ETV Bharat / bharat

Oil tanker hits car: তেল টেংকাৰৰ খুন্দাত মৃত্যু চাৰিজনৰ, পলাতক অৱস্থাত তেল টেংকাৰৰ চালকজন

author img

By ANI

Published : Nov 11, 2023, 9:22 AM IST

Several killed as oil tanker hits car
তেল টেংকাৰৰ খুন্দাত মৃত্যু চাৰিজনৰ

তেল টেংকাৰৰ খুন্দাত মৃত্যু চাৰিজন লোকৰ ৷ গুৰুগ্ৰামৰ সিদ্ধৰাৱলী গাঁৱৰ সমীপত শুকুৰবাৰৰ নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ তেল টেংকাৰখনে এখন গাড়ী আৰু এখন পিকআপ ভানত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ বৰ্তমান পলাতক অৱস্থাত আছে তেল টেংকাৰৰ চালকজন ৷

নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ: দিল্লী-জয়পুৰ ঘাইপথত শোকাৱহ দুৰ্ঘটনা ৷ গুৰুগ্ৰামৰ সিদ্ধৰাৱলী গাঁৱৰ সমীপত শুকুৰবাৰৰ নিশা এখন তেল টেংকাৰে এখন গাড়ী আৰু এখন পিকআপ ভানত খুন্দা মৰাৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু ঘটে । জানিব পৰা মতে, এখন গাড়ীত খুন্দা মৰাৰ পিছতে তীব্ৰ বেগী তেল টেংকাৰখনে ঘাইপথত থকা এখন পিকআপ ভানক খুন্দা মাৰে ৷ ইয়াৰ ফলত ভানখনৰ চালকজনে কৰুণভাৱে মৃত্যু সাৱটিবলগীয়া হয় ৷

বিলাসপুৰ আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া বিনোদ কুমাৰে জনোৱা মতে, জয়পুৰৰ পৰা অহা এখন তীব্ৰ বেগী তেল টেংকাৰে ডিভাইডাৰ ভাঙি এখন গাড়ীত খুন্দা মাৰে । বাহনখনৰ ভিতৰত থকা যাত্ৰীসকল সম্ভৱতঃ জয়পুৰলৈ গৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । গাড়ীখনৰ ভিতৰত থকা চিএনজি চিলিণ্ডাৰৰ বাবেই জুই সম্প্ৰসাৰিত হৈ পৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

এই সংঘৰ্ষৰ ফলত হোৱা অগ্নিকাণ্ডৰ ফলত তিনিজন যাত্ৰীৰ মৃত্যু ঘটে । আৰক্ষীয়ে জনোৱা মতে, গাড়ীখনত খুন্দা মৰাৰ পিছত তেল টেংকাৰখনে ঘাইপথত এখন পিকআপ ভানক খুন্দা মাৰে, যাৰ ফলত ভানখনৰ চালকজনৰ থিতাতে মৃত্যু ঘটে ।

তদন্তকাৰী বিষয়াগৰাকীয়ে কয়, "দিল্লী-জয়পুৰ ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ সন্দৰ্ভত আমি তথ্য লাভ কৰিছিলো । সেই স্থানত উপস্থিত হোৱাৰ সময়ত আমি দেখিছিলো যে এখন গাড়ীত জুই লাগিছে আৰু তিনিজন লোকৰ মৃত্যু ঘটিছে । পিছত আমি গম পালো যে তেল টেংকাৰখনে খুন্দিয়াইছে । তেল টেংকাৰখনে খুন্দিওৱাৰ বাবেই ভানখনৰ চালকজনৰ থিতাতে মৃত্যু ঘটে ।'

তেল টেংকাৰৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ চালকজনক কৰায়ত্ত কৰিবৰ বাবে চেষ্টা অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Fire breaks out in passenger bus: যাত্ৰীবাহী বাছত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যু এজন, আহত 30

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.