ETV Bharat / bharat

জম্মু কাশ্মীৰত মৃত অৱস্থাত উদ্ধাৰ সৈনিক: আত্মহত্যাৰ সন্দেহ

author img

By

Published : Oct 3, 2022, 5:26 PM IST

উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ বনিয়াৰ অঞ্চলত ৰহস্যজনক পৰিস্থিতিত সৈনিকৰ বন্দুকৰ গুলীৰ আঘাতত মৃত্যু হয় (Solider suspected to attempt suicide)৷ ৰাহুল ভগত নামৰ সৈনিকজনক গেৰিছনৰ এটা শৌচালয়ৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল (Body rescued in toilet) ৷

Soldier found dead with gunshot wounds in J&K's  Baramulla
জম্মু কাশ্মীৰত মৃত অৱস্থাত উদ্ধাৰ সৈনিক, আত্মহত্যাৰ সন্দেহ

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ: জম্মু কাশ্মীৰৰ বাৰমুলাত গুলীৰ আঘাতত এজন সৈনিক মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে (Soldier found dead with gunshot )৷ উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ বনিয়াৰ অঞ্চলত ৰহস্যজনক পৰিস্থিতিত সোমবাৰে এজন সৈনিকৰ বন্দুকৰ গুলীৰ আঘাতত মৃত্যু হয় (Solider suspected to attempt to suicide)৷

সন্দেহ কৰা অনুসৰি সৈনিকজনে নিজ ছাৰভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰিছে ৷ চৰকাৰী সূত্ৰই জনোৱা অনুসৰি মহাৰাষ্ট্ৰৰ ৰাহুল ভগত নামৰ সৈনিকজনক গেৰিছনৰ এটা শৌচালয়ৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল (Body rescued in toilet) ৷ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা সৈনিকজনৰ বুকুত গুলী লগাৰ চিন স্পষ্ট হৈ আছিল ৷

সম্প্ৰতি আৰক্ষীয়ে সৈনিকজনৰ মৃতদেহটো উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইন 174 অধীনত সৈনিকজনৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ সৈনিকজনৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ এতিয়ালৈ সৈনিকজনৰ প্ৰকৃত মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: অপৰাধীৰ তালিকাত নাম থকা প্ৰাৰ্থীক ভোট দিব নে গুজৰাটৰ ৰাইজে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.