ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত বোমা বিস্ফোৰণত নিহত সেনা

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:33 PM IST

ৰাজৌৰীৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত বোমা বিস্ফোৰণত নিহত সেনা
ৰাজৌৰীৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত বোমা বিস্ফোৰণত নিহত সেনা

Mine Blast at LoC : জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌচেৰা ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাত সংঘটিত এক শোকাৱহ ঘটনাত কমেও এজন অগ্নিবীৰে প্ৰাণ হেৰুৱায় । আনহাতে, বোমা বিস্ফোৰণত আন দুজন আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত সৈনিকসকলক তৎক্ষণাৎ উধমপুৰৰ কমাণ্ড হস্পিটেললৈ স্থানান্তৰ কৰা হয় । তাতেই আঘাতপ্ৰাপ্ত এজনে মৃত্যুবৰণ কৰে ।

নিউজ ডেস্ক, ১৮ জানুৱাৰী : জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌচেৰা ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত সংঘটিত লেণ্ড মাইন বিস্ফোৰণত কমেও এজন 'অগ্নিবীৰ' নিহত হয় । আনহাতে, আন দুজন আহত হোৱা বুলি স্থানীয় তথ্যত প্ৰকাশ । প্ৰাপ্ত বাতৰি অনুসৰি, এই বিস্ফোৰণটো ৰাজৌৰী এলেকাত সংঘটিত হয় । ইয়াৰ ফলত তিনিজন সেনা আহত হয় ।

আহত তিনিওজন সেনাক উধমপুৰৰ কমাণ্ড হস্পিটেললৈ স্থানান্তৰ কৰা হয় । তাতেই এজন আঘাতপ্ৰাপ্ত সেনাই মৃত্যুবৰণ কৰে । অৱশ্যে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে । উল্লেখ্য যে যোৱা বছৰ নৱেম্বৰত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ টাইন মানকোট অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত এটা লেণ্ড মাইন বিস্ফোৰণৰ ফলত দুজন সেনা জোৱান আহত হৈছিল ।

যোৱা বছৰ ১ নৱেম্বৰত এই লেণ্ড মাইন বিস্ফোৰণৰ ঘটনাটো সংঘটিত হৈছিল । সেনা জোৱানসকলে পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত নিয়মীয়া টহলৰ দায়িত্ব পালন কৰি থকাৰ সময়ত এই ঘটনাটো সংঘটিত হয় । জম্মু জিলাৰ আৰ্ণিয়া ছেক্টৰত পাকিস্তানী ৰেঞ্জাৰসকলে ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তত 'অপ্ৰৰোচিত'ভাৱে গুলীচালনা কৰাৰ পিছত সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱান আৰু এগৰাকী মহিলা অসামৰিক লোক আহত হোৱাৰ পাঁচ দিন পিছত এই বিস্ফোৰণটো সংঘটিত হৈছিল ।

বিএছএফৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ২৬ অক্টোবৰৰ আবেলি প্ৰায় ২ বজাত পাকিস্তান ৰেঞ্জাৰসকলে জম্মু খণ্ডৰ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তত অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত বিএছএফৰ দলেও তৎক্ষণাৎ গুলীচালনা কৰে বুলি বিএছএফৰ মুখপাত্ৰগৰাকীয়ে কয় ।

উল্লেখ্য যে শেহতীয়াভাৱে জম্মু-কাশ্মীৰৰ পাক সীমান্ত সন্ত্ৰাসবাদীৰ গতিবিধি আৰু আক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে । পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণত বিগত বছৰটোত কেইবাগৰাকীও নিৰাপত্তা ৰক্ষী তথা সেনা বিষয়া শ্বহীদ হয় ।

লগতে পঢ়ক :অগ্নিগৰ্ভা মণিপুৰ: দুটা পৃথক ঘটনাত দুজন আৰক্ষী কমাণ্ডো নিহত, আঘাতপ্ৰাপ্ত 6 বিএছএফ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.