ETV Bharat / bharat

Son kill his mother : পুত্ৰৰ হাতত এইবাৰ প্ৰাণ গ’ল মাতৃৰ

author img

By

Published : Nov 3, 2022, 9:50 AM IST

son killed his mother in Jammu and Kashmir
পুত্ৰৰ হাতত এইবাৰ প্ৰাণ গ’ল মাতৃৰ

পুত্ৰৰ হাতত এইবাৰ প্ৰাণ গ’ল মাতৃৰ (Son kill his mother) ৷ জন্মদাত্ৰী মাতৃৰ সৈতে পিতৃৰ বিবাহ বিচ্ছেদ হোৱাৰ বাবেই মাহী মাকক হত্যা কৰে পুত্ৰই ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিযুক্ত পুত্ৰৰ লগতে তেওঁৰ দুই ঘনিষ্ঠ বন্ধুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

নেশ্যনেল ডেস্ক, 3 নৱেম্বৰ : আকৌ হত্যাকাণ্ড ৷ এইবাৰ পুত্ৰই হত্যা কৰিলে মাতৃক (Son kill his mother) ৷ যি ঘটনাৰ অভিযোগত বৰ্তমান আৰক্ষীৰ জিম্মাত অভিযুক্ত পুত্ৰ ৷

প্ৰতিবেদনত উল্লেখ কৰিব লগা এই ঘটনাটো দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কেহৰিবাল গাঁৱৰ ৷ কিছুদিন পূৰ্বে অভিযুক্ত যুৱকজনৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল ৷ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ পাচতে যুৱকজনৰ পিতৃয়ে বিবাহ কৰাইছিল আন এগৰাকী মহিলাক ৷

এই কথা সহজে মানি ল’ব পৰা নাছিল যুৱকজনে ৷ সেয়ে যুৱকজনে তেওঁৰ পিতৃ আৰু মাহী মাকৰ বিৰুদ্ধে থানাত এক গোচৰো ৰুজু কৰিছিল ৷ সেই গোচৰৰ ইতিমধ্যে তদন্ত চলি আছে ৷ কিন্তু যুৱকজনৰ মতে, মাহী মাকৰ বাবেই তেওঁৰ জন্মদাত্ৰী মাকৰ সৈতে পিতৃৰ বিবাহ বিচ্ছেদ হৈছে ৷

আনহাতে জানিব পৰা মতে, অক্টোবৰৰ শেষৰ সপ্তাহত কেহৰিবাল গাঁৱৰ যুৱকজনৰ মাহীমাকে ঘৰৰ ছাদৰ পৰা পৰি যায় ৷ ফলত যুৱকজনৰ মাহীমাক থিতাতে নিহত হয় ৷ ঘটনাৰ প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে এই ঘটনাটোক এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল ৷ যাৰ বাবে ঘটনা সন্দৰ্ভত যুৱকজনক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল জেৰা ৷

কিন্তু সোধা-পোচাৰ অন্ততো অভিযুক্ত যুৱকজনে বাৰম্বাৰ তেওঁৰ পিতৃ আৰু ঘৰৰ আন লোকে হত্যা কৰা বুলি দাবী কৰি আহিছিল ৷ অৱশ্যে আৰক্ষীৰ জেৰাৰ অন্তত অভিযুক্ত যুৱকজনে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে, তেওঁয়েই দুই ঘনিষ্ঠ বন্ধুৰ সহযোগত মিলি মাহী মাকক হত্যা কৰিছিল (Son kill his mother in south Kashmir) ৷ অভিযুক্ত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে উক্ত হত্যাকাণ্ডটোৰ লগত জড়িত আন দুই যুৱককো গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, যুৱককেইজনে উক্ত ঘটনাটোক এটা স্বাভাৱিক মৃত্যুৰ ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল ৷ যাৰ বাবে প্ৰথমে মাহীমাকক হত্যা কৰি দুই বন্ধুৰ সহযোগত পুত্ৰই মৃত মাকক লৈ গৈছিল চিকিৎসালয়লৈ ৷ কিন্তু আৰক্ষীৰ তদন্তত উক্ত ঘটনাটো হত্যাকাণ্ড বুলিহে পোহৰলৈ আহে ৷

আনহাতে, আৰক্ষীৰ তৎপৰতাত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় হত্যাকাণ্ডটোত ব্যৱহৃত বহু প্ৰমাণ আৰু কিছু সঁজুলি ৷ উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত বৰ্তমানেও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Old lady dead body Recovered: গুৱাহাটীত উদ্ধাৰ ৰঙিয়াত নিৰুদ্দিষ্ট বৃদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.