ETV Bharat / bharat

Buc Accident in JK Doda : জম্মু কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা; যাত্ৰীবাহী বাছ খাৱৈত বাগৰি নিহত ৩৬

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 3:57 PM IST

জম্মু কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা; যাত্ৰীবাহী বাছ খাৱৈত বাগৰি নিহত ৩৬
Buc Accident in JK Doda

জম্মু-কাশ্মীৰত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত কমেও ৩৬ জন লোকে প্ৰাণ হেৰুৱায় । এখন যাত্ৰীবাহী বাছ ডোডা জিলাৰ এটা খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । আনহাতে, আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : বুধবাৰে জম্মু-কাশ্মীৰৰ ডোডা জিলাত এখন যাত্ৰীবাহী বাছ পথৰ পৰা পিছলি গভীৰ খাৱৈত পৰি যায় । এই দুৰ্ঘটনাটোত কমেও ৩৬ জন লোক নিহত হোৱাৰ উপৰি আন কেইবাজনো লোক আহত হয় ।

প্ৰাপ্ত তথ্য মতে, জেকে-০২-চিএন ৬৫৫৫ পঞ্জীয়ন নম্বৰৰ বাছখন কিষ্টৱাৰ বনজৱাৰ পৰা যাত্ৰা কৰি জম্মুলৈ গৈ আছিল । তেনে সময়তে আছাৰ অঞ্চলত ৰাস্তাৰ পৰা পিছলি গৈ বাছখন এটা খাৱৈত লুটি খাই পৰে ।

  • Extremely pained by the loss of lives in a tragic bus accident in Assar, Doda. My heartfelt condolences to bereaved families & wishing for a speedy recovery of those injured in the accident. Directed Div Com & Dist Admin to provide all necessary assistance to affected persons.

    — Office of LG J&K (@OfficeOfLGJandK) November 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

স্থানীয় তথ্য অনুসৰি, দুৰ্ঘটনাটোত কমেও ৩৬ জন যাত্ৰী নিহত হোৱাৰ উপৰি আন ১৯ জন আহত হয় । আনহাতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকসকলৰ লগতে কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । স্থানীয় কৰ্তৃপক্ষৰ এগৰাকী বিষয়াই জনোৱা মতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহতসকলক বিশেষ চিকিৎসাৰ বাবে জম্মুলৈ লৈ যোৱা হৈছে ।

অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই । দুৰ্ঘটনাটো গাড়ীখনৰ অভাৰলোডিঙৰ বাবে সংঘটিত হৈছিল নে চালকৰ অত্যধিক গতিৰ বাবে হৈছিল সেয়া এতিয়াও পৰিষ্কাৰ হোৱা নাই । ইফালে ইটিভি ভাৰতে লাভ কৰা চৰকাৰী তথ্য অনুসৰি, চাৰে তিনি বছৰ পুৰণি বাছখনৰ গৰাকী হৈছে জম্মুৰ নৰৱাল অঞ্চলৰ বাসিন্দা ধীৰাজ গুপ্তা ।

তাৎপৰ্যপূৰ্ণভাৱে ইটিভি ভাৰতে জানিব পাৰিছে যে বাছখন পূৰ্বতে এবাৰ অভাৰলোডিঙৰ অপৰাধত ২০২১ চনৰ ১২ আগষ্টত ৩৬০০ টকাৰ জৰিমনা বিহা হৈছিল । ইফালে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এই শোকাৱহ দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে ।

এক্সৰ এটা পোষ্টত সিনহাই লিখিছে, "ডোডাৰ আছাৰত সংঘটিত এক শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ ঘটনাত বেদনাগধুৰ হৈছোঁ । শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা আৰু দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ । স্থানীয় কৰ্তৃপক্ষক প্ৰভাৱিত ব্যক্তিসকলক প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে ।"

লগতে পঢ়ক :Uttarkashi Tunnel Accident : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰকাৰ্য; অগাৰ মেচিনেৰে আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.