ETV Bharat / bharat

ভাৰত বাংলাদেশ সীমান্তত উগ্ৰপন্থীৰ এম্বুশ্বত শ্বহীদ বিএছএফ জোৱান

author img

By

Published : Aug 19, 2022, 4:07 PM IST

BSF jawan martyred in Tripura
BSF jawan martyred in Tripura

ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তত উগ্ৰপন্থীৰ এম্বুশ্ব (NLFT ambush in Tripura border)৷ নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ ত্ৰিপুৰা চমুকৈ এনএলএফটিৰ সদস্যৰ অতৰ্কিত আক্ৰমণত শ্বহীদ হয় জোৱানজন (NLFT ambush in Tripura border)৷

আগতলা, 19 আগষ্ট : ত্ৰিপুৰাত এনএলএফটিৰ ভয়ংকৰ এম্বুশ্ব (Ambush by extremists in Tripura)৷ উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱালে এজন বিএছএফৰ জোৱানে (BSF jawan martyred in Tripura) ৷ শ্বহীদ জোৱানজন বিএছএফৰ হেড কনিষ্টবল গৃজেশ কুমাৰ বুলি জানিব পৰা গৈছে ৷ নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ ত্ৰিপুৰা চমুকৈ এনএলএফটিৰ সদস্যৰ অতৰ্কিত আক্ৰমণত শ্বহীদ হয় জোৱানজন (NLFT ambush in Tripura border)৷

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত চোৰাংচোৱা সূত্ৰই কয় যে, পুৱা প্ৰায় 8.30 বজাত ভাৰত-বাংলাদেশ সীমান্তৰ আনন্দবজাৰ থানাৰ অন্তৰ্গত ছিমনাপুৰ সীমান্ত পহৰা চকীৰ সমীপত সংঘটিত হৈছে এই ঘটনা (BSF jawan killed in Bangladesh border) ৷

তথ্য অনুসৰি, আন দিনৰ দৰে আজিও বিএছএফৰ জোৱান সকলে সীমান্তত পহৰা দি আছিল ৷ হঠাৎ এনএলএফটিৰ সদস্যই কাঁইটীয়া তাঁৰৰ সিপাৰৰ পৰা জধে-মধে বিএছএফৰ জোৱানলৈ লক্ষ্য কৰি গুলী চালনা কৰে (BSF NLFT encounter in Tripura) ৷

বিএছএফৰ জোৱানসকলেও গুলীৰ প্ৰত্যুত্তৰ দিয়ে ৷ কিন্তু দুৰ্ভাগ্যবশতঃ উগ্ৰপন্থীৰ গুলীয়ে প্ৰাণ কাঢ়ি নিয়ে গৃজেশ কুমাৰৰ ৷ তেওঁ বিএছএফৰ 145 বেটেলিয়ানৰ হেড কনিষ্টবল আছিল ৷ সূত্ৰটোৱে লগতে কয় যে, বিএছএফৰ জোৱানেও উপৰ্জুপৰি গুলীচালনা কৰাত উগ্ৰপন্থীৰ দলটো বাংলাদেশৰ ফালে থকা ঘন জংঘললৈ পলাই যায় ৷

লগতে পঢ়ক: মণিপুৰৰ ভূমিস্খলনত নিহত সৈনিকৰ পত্নীক সাক্ষাৎ কৰি ক্ষতিপূৰণ প্ৰদান ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.