ৰুসকলৰ কাম ৷ তেওঁৰ সৰ্বোচ্চ ত্যাগ বৃথা নহয় ৷ সন্ত্ৰাসবাদীৰ এই কাৰ্যৰ বাবে শাস্তি প্ৰদান কৰা হ'ব ৷ শ্বহীদৰ পৰিয়াললৈ আন্তৰিক সমবেদনা" ৷

লগতে পঢ়ক : শ্ৰীনগৰত উগ্ৰপন্থীৰ আক্ৰমণ : আৰক্ষী বিষয়া আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.