ETV Bharat / bharat

মণিপুৰৰ ভূমিস্খলনত নিহত সৈনিকৰ পত্নীক সাক্ষাৎ কৰি ক্ষতিপূৰণ প্ৰদান ৰাজনাথ সিঙৰ

author img

By

Published : Aug 19, 2022, 9:39 AM IST

বৃহস্পতিবাৰে পশ্চিমবংগৰ শিলিগুৰিৰ সমীপৰ বেংডুবি সামৰিক ঘাটিত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh meets wives of soldiers killed in Tupul landslide) । অনুষ্ঠানত অংশগ্ৰহণ কৰি বিগত জুলাই মাহত মণিপুৰৰ টুপুলত সংঘটিত হোৱা ভূমিস্খলনত নিহত সৈনিকসকলৰ পত্নীক সাক্ষাৎ কৰি ক্ষতিপূৰণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Defence Minister gives a compensation of Rs 7 lakh) ।

defence minister rajnath singh meets wives of army soldiers killed in tupul landslide provides compensation
টুপুল ভূমিস্খলনত নিহত সৈনিকৰ পত্নীক সাক্ষাৎ কৰি ক্ষতিপূৰণ প্ৰদান ৰাজনাথ সিঙৰ

নেশ্যনেল ডেস্ক,১৯ আগষ্ট: বৃহস্পতিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে মণিপুৰৰ টুপুলৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা ভাৰতীয় সেনা জোৱানসকলৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে(Rajnath Singh meets wives of soldiers killed in Tupul landslide) । সিঙে শিলিগুৰিৰ ওচৰৰ বেংডুবি সামৰিক ঘাটিত অনুষ্ঠিত 'বীৰাংগনা সন্মান সমাৰোহ'(Virangana Samman Samaroh) কাৰ্যসূচীৰ জৰিয়তে প্ৰতিগৰাকী শ্বহীদৰ পত্নীক ৭ লাখ টকাৰ চেক প্ৰদান কৰে(Defence Minister gives a compensation of Rs 7 lakh) ।

টুপুল ভূমিস্খলনত নিহত সৈনিকৰ পত্নীক সাক্ষাৎ কৰি ক্ষতিপূৰণ প্ৰদান ৰাজনাথ সিঙৰ

লগতে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । উক্ত ভূমিস্খলনৰ ঘটনাৰ পাছত ৩৫ জন সৈনিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানলৈ এজন সৈনিকৰ সন্ধান পোৱা হোৱা নাই । সিঙে উল্লেখ কৰে যে BJP নেতৃত্বাধীন চৰকাৰখনে সৈনিকৰ জীৱনৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে । কাৰণ সৈনিকসকলৰ ত্যাগৰ পৰিমাণ সকলো মূল্যৰ ওপৰত । তথাপিও শ্বহীদ সৈনিকসকলৰ পৰিয়ালৰ ভৱিষ্যতৰ স্বাৰ্থত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ১ কোটি ৩৩ লাখৰ পৰা ১ কোটি ৫২ লাখ টকাৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । লগতে যিকোনো পৰিস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁলোকৰ কাষত থকাৰ আশ্বাস প্ৰদান কৰে সিঙে ।

আনহাতে দাৰ্জিলিঙৰ বিজেপি সাংসদ ৰাজু বিষ্টাই ক্ষতিপূৰণৰ সিদ্ধান্তক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰক তীব্ৰ সমালোচনা কৰে । বিষ্টাই কয় যে তেওঁ বিষয়টোক লৈ ৰাজনীতি কৰিব নিবিচাৰে । কিন্তু মুখ্যমন্ত্ৰীয়ে শ্বহীদ সৈনিকসকলৰ পত্নীক গৃহৰক্ষী হিচাপে চাকৰি প্ৰদান কৰাৰ প্ৰস্তাৱটো এক অপমানজনক প্ৰস্তাৱ । তেওঁ দুখ প্ৰকাশ কৰি কয় যে মণিপুৰৰ দৰে এখন সৰু ৰাজ্যই তেওঁলোকৰ সৈনিকসকলৰ বাবে ক্ষতিপূৰণ হিচাপে পাঁচ লাখ টকা প্ৰদান কৰিছে । কিন্তু যেতিয়া পশ্চিমবংগৰ কথা আহে তেতিয়া চৰকাৰে মাত্ৰ দুই লাখ টকা দিছে ।

লগতে পঢ়ক: ৰামোজী ফিল্ম চিটি পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.