ETV Bharat / bharat

Soaked Almonds vs Raw Almonds: গ্ৰীষ্মকালত কাঠবাদাম খোৱা ৫টা ডাঙৰ উপকাৰিতা জানি লওক

author img

By

Published : Apr 11, 2023, 8:57 PM IST

Soaked Almonds VS Raw Almonds What's Best For Your Summer Diet
গ্ৰীষ্মকালত কাঠবাদাম কেনেকৈ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী, জানি লওক ৫টা ডাঙৰ উপকাৰিতা

গ্ৰীষ্মকালত মানুহে প্ৰায়ে খেলি-মেলিত পৰে যে কাঠবাদাম কেঁচাকৈ খাব লাগে নে তিয়াই খাব লাগে । গতিকে আজি ইয়াৰ উত্তৰ জানো আহক...

আলমণ্ড বা কাঠবাদাম এবিধ স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য, ইয়াৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহেই জানে । ইয়াক সকলো ঋতুতে খোৱা হয় যদিও গ্ৰীষ্মকালত কিছু সাৱধানতাৰ প্ৰয়োজন হয়, কিয়নো কেঁচা কাঠবাদাম হজম কৰাত কিছুমান মানুহৰ বাবে অসুবিধা হ’ব পাৰে, যাৰ ফলত পেট ফুলা, গেছ আৰু পেটৰ অস্বস্তিৰ সৃষ্টি হ’ব পাৰে । গ্ৰীষ্মকালত মানুহে প্ৰায়ে বিভ্ৰান্তিৰ সৃষ্টি কৰে যে কাঠবাদাম কেঁচাকৈ খাব লাগে নে তিয়াই খাব লাগে(Almond In Summer)। জানো আহক-

গৰমত তিয়াই থোৱা কাঠবাদাম খালে ভাল (Almond Benefits)। কাঠবাদাম পানীত ৰাতি বা কেইবা ঘণ্টা ধৰি তিয়াই থাকিলে ইয়াৰ ছালখন সহজে আঁতৰোৱাত সহায়ক হয় আৰু লগতে ইয়াৰ পুষ্টিকৰ উপাদানৰ উপলব্ধতাও বৃদ্ধি পায়(Soaked Almond Benefits) । ইয়াৰ উপৰিও তিয়াই থোৱা কাঠবাদাম সহজে হজম হয় আৰু গ্ৰীষ্মকালত আপোনাৰ শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰিব পাৰে । কেঁচা কাঠবাদাম খোৱাটো পাচনতন্ত্ৰৰ বাবে অলপ কঠিন হ’ব পাৰে । সেয়েহে কাঠবাদাম তিয়াই ৰাখি গ্ৰহণ কৰাটো এটা ভাল পদ্ধতি যিটো পুষ্টিকৰ পদাৰ্থ ভালদৰে শোষণ আৰু হজম কৰাৰ বাবে গ্ৰীষ্মকালকে ধৰি বছৰটোৰ ভিতৰতে মানি চলিব পাৰি (Almond Benefits)।

তিয়াই থোৱা কাঠবাদাম খোৱাৰ সুবিধা

হজম শক্তি উন্নত কৰে

তিয়াই থোৱা কাঠবাদাম কেঁচা কাঠবাদামতকৈ হজম কৰাটো সহজ, কিয়নো তিয়াই লোৱা প্ৰক্ৰিয়াৰ ফলত ছালত উপস্থিত টেনিনৰ মাত্ৰা হ্ৰাস পায়, যিয়ে পুষ্টিকৰ পদাৰ্থ শোষণত বাধাৰ সৃষ্টি কৰিব পাৰে (Convenience of eating soaked almonds)।

মগজুৰ বাবে উপকাৰী

তিয়াই থোৱা কাঠবাদামত প্ৰয়োজনীয় ফেটি এচিড থাকে যিয়ে জ্ঞানমূলক কাৰ্য উন্নত কৰাত সহায় কৰে আৰু মগজুৰ স্বাস্থ্য বৃদ্ধি কৰে ।

হাড় শক্তিশালী কৰে

তিয়াই থোৱা কাঠবাদাম কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ ভাল উৎস, যিবোৰ হাড়ৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য খনিজ পদাৰ্থ ।

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে

তিয়াই থোৱা কাঠবাদামত পোৱা স্বাস্থ্যকৰ চৰ্বি আৰু এন্টিঅক্সিডেন্টে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।

প্ৰদাহ কম কৰে

তিয়াই থোৱা কাঠবাদামত এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে, যাৰ ফলত দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ।

লগতে পঢ়ক: Minerals Based Foods : কিহৰ বাবে দুৰ্বল হৈ পৰে মাংসপেশী, এইসমূহ খাদ্যই শক্তিশালী কৰিব আপোনাৰ মাংসপেশী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.