ETV Bharat / bharat

Dubai Job Fraud: চাকৰিৰ প্ৰলোভন দি ডুবাইত বন্ধকত থলে 5 যুৱকক, সহায় বিচাৰি সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 2:53 PM IST

চাকৰিৰ প্ৰলোভন দি ডুবাইত বন্ধকত থলে 5 যুৱকক
চাকৰিৰ প্ৰলোভন দি ডুবাইত বন্ধকত থলে 5 যুৱকক

পুনৰ কৰ্মসংস্থাপনৰ প্ৰলোভন দি ভাৰতীয় যুৱকক বহিঃদেশত প্ৰৱঞ্চনা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ সামাজিক মাধ্যমত পাঁচ যুৱকে সহায় ভিক্ষা বিচাৰি ডুবাইৰ পৰা এটা ভিডিঅ’ আপলোড দিয়াৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ট হৈছে ৷

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ : কৰ্মসংস্থাপনৰ প্ৰলোভন দি ডুবাইত পাঁচ যুৱকক বন্ধকত থোৱা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হোৱাৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি শেহতীয়াকৈ সামাজিক মাধ্যমত পাঁচ যুৱকে সহায় ভিক্ষা বিচাৰি এটা ভিডিঅ’ আপলোড দিছিল ৷ তাৰ পিচতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ৷

ঘটনা অনুসৰি উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ 5 যুৱকক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে দিল্লীৰ দুজন এজেণ্টে ডুবাইলৈ মাতি পঠিয়াইছিল ৷ ডুবাইৰ ছানিয়া, শাৰজাহস্থিত এটা কোম্পানীত 5 যুৱকক কাঠমিস্ত্ৰীৰ কাম দিয়াৰ প্ৰতিশ্ৰুতি দিছিল এজেণ্টে ৷ সেই কথমাতে দুমাহৰ পূৰ্বে উত্তৰাখণ্ড সীমান্তৰ ৰায়পুৰী গাঁৱৰ বাসিন্দা পুত্ৰ অমিত কুমাৰ , মহছিন নিবাসী অংগদপুৰ, কৌদিয়া গাঁৱৰ নীৰজ আৰু হৰিৰাজক ডুবাইলৈ পঠিয়াইছিল ৷ কিন্তু তালৈ গৈ তেওঁলোকে কাঠমিস্ত্ৰীৰ কাম পোৱা নাছিল ৷ কোম্পানীৰ বিষয়াসকলে যুৱক কেইজনৰ পাছপোৰ্ট জব্দ কৰিছিল ৷ তেওঁলোকক মজুৰিৰ ধন দিয়া হোৱা নাছিল ৷ ইয়াৰ ফলত যুৱককেইজনে এসাঁজ খাবলৈও হাহাকাৰ কৰিছে ৷

যেতিয়া পৰিয়ালৰ সদস্যই যুৱককেইজনৰ সন্দৰ্ভত দিল্লীৰ এজেণ্টক জনায় তেতিয়া তেওঁলোকে যুৱককেইজনৰ পৰিৱৰ্তে 1.5 লাখ পৰিশোধ কৰিবলৈ দাবি কৰে ৷ তেতিয়াহে পৰিয়ালৰ লোকক যুৱককেইজন উভতাই দিব ৷

পৰৱৰ্তী সময়ত উপায়হীন হৈ যুৱককেইজনে এটা ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত আপলোড কৰে ৷ ভিডিঅ'টোত, যুৱককেইজনে ভাৰত চৰকাৰৰ পৰা সহায়ৰ বাবে অনুৰোধ জনাইছে ৷ এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিচতে যুৱককেইজনৰ পৰিয়ালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক সহায়ৰ বাবে আবেদন জনাইছে ৷ ইতিমধ্যে যুৱককেইজনৰ পৰিয়ালৰ লোকে পৰিক্ৰমা মন্ত্ৰালয়লৈ এখন পত্ৰও প্ৰেৰণ কৰিছে ৷

এই ঘটনা সন্দৰ্ভত, বিজেপিৰ জিলা সভাপতি গুঞ্জন সুখীজাই কয় যে, তেওঁ জিলাখনৰ কেইবাজন যুৱক ডুবাইত আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰিছে ৷ তেওঁ কোনো লোকক বিদেশলৈ যাবলৈ এনেদৰে কাৰো প্ৰৱঞ্চনাৰ কবলত নপৰিবলৈ আহ্বান জনাইছে ৷ সম্পূৰ্ণ তথ্য লাভ কৰিহে বিদেশলৈ যাওঁক সদৰী কৰে নেতাগৰাকীয়ে ৷

প্ৰশাসনে এনে এজেণ্টৰ ওপৰত কঠোৰ পদক্ষেপ লৈছে আৰু ব্যৱস্থাও গ্ৰহণ কৰিছে ৷ বিজেপিৰ জিলা সভাপতিজনে পৰিয়ালৰ লোকক আশ্বাস দি কয় যে, যিকেইজন যুৱক বিদেশত আৱদ্ধ হৈ আছে তেওঁলোকক পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতি সকলো সম্ভৱ সহায় আগবঢ়োৱা হ'ব ৷ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীকো বিষয়টোৰ বিষয়ে অৱগত কৰা হ'ব ৷ লগতে, সাংসদ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্টৰ জৰিয়তে সকলো সম্ভৱ সহায় আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: Manipur violence : মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পৈতৃক বাসগৃহত আক্ৰমণৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.