Explosion in Egra: আতচবাজীকাৰখানাত হোৱা প্ৰচণ্ড বিস্ফোৰণত ৯ জন নিহত; NIA ৰ তদন্ত বিচাৰিছে বিজেপিয়ে

author img

By

Published : May 17, 2023, 1:05 AM IST

Several dead

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ঠাইদোখৰ দেখাত "যুদ্ধ অঞ্চল"ৰ দৰে হৈ পৰিছিল, য'ত ওচৰৰ পুখুৰী এটাকে ধৰি চাৰিওফালে শৰীৰৰ অংগ আৰু ধ্বংসাৱশেষ চিটিকি পৰিছিল (Explosion in Cracker factory)।

নেশ্যনেল ডেস্ক, 16 মে’: মঙলবাৰে পূব মেদিনীপুৰৰ এগ্ৰাত আতচবাজী কাৰখানাত সংঘটিত বিস্ফোৰণত কমেও ৯ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন গুৰুতৰভাৱে আহত হয় । বিস্ফোৰণৰ প্ৰভাৱ ইমানেই বৃহৎ আছিল যে আৱাসিক অট্টালিকাত চলি থকা কাৰখানাটো ধ্বংসস্তুপত পৰিণত হয় ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, "পশ্চিম বংগ-ওড়িশা সীমান্তৰ ওচৰৰ এখন গাঁৱৰ এটা ঘৰত অবৈধ ফটকা নিৰ্মাণৰ কাম চলি আছিল । তাত নিৰ্মিত ফটকা আগতে ওড়িশালৈ প্ৰেৰণ কৰা হৈছিল । তাত স্থানীয় শ্ৰমিকে কাম কৰিছিল" ৷ তৃণমূল কংগ্ৰেছৰ মুৰব্বী বেনাৰ্জীয়ে কয় যে, মৃতকৰ নিকট আত্মীয়ই ২.৫ লাখ টকাকৈ ক্ষতিপূৰণ লাভ কৰিব আৰু আহতসকলে ১ লাখ টকাকৈ এক কালীন সাহায্য পাব । আনহাতে তেওঁলোকৰ চিকিৎসাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব (cracker factory in West Bengal on fire)।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ তদন্তৰ বাবে বিজেপিৰ দাবী সন্দৰ্ভত তেওঁ কয়, "ইয়াত আমাৰ কোনো আপত্তি নাই । এই স্থান তেওঁলোকৰ নেতাৰ জিলা, গতিকে তেওঁলোকৰ হাতত কিছু সূত্ৰ আছে । অনুসন্ধানকাৰীসকলক বিচাৰি উলিয়াবলৈ দিয়ক" ৷ পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰী পূব মেদিনীপুৰ জিলাৰ ।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, ভাঙি পৰা ঘৰটোৰ এটা চেম্বাৰৰ পৰা বিস্ফোৰক সামগ্ৰীৰ বস্তা জব্দ কৰা হৈছে । প্ৰাথমিক তদন্তত মৃত লোকসকলৰ ভিতৰত ৫ জন আৰু আহত ৭ জন কাৰখানাটোত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে, এগ্ৰা আৰক্ষী থানাৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব কাৰণ তেওঁৰ হাতত অঞ্চলটোত “অবৈধ ফটকা ইউনিট চলি থকাৰ কোনো তথ্য নাছিল” (Several dead in explosion at cracker factory)।

বেনাৰ্জীয়ে কয় যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত এই কাৰখানাটো চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অবৈধ ফটকা ইউনিটৰ মালিকজন বিস্ফোৰণৰ পিছতে ওড়িশালৈ পলায়ন কৰে । তেওঁ কয় যে মই আৰক্ষীক তেওঁৰ সবিশেষ ওড়িশাৰ সমকক্ষসকলৰ সৈতে ভাগ-বতৰা কৰিবলৈ ক’ম যাতে তেওঁক তৎক্ষণাত গ্ৰেপ্তাৰ কৰা হয় । এই ঘটনা সংঘটিত হোৱা পঞ্চায়তখন বিজেপি সমৰ্থিত এজন স্বতন্ত্ৰ ৰাজনীতিবিদে চলাই আছে আৰু টিএমচিৰ কৰ্মীক গাঁওখনত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল বুলি দাবী কৰে টিএমচিৰ মুৰব্বীগৰাকীয়ে ।

তেওঁ কয় যে, ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰে গাঁৱৰ ৰাইজে । বিজেপি আৰু চিপিআই(এম)-এ নিয়মীয়াকৈ গাঁৱৰ ৰাইজক আৰক্ষীক মাৰপিট কৰিবলৈ ‘উচটনি’ দি অহাৰ অভিযোগ উত্থাপন কৰি বেনাৰ্জীয়ে কয় যে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

বেনাৰ্জীয়ে লগতে কয়, "পুলিচ হৈছে (আইনৰ) ৰক্ষক । আইন প্ৰৱৰ্তনকাৰীসকলক আক্ৰমণ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব । মোৰ বিশ্বাস মানুহৰ বিক্ষোভ কৰাৰ অধিকাৰ আছে, কিন্তু তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰিব নালাগে"৷

পৰিৱেশ মন্ত্ৰী মানস ৰঞ্জন ভুনিয়া আৰু আন এজন স্থানীয় বিধায়কক সেই স্থানলৈ যাবলৈ কয় মমতা বেনাৰ্জীয়ে । ভূনিয়াই কয়, "আমি পূৰ্বে এই ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা গঢ়ি তোলাৰ বাবে এক অভিযান হাতত লৈছিলো । এই বিপদৰ বিৰুদ্ধে যুঁজিবলৈ আমাক জনসাধাৰণৰ সহায়ৰ প্ৰয়োজন" ৷ তেওঁ কয় যে তেওঁৰ বিভাগ আৰু পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে এই অভিযান তীব্ৰতৰ কৰি তুলিব ৷ তেওঁ জনসাধাৰণক নিজ নিজ এলেকাত চলি থকা অবৈধ ফটকা ইউনিটৰ অস্তিত্বৰ বিষয়ে প্ৰশাসনক সতৰ্ক কৰি দিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক : AUDIF met Nitish Kumar: মতা নাছিল নীতিশ কুমাৰে, উপযাচিহে গৈছিল AIUDF; জাকিৰ হুছেইন শিকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.