ETV Bharat / bharat

Accident in TN : পূজাৰ বন্ধ উপভোগ কৰি উভতি আহোঁতে শোকাৱহ দুৰ্ঘটনাত মৃত্যু 7 জনৰ

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 12:37 PM IST

several people lost their life in an accident near Chengam in Tamilnadu
তামিলনাডুত শোকাৱহ দুৰ্ঘটনা

তামিলনাডুত শোকাৱহ দুৰ্ঘটনা ৷ থিতাতে মৃত্যু 5 জন অসমীয়াৰ ৷ পূজাৰ বন্ধ উপভোগ কৰি পুডুচেৰীৰ পৰা উভতি আহোঁতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । বৰ্তমানলৈ 7 অসমীয়াৰ মৃত্যু দুৰ্ঘটনাটোৰ ফলত ৷

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: তামিলনাডুত ভয়ংকৰ এক দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে 5 জনকৈ অসমীয়াৰ ৷ সোমবাৰে নিশা প্ৰায় 9 বজাত তিৰুৱন্নমলাই জিলাৰ আন্থনুৰ এলেকাৰ পাক্কিৰিপালায়ম বাইপাছৰ কাষত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ ধৰ্মপুৰীৰ পৰা তিৰুৱন্নমলাই অভিমুখে অহা এখন ৰাজ্য চৰকাৰৰ বাছ আৰু তিৰুৱন্নামলাইৰ পৰা বেংগালুৰুলৈ যোৱা টাটা ছুম’ গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইয়াৰ ফলত 5 জনকৈ লোকৰ থিতাতে মৃত্যু ঘটে ।

মুঠ 11 জন লোকে টাটা ছুম’ৰে তিৰুৱন্নমলাইৰ পৰা বেংগালুৰু অভিমুখে যাত্ৰা কৰিছিল । ইয়াৰ পিছতে চেংগাম অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে দুৰ্ঘটনাটোৰ তথ্য লাভ কৰি সেই স্থানত উপস্থিত হৈ নিহতসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছতে গাড়ীৰে যাত্ৰা কৰা 4 জন আৰু বাছেৰে যাত্ৰা কৰা 10 জন ব্যক্তিকে ধৰি মুঠ 14 জন লোকক চিকিৎসাৰ বাবে চেংগম চৰকাৰী চিকিৎসালয় আৰু তিৰুৱন্নমলাই জি এইচত ভৰ্তি কৰোৱা হয় ।

চিকিৎসাৰ বাবে চেংগম চৰকাৰী চিকিৎসালয়ত ভৰ্তি হোৱা এজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু ঘটিছে । লগতে তিৰুৱন্নমলাই জি এইচলৈ যোৱাৰ পথত এজনৰ মৃত্যু ঘটে । ইয়াৰ পিচতে দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা 7 জনলৈ বৃদ্ধি পাইছে ।

অসমৰ পঞ্চ ৰায়, নাৰায়ণন, বিমল, সাল, আৰু নিখালৰ মৃত্যু হোৱা লগতে তামিলনাডুৰ কামৰাজ, আৰু ডেংকানিকোটাইৰ পুনিথ কুমাৰৰ মৃত্যু ঘটে দুৰ্ঘটনাটোৰ ফলত । লগতে অসমৰ চুববান, কৃষ্ণপা, মিছোশ মিৰ্মী, আৰু ৰাবন গুৰা তিৰুৱন্নমলাই চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ।

মেলচেংগাম আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । লগতে গাড়ীত অহা সকলো মানুহ অসম ৰাজ্যৰ আৰু বেংগালুৰুত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে । পূজা বন্ধ উপভোগ কৰি পুডুচেৰীৰ পৰা উভতি আহোঁতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 15 অক্টোবৰত চেংগামৰ সমীপৰ পাক্কিৰিপালয়াম অঞ্চলত দুখন গাড়ীৰ সংঘৰ্ষত শিশুসহ 7 জন লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক : US superfog : ৰাজপথত একেলগে জ্বলি নিঃশেষ বহু বাহন, ৭ গৰাকী যাত্ৰী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.