ETV Bharat / bharat

COVID-১৯ ৰ ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত কৰ্ণাটকৰ ব্যক্তি

author img

By

Published : Mar 11, 2021, 8:14 PM IST

কৰ্ণাটকৰ শিৱমোগ্গাৰ এজন লোকৰ দেহত ধৰা পৰিছে দক্ষিণ আফ্ৰিকাত আৰম্ভ হোৱা COVID-১৯ ৰ ষ্ট্ৰেইনৰ উপস্থিতি । যোৱা ২২ ফেব্ৰুৱাৰীত ডুবাইৰ পৰা বেংগালুৰুলৈ আহিছিল এই লোকজন । তেওঁৰ সংস্পৰ্শলৈ অহা আন ৯ জন লোককো বৰ্তমান আইছ'লেছন ৰখা হৈছে । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে ।

দক্ষিণ আফ্ৰিকাত আৰম্ভ হোৱা COVID-১৯ৰ ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত কৰ্ণাটকৰ লোক
দক্ষিণ আফ্ৰিকাত আৰম্ভ হোৱা COVID-১৯ৰ ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত কৰ্ণাটকৰ লোক

নেশ্যনেল ডেস্ক,১১ মাৰ্চ: ডুবাইৰ পৰা বেংগালুৰুলৈ অহা এগৰাকী ব্য়ক্তি দক্ষিণ আফ্ৰিকাত আৰম্ভ হোৱা COVID-১৯ ৰ ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । সম্প্ৰতি কৰ্ণাটকৰ শিৱমোগ্গাত কোৱাৰেণ্টাইনত ৰখা হৈছে এই লোকজনক । COVID-১৯ ত আক্ৰান্ত লোকজন যোৱা ২২ ফেব্ৰুৱাৰীত ডুবাইৰ পৰা আহিছিল ।

তেওঁৰ সংস্পৰ্শলৈ অহা আন ৯ জন লোককো বৰ্তমান আইছ'লেছন ৰখা হৈছে আৰু তেওঁলোকৰ COVID-১৯ ৰ পৰীক্ষা কৰোৱা হৈছে । যোৱা জানুৱাৰী মাহত লোকজনে কৰ্মসূত্ৰে ডুবাইৰ পৰা চৌদি আৰৱলৈ গৈছিল । কিন্তু ডুবাইত উপস্থিত হোৱাৰ পিছত তেওঁক চৌদি আৰৱ ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । ব্যক্তিজনে ভাৰতলৈ উভতি আহিবও পৰা নাছিল আৰু ১৫ দিন ডুবাইতে থাকিবলগীয়া হৈছিল ।

যোৱা ২১ ফেব্ৰুৱাৰীত তেওঁ ডুবাইৰ পৰা যাত্ৰা কৰে আৰু ২২ ফেব্ৰুৱাৰীত বেংগালুৰুত উপস্থিত হয় । বেংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত তেওঁৰ নমুনা সংগ্ৰহ কৰা হৈছিল । তাৰ পিছত, তেওঁ শিৱমোগ্গালৈ উভতি আহে আৰু ঘৰত এসপ্তাহৰ বাবে কোৱাৰেণ্টাইনত আছিল । তাৰ পিছত তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰে । লোকজনৰ নমুনাত দক্ষিণ আফ্ৰিকাত আৰম্ভ হোৱা COVID-১৯ ৰ ষ্ট্ৰেইনৰ উপস্থিতি ধৰা পৰাৰ বিষয়ে বেংগালুৰুৰ বিষয়াসকলক যোৱা নিশা অৱগত কৰোৱা হৈছিল ।

শিৱমোগ্গা স্বাস্থ্য বিভাগে ততাতৈয়াকৈ পত্নী আৰু পুত্ৰসহ লোকজনক ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । স্বাস্থ্য বিভাগৰ এজন বিষয়াই জনোৱা মতে, লোকজনৰ দোকানলৈ অহা লোকসকলৰো স্বাৱ পৰীক্ষা কৰা হ'ব ।

লগতে পঢ়ক: ভাৰত-উজবেকিস্তান সেনাৰ যৌথ অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.