ETV Bharat / bharat

এএফচি টুৰ্ণামেণ্ট খেলাৰ অনুমতি দিবলৈ ফিফাক অনুৰোধ ক্ৰীড়া মন্ত্ৰালয়ৰ

author img

By

Published : Aug 19, 2022, 8:35 PM IST

Updated : Oct 29, 2022, 2:57 PM IST

ভাৰতীয় ক্ৰীড়া মন্ত্ৰালয়ে বিশ্ব ফুটবল নিয়ন্ত্ৰক সংস্থা ফিফা (FIFA) আৰু এছিয়ান ফুটবল কনফেডাৰেচন (Asian Football Confederation)ক সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (All India Football Federation)ৰ ওপৰত নিষেধাজ্ঞা থকা সত্ত্বেও ভাৰতীয় ক্লাব শ্ৰী গোকুলাম কেৰালা এফ চি আৰু এটিকে মোহন বাগানক নিৰ্ধাৰিত সূচী অনুসৰি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছে (Sports Ministry requested FIFA and AFC to allow Indian clubs) ।

FIFA
FIFA

স্পৰ্টছ ডেস্ক, ১৯ আগষ্ট : ভাৰতীয় ক্ৰীড়া মন্ত্ৰালয়ে বিশ্ব ফুটবল নিয়ন্ত্ৰক সংস্থা ফিফা (FIFA) আৰু এছিয়ান ফুটবল কনফেডাৰেচন (Asian Football Confederation)ক সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (All India Football Fedaration)ৰ ওপৰত নিষেধাজ্ঞা থকা সত্ত্বেও ভাৰতীয় ক্লাব শ্ৰী গোকুলাম কেৰালা এফ চি আৰু এটিকে মোহন বাগানক নিৰ্ধাৰিত সূচী অনুসৰি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছে (Sports Ministry requested FIFA and AFC to allow Indian clubs) ।

উল্লেখ্য, ফিফাই সোমবাৰে দিনটোৰ শেষৰ ফালে অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (AIFF)ক নিৰ্বাসন কৰাৰ (FIFA suspending All India Football Federation) লগে লগে গোকুলাম কেৰালা মহিলা দলে ইতিমধ্যে তেওঁলোকৰ দ্বিতীয় এএফচি মহিলা ক্লাব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ উজবেকিস্তানত উপস্থিত হোৱাৰ পিছতো এক বিশৃংখলতা সৃষ্টি হয় । মহিলা দলটোৱে অহা ২৩ আগষ্টত ইৰাণৰ এটা দলৰ বিৰুদ্ধে আৰু ২৬ আগষ্টত কাৰ্চীত আয়োজক ৰাষ্ট্ৰৰ এটা দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কৰাৰ কথা আছিল । আনহাতে, এটিকে মোহন বাগানে ৭ ছেপ্টেম্বৰত বাহৰেইনত এএফচি কাপ ২০২২ (আন্তঃ-মাণ্ডলিক ছেমিফাইনেল) খেলিবলগা আছে ।

ক্ৰীড়া মন্ত্ৰালয়ে ফিফা আৰু এএফচিলৈ এটা ইমেইল প্ৰেৰণ কৰিছে (Indian Sports Ministry wrote email to FIFA and AFC) । তাত লিখিছে, তেওঁলোকক এই কথা অৱগত কৰাব বিচৰা হৈছে যে ফিফাই এআইএফএফক নিৰ্বাসন কৰাৰ সময়ত গোকুলাম কেৰালা ইতিমধ্যেই উজবেকিস্তানত আছিল । মন্ত্ৰালয়ে এক বিজ্ঞপ্তিত কয়, "সেয়েহে ইয়াৰ দ্বাৰা ফিফা আৰু এএফচিক যুৱ খেলুৱৈসকলৰ স্বাৰ্থত দলটোক এএফচি মহিলা ক্লাব চেম্পিয়নশ্বিপ (পশ্চিম অঞ্চল)ত খেলিবলৈ (AFC Women Club Championship) অনুমতি দিয়াৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে ।"

মন্ত্ৰালয়ে লগতে কয়, "উজবেকিস্তানৰ ভাৰতীয় দূতাবাসৰ (Indian embassy in Uzbekistan) ওচৰলৈ গৈ দলটোক সকলো সম্ভৱ উপায়েৰে সহায় আগবঢ়াইছে । মন্ত্ৰালয়ে গোকুলাম দলৰ পৰিচালনা সমিতিৰ সৈতেও নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে ।" আনহাতে, নিৰ্বাসনৰ বাতৰিৰ পিছত গোকুলম কেৰালা মহিলা দলৰ সভাপতি ভিচি প্ৰবীণে খেলুৱৈসকলৰ কাষত থিয় হৈ তেওঁৰ ফালৰ পৰা ক্ৰীড়া মন্ত্ৰালয়লৈ ফোন কৰিছিল ।

ক্ৰীড়া মন্ত্ৰালয়ে সেই সময়ত তৎক্ষণাৎ বিষয়টো এএফচিৰ ওচৰত দাঙি ধৰিছিল । যাৰ ফলত দলটোক তাচখণ্ডত থখাৰ সময় 48 ঘণ্টালৈ সম্প্ৰসাৰণৰ প্ৰস্তাৱ দিছিল । উল্লেখ্য, সোমবাৰে ফিফাই ভাৰতক 'তৃতীয় পক্ষৰ পৰা অযথা প্ৰভাৱ' খটুওৱাৰ বাবে নিৰ্বাসিত কৰে আৰু কয় যে অনূৰ্ধ্ব-17 মহিলা বিশ্বকাপ 'বৰ্তমান পৰিকল্পনা অনুসৰি ভাৰতত অনুষ্ঠিত কৰিব নোৱাৰি' । ফিফাৰ 85 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এইটো এআইএফএফক নিৰ্বাসন । বিশ্ব ফুটবলৰ শীৰ্ষ সংস্থাটোৱে কয় যে ইয়াত 'ফিফা আইনৰ স্পষ্ট উলংঘন' হৈছে ।

লগতে পঢ়ক :ভাৰত বাংলাদেশ সীমান্তত উগ্ৰপন্থীৰ এম্বুশ্বত শ্বহীদ বিএছএফ জোৱান

Last Updated : Oct 29, 2022, 2:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.