ETV Bharat / bharat

শ্ৰীনগৰত উগ্ৰপন্থীৰ আক্ৰমণ : আৰক্ষী বিষয়া আহত

author img

By

Published : Sep 12, 2021, 6:09 PM IST

শ্ৰীনগৰৰ Khanyar অঞ্চলত অচিনাক্ত উগ্ৰপন্থীৰ আক্ৰমণ ৷ উগ্ৰপন্থীৰ আক্ৰমণত আহত হৈছে এজন আৰক্ষী উপ-পৰিদৰ্শক ৷ আহত আৰক্ষী বিষয়াজন Khanyar আৰক্ষীৰ অধিকাৰ ক্ষেত্ৰত প্ৰবেচনেৰী প্ৰশিক্ষণত(Probationary Training at Khanyar police jurisdiction) আছিল ৷

Militant attack in khanyar Srinagar
শ্ৰীনগৰত উগ্ৰপন্থীৰ আক্ৰমণ

নেশ্যনেল ডেস্ক , 12 ছেপ্তেম্বৰ : দেওবাৰে আবেলি শ্ৰীনগৰৰ Khanyar অঞ্চলত সংঘটিত এক উগ্ৰপন্থীৰ আক্ৰমণত এজন আৰক্ষী উপ-পৰিদৰ্শক গুৰুতৰভাৱে আহত হৈছে ৷ আহত আৰক্ষী উপ-পৰিদৰ্শকজন জম্মু-কাশ্মীৰ আৰক্ষীৰ বুলি জানিব পৰা গৈছে ৷

আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে, Khanyar অঞ্চলত কোনো অচিনাক্ত উগ্ৰপন্থীয়ে এটা আৰক্ষী দলৰ ওপৰত গুলীচালনা কৰাৰ ফলত আৰ্ছিদ আহমেদ নামৰ আৰক্ষী উপ-পৰিদৰ্শকগৰাকী আহত হৈছে ৷ আহত আৰক্ষী বিষয়াগৰাকীক চিকিৎসাৰ বাবে লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষী বিষয়গৰাকী কুপৱাৰা(Kupwara) জিলাৰ আৰু তেওঁ Khanyar আৰক্ষীৰ অধিকাৰ ক্ষেত্ৰত প্ৰবেচনেৰী প্ৰশিক্ষণত(Probationary Training at Khanyar police jurisdiction) আছিল ৷ বিষয়াসকলে জানিবলৈ দিয়া মতে, আক্ৰমণকাৰীসকলক কৰায়ত্ব কৰাৰ উদ্দেশ্যে সমগ্ৰ অঞ্চল ঘেৰাও কৰি ৰখা হৈছে ৷ ঘটনা সন্দৰ্ভত এটা গোচৰো ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.