ETV Bharat / bharat

হিমাচল প্ৰদেশৰ খাৱৈত বাহন পৰি ছজনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:53 PM IST

চিমলাত এখন পিকআপ ট্ৰাক খাৱৈত পৰি প্ৰায় ছয়জন লোকৰ মৃত্যু ঘটে । মৃতসকলক ফৰিদ (২৪), গুলাম হাছান (৪৩), চাহবিৰ (১৯), তালিব (২৩), গুলজাৰ (৩০) আৰু মুস্তাক বুলি চিনাক্ত কৰা হৈছে ।

Six killed as vehicle falls into gorge in Himachal Pradesh
দুৰ্ঘটনাত মৃত্যু ঘটিল ছজনৰ

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ চিমলাত যাত্ৰা কৰি থকা অৱস্থাতে বাহন এখন খাৱৈত পৰি যোৱাৰ ফলত কমেও ছজন লোকৰ মৃত্যু ঘটে আৰু আন ছজন লোক আহত হয় । জিলাখনৰ চুন্নীৰ সমীপত সংঘটিত হৈছে এই ঘটনা । আৰক্ষীয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ পৰা অহা ১২ জন শ্ৰমিক কঢ়িয়াই অনা পিকআপ ট্ৰাকখনৰ চালকে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।

আৰক্ষীয়ে জনোৱা মতে, চুন্নীৰ পৰা মাণ্ডীলৈ গৈ আছিল শ্ৰমিকসকল । আৰক্ষীয়ে জনোৱা মতে, তিনিজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আৰু তিনিজনক চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আহতসকল ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

মৃতসকলক ফৰিদ (২৪), গুলাম হাছান (৪৩), চাহবিৰ (১৯), তালিব (২৩), গুলজাৰ (৩০), আৰু মুস্তাক বুলি চিনাক্ত কৰা হৈছে । আহতসকলক ৰণজিৎ কানৱাৰ (২১), আছলাম চাচী (১৮), তালিব হুছেইন (২১), আকাশ কুমাৰ (১৬), অজয় ঠাকুৰ (২৬) আৰু মঞ্জুৰ আহমেদ (১৭) বুলি চিনাক্ত কৰা হৈছে ।

দুৰ্ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এতিয়া তদন্ত চলি আছে । ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিচত হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ঘটনাটোত শোক প্ৰকাশ কৰে ।

এক্সত সুখবিন্দৰ সিং সুখুৱে লিখিছে, "চিমলা জিলাৰ চুন্নী তহচিলৰ অন্তৰ্গত কাধাৰঘাটৰ সমীপত আজি ব্যক্তিগত বাহন দুৰ্ঘটনাত ৬ জন শ্ৰমিকৰ মৃত্যুৰ খবৰটো দুখজনক । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো ।

এই দুৰ্ঘটনাত আন ছয়জন লোক আহত হৈছে, তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিলোঁ । আটাইকেইজন আহতক উন্নত চিকিৎসাৰ সুবিধা প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে ।"

লগতে পঢ়ক : শুভ্ৰ বৰফৰ আৱৰণত নিতি ভেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.