ETV Bharat / bharat

Mysore Road Mishap: ব্যক্তিগত বাহন আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ; 10 গৰাকী নিহত

author img

By

Published : May 29, 2023, 8:53 PM IST

কৰ্ণাটকৰ মহীশূৰৰ টি নৰসীপুৰা তালুকত এখন ব্যক্তিগত বাহন আৰু ব্যক্তিগত বাছৰ মুখামুখি সংঘৰ্ষত 10 গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে তিনিজন লোক আহত হৈছে (10 killed in Road mishap) ৷

several killed in car-bus collision in Mysore
ব্যক্তিগত বাহন আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক, 29 মে’: কৰ্ণাটৰ মহীশূৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে (Karnataka car bus collision) ৷ সোমবাৰে কৰ্ণাটকৰ মহীশূৰৰ টি নৰসীপুৰা তালুকত এখন ব্যক্তিগত বাহন আৰু ব্যক্তিগত বাছৰ মুখামুখি সংঘৰ্ষত 10 গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে কমেও তিনিজন লোক আহত হয় বুলি জানিবলৈ পৰা গৈছে (10 killed in Road mishap) ৷

বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত বাছখনৰ খুন্দাত ভাঙি চূৰমাৰ হৈ যায় ব্যক্তিগত চাৰিচকীয়া বাহনখন (3 injured in road accident) ৷ ইতিমধ্যে এই দুৰ্ঘটনাত দুয়োখন বাহনতে থকা আঘাতপ্ৰাপ্ত যাত্ৰীসকলক চিকিৎসাৰ বাবে সমীপৰে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে (Bus car collision in Karnataka) ৷

আহত যাত্ৰীসকল ৪৫ বছৰীয়া জনাৰ্দন, চাৰি বছৰীয়া পুনীথ আৰু ২৪ বছৰীয়া শশী কুমাৰ বুলি চিনাক্ত কৰা হৈছে । প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি পথটোৰ কেইবাটাও ক্ৰছিঙত গছ-গছনিয়ে আৱৰি থকাৰ বাবে কেতিয়াবা সন্মুখভাগ নেদেখা হৈ পৰে ৷ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সম্ভাৱনা অধিক ৷

এই দুৰ্ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক সীমা লটকাৰে কয় যে, বাহনখনত যাত্ৰা কৰা যাত্ৰীসকল বেল্লাৰীৰ বুলি জানিব পৰা গৈছে ৷ যাত্ৰীসকলে মাদেশ্বৰ ভ্ৰমণ কৰি মহীশূৰ চহৰ অভিমুখে আহি থাকোঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

এই শোকাৱহ দুৰ্ঘটনাৰ পিচতে কুঁহিয়াৰ উৎপাদক সংস্থাৰ ৰাজ্যিক সভাপতি কুৰুবুৰু শান্তকুমাৰে এক প্ৰেছ বিবৃতি জাৰি কৰি কয় যে, এই দুৰ্ঘটনাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই দায়ী (National Highway Authority) ৷ চৰকাৰে মৃতকৰ পৰিয়ালক তৎক্ষণাৎ ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে ।

তেওঁ লগতে কয় যে, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই পথৰ কাষৰ বনাঞ্চল কটাৰ কোনো ব্যৱস্থা কৰা নাই ৷ ফলত এনে দুৰ্ঘটনা হ’বলৈ পালে ৷ এতিয়ালৈ মৃতসকলৰ নাম উল্লেখ কৰা হোৱা নাই ৷

লগতে পঢ়ক: Road accident in Guwahati: মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা ; থিতাতে নিহত ৭ জন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.