ETV Bharat / bharat

Uttarkashi Tunnel Accident : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰকাৰ্য; অগাৰ মেচিনেৰে আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ চেষ্টা

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 11:55 AM IST

উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আবদ্ধ ৪০ জন শ্ৰমিকক উদ্ধাৰৰ কাম যুদ্ধগতিত চলি আছে । কিন্তু প্ৰাকৃতিক বাধাৰ বাবে উদ্ধাৰকাৰ্যৰ ড্ৰিলিঙৰ গতি লেহেমীয়া হোৱা বাবে দ্বিতীয় পৰিকল্পনাৰ কামো চলি আছে । ইতিমধ্যে কেন্দ্ৰীয় সংস্থাবোৰে বায়ু সেনাৰ সহায়ত গধুৰ অগাৰ ড্ৰিলিং মেচিন আনি উদ্ধাৰকাৰ্যত ব্যৱহাৰৰ কাম আৰম্ভ কৰিছে । এই যন্ত্ৰই উদ্ধাৰ অভিযান খৰতকীয়া বৃদ্ধি কৰিব ।

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰকাৰ্য; অগাৰ মেচিনেৰে আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ চেষ্টা
Uttarkashi Tunnel Accident

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : উত্তৰকাশীৰ চিল্কিয়াৰাৰ চাৰধাম ৰোড প্ৰকল্পৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে । কিন্তু নতুনকৈ ধ্বংসস্তূপ পৰাৰ বাবে ড্ৰিলিঙৰ গতি লেহেমীয়া হৈছে । যাৰ বাবে এতিয়া কেন্দ্ৰীয় সংস্থাসমূহে বায়ু সেনাৰ সহায়ত গধুৰ অগাৰ ড্ৰিলিং মেচিন আনিছে । ইয়াৰ দ্বাৰা সাহায্য আৰু উদ্ধাৰ অভিযান খৰতকীয়া কৰিব পৰা যাব । ডিজিপি অশোক কুমাৰে জনোৱা অনুসৰি, ইয়াৰ দ্বাৰা সোনকালেই সকলো শ্ৰমিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা যাব ।

উল্লেখ্য যে দেওবাৰে পুৱা উত্তৰকাশীৰ এই সুৰংগটোত ভূমিস্খলনৰ ফলত তাৰ ভিতৰত আবদ্ধ হৈ পৰে ৪০ জনকৈ শ্ৰমিক । চিল্কিয়াৰা সুৰংগত ভূমিস্খলনৰ ফলত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ বিগত তিনি দিন ধৰি ব্যাপক প্ৰচেষ্টা চলাই থকা হৈছে । কিন্তু বিভিন্ন প্ৰাকৃতিক কাৰণত সেয়া এতিয়ালৈকে সম্ভৱ হোৱা নাই ।

  • Uttarakhand | Uttarkashi Tunnel accident: Relief and rescue work is going on in the Silkyara Tunnel. Due to natural obstacles, the speed of drilling is slow. Today efforts are being made by the central agencies with the help of the Air Force, to bring heavy auger drilling… pic.twitter.com/faszlBms02

    — ANI UP/Uttarakhand (@ANINewsUP) November 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যাৰ বাবে এতিয়া সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক বচাবলৈ গধুৰ আগৰ যন্ত্ৰৰ ওপৰতে অন্তিম ভৰসা কৰা হৈছে । পাইপ ঠেলা প্ৰযুক্তিৰ এই যন্ত্ৰটোৱে সুৰংগটোৰ ধ্বংসাৱশেষৰ মাজত ড্ৰিল কৰিব আৰু ভিতৰলৈ ৮৮০-৯০০ মিঃমিঃ পাইপ প্ৰেৰণ কৰিব । ই এটা পথৰ সৃষ্টি কৰিব । সুৰংগটোৰ ভিতৰত আবদ্ধ লোকসকল উক্ত পথৰ জৰিয়তেই ওলাই আহিব পাৰিব ।

জানিব পৰা মতে, সোমবাৰে দুৰ্ঘটনাস্থলীত অগাৰ মেচিনেৰে ড্ৰিলিং কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । এই যন্ত্ৰটো মঙলবাৰে পুৱা ৬ বজাত উক্ত স্থানত উপস্থিত হয় । ইয়াৰ বাবে প্লেটফৰ্ম নিৰ্মাণ কৰাৰ কাম এদিন পূৰ্বেই কৰা হৈছিল । আনহাতে, যন্ত্ৰটো সন্ধিয়া স্থাপন কৰা হয় । এই যন্ত্ৰটো আন্তঃগাঁথনিৰ তলত পাইপলাইন স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

এই যন্ত্ৰটোৱে সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিকসকলক উলিয়াই আনিবলৈ ড্ৰিলিং কৰি আছে । চিঅ' প্ৰশান্ত কুমাৰে জনোৱা মতে, অগাৰ যন্ত্ৰটো স্থাপন কৰা হৈছে । ইয়াৰ দ্বাৰা নৰম ষ্টীলৰ পাইপ ধ্বংসাৱশেষলৈ ঠেলি পথটো প্ৰস্তুত কৰা হৈছে, যাৰ দ্বাৰা শ্ৰমিকসকল বাহিৰলৈ ওলাই আহিব ।

লগতে পঢ়ক :Tragic death of four workers: গুজৰাটী নৱবৰ্ষৰ দিনাই শ্বাসৰুদ্ধ হৈ মৃত্যু 4 শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.