ETV Bharat / bharat

দেশৰ ক্ৰীড়া উদ্যোগ অসন্তুষ্ট; সাক্ষী মালিকৰ অৱসৰ সন্দৰ্ভত অলিম্পিক পদক বিজয়ী বীজেন্দ্ৰ সিং

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:02 PM IST

Sakshi Malik retirement : বক্সাৰ বীজেন্দ্ৰ সিঙে এক সংবাদমেল আহ্বান কৰি কয় যে শুকুৰবাৰে নতুন দিল্লীত ব্ৰীজভূষণ সিঙৰ সহায়ক সঞ্জয় সিঙক ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছত সাক্ষী মালিকৰ অৱসৰত ক্ৰীড়া উদ্যোগ অসন্তুষ্ট হৈছে ।

Vijender Singh on Sakshi Malik retirement
সাক্ষী মালিকৰ অৱসৰ সন্দৰ্ভত অলিম্পিক পদক বিজয়ী বীজেন্দ্ৰ সিং

সাক্ষী মালিকৰ অৱসৰ সন্দৰ্ভত বক্সাৰ বীজেন্দ্ৰ সিং

নিউজ ডেস্ক, ২২ ডিচেম্বৰ : কংগ্ৰেছ নেতা তথা তাৰকা বক্সাৰ বীজেন্দ্ৰ সিঙে শুকুৰবাৰে কয় যে ক্ৰীড়া উদ্যোগ সাক্ষী মালিকৰ অৱসৰৰ ঘোষণাত অসন্তুষ্ট । উল্লেখ্য যে ভাৰতীয় কুস্তি ফেডাৰেচনৰ (ডব্লিউএফআই) নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বৃহস্পতিবাৰে মল্লযোদ্ধা সাক্ষী মালিকে অৱসৰৰ কথা ঘোষণা কৰে ।

অলিম্পিক পদক বিজয়ী সাক্ষী মালিকে ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিৰ্বাচনৰ পিছত এক সংবাদমেল আয়োজন কৰি তেওঁ কুস্তিৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে । কিয়নো ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ সিঙৰ সহায়ক সঞ্জয় কুমাৰ সিঙে অনিতা শ্বেৰনক ৪০-৭ টা ভোটত পৰাস্ত কৰি ডব্লিউএফআইৰ নতুন সভাপতি হিচাপে নিযুক্ত হোৱাত অসন্তুষ্টি ব্যক্ত কৰে কেইবাগৰাকীও মল্লযোদ্ধাই ।

আনহাতে, ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বীজেন্দ্ৰ সিঙে সাংবাদিকৰ আগত কয় যে তেওঁ নিজৰ দলৰ সৈতে প্ৰতিগৰাকী খেলুৱৈ, প্ৰতিখন ষ্টেডিয়াম আৰু প্ৰতিটো 'আখাড়া'লৈ যাব আৰু মহিলা সুৰক্ষাৰ বিষয়ে তেওঁলোকৰ সৈতে কথা পাতিব । লগতে তেওঁলোকৰ সৈতে থিয় দিয়াৰ কথাও উল্লেখ কৰে ।

  • अगर आपकी मां-बहन-बेटी के साथ ऐसा हुआ होता, क्या तब भी आप लोग ऐसे ही चुप रहते या मोदी सरकार ऐसे ही चुप रहती।

    महिला पहलवानों के प्रोटेस्ट को बदनाम करने की कोशिश की गई।

    मैं पहले दिन से उनके साथ हूं और आगे भी साथ रहूंगा। मैं चाहता हूं कि उनके साथ न्याय हो।

    : @boxervijender जी pic.twitter.com/mgTgsONwyE

    — Congress (@INCIndia) December 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

"ক্ৰীড়া উদ্যোগ এই ঘটনাৰ (মল্লযোদ্ধা সাক্ষী মালিকৰ অৱসৰ) ওপৰত অসন্তুষ্ট । আমি প্ৰতিগৰাকী খেলুৱৈ, প্ৰতিখন ষ্টেডিয়াম আৰু প্ৰতিটো 'আখাড়া'লৈ যাম আৰু তেওঁলোকৰ সৈতে মহিলা সুৰক্ষা, খেলুৱৈসকলৰ নিযুক্তিৰ বিষয়ে কথা পাতিম আৰু আমি তেওঁলোকৰ সৈতে থিয় দিম ।" বীজেন্দ্ৰ সিঙে লগতে কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে এক সংবাদমেলত আৱেগিক হৈ চকুলো টোকে সাক্ষী মালিকে । তেওঁ কান্দি কান্দি কয়, "আমি ৰাজপথত ৪০ দিন শুই আছিলোঁ আৰু দেশৰ কেইবাটাও ঠাইৰ পৰা বহু লোকে আমাক সমৰ্থন কৰিবলৈ আহিছিল । যদি ব্ৰীজভূষণ সিঙৰ ব্যৱসায়িক অংশীদাৰ তথা এজন ঘনিষ্ঠ সহায়ক ডব্লিউএফআইৰ সভাপতি হিচাপে নিৰ্বাচিত হয়, মই কুস্তি ত্যাগ কৰিছোঁ...।"

আনহাতে, আন এগৰাকী প্ৰতিবাদী মল্লযুঁজাৰু বজৰং পুনিয়াই কয়, "দুৰ্ভাগ্যবশত চৰকাৰে তেওঁলোকৰ এই কথা ৰখা নাই যে ব্ৰীজভূষণৰ কোনো অনুগতই যাতে ডব্লিউএফআই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ।" আনহাতে, বিনেশ ফোগাতে কয়, "আগন্তুক দিনতো মহিলা মল্লযোদ্ধাসকল শোষণৰ সন্মুখীন হ'ব ।"

উল্লেখ্য যে ডব্লিউএফআই নিৰ্বাচনৰ পূৰ্বে কুস্তিবিদ বজৰং পুনিয়া আৰু সাক্ষী মালিকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰে আৰু ব্ৰীজভূষণৰ সৈতে জড়িত যিকোনো লোকক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিবলৈ তেওঁক বাৰে বাৰে অনুৰোধ কৰে । ফলস্বৰূপে ব্ৰীজভূষণৰ পুত্ৰ প্ৰতীক বা জোঁৱায়েক বিশাল সিঙে এই প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰা নাছিল ।

ইফালে মল্লযোদ্ধাসকলৰ প্ৰতিক্ৰিয়াৰ বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ব্ৰীজভূষণ সিঙে কয় যে তেওঁৰ এইবোৰৰ সৈতে কোনো সম্পৰ্ক নাই । তেওঁ কয়, "এইবোৰৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই ।"

লগতে পঢ়ক :মল্লযোদ্ধা বজৰং পুনিয়াই ঘূৰাই দিলে পদ্মশ্ৰী বঁটা; প্ৰধানমন্ত্ৰীলৈ বেদনা গধুৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.