ETV Bharat / state

AUDIF met Nitish Kumar: মতা নাছিল নীতিশ কুমাৰে, উপযাচিহে গৈছিল AIUDF; জাকিৰ হুছেইন শিকদাৰ

author img

By

Published : May 16, 2023, 9:40 PM IST

Jakir Hussain Sikdar comment on AUDIF
দিশহীন নাৱৰ দৰেই ঘাটে ঘাটে AIUDF ৰ নাও পাৰি দিছে আজমলে : জাকিৰ হুচেইন শিকদাৰ

‘‘নীতিশ কুমাৰে আজমলক মতা নাই ৷ উপযাচিহে গৈছিল AIUDF ৰ দল ৷’’ AIUDF ক সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Sikdar criticized AUDIF)৷

দিশহীন নাৱৰ দৰেই ঘাটে ঘাটে AIUDF ৰ নাও পাৰি দিছে আজমলে : জাকিৰ হুচেইন শিকদাৰ

গুৱাহাটী, ১৬ মে’ : ‘‘বিৰোধীৰ মিত্ৰতাৰ একতাত দিশহীন নাৱৰ দৰেই ঘাটে ঘাটে AIUDF ৰ নাও বান্ধিব খুজিছে আজমলে ৷ কেতিয়াবা যদি কংগ্ৰেছৰ ঘাটত AIUDF ৰ নাও ৰৈছে, তেন্তে কেতিয়াবা নাও বান্ধিছে শাৰদ পাৱাৰ, নীতিশ কুমাৰ, লালু প্ৰসাদ যাদৱৰ কাষত ৷’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Sikdar criticized AUDIF)৷

তেওঁ কয়, ‘‘শেহতীয়াকৈ মিত্ৰতাৰ আশাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক সাক্ষাৎ কৰি আহি অসমত মিছা মাতিছে নেকি বদৰুদ্দিন আজমলৰ AIUDF য়ে ? কংগ্ৰেছে নেতৃত্ব দিয়া ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে গঠিত অসমৰ বিজেপি বিৰোধী সন্মিলিত শক্তিৰ অংশীদাৰ হ’বলৈ শেহতীয়াকৈ ৰাষ্ট্ৰীয় চফৰ কৰাক লৈ এতিযা সৰৱ হৈছে কংগ্ৰেছ দল’’ (Shut out of anti BJP coalition in Assam)।

‘‘নীতিশ কুমাৰে মাতি নিয়া নাই AIUDF ক । উপযাচিহে নীতিশ কুমাৰক সাক্ষাৎ কৰিবলৈ গৈছিল আজমলৰ নেতৃত্বত সজাতি দল ৷ যোৱা শুকুৰবাৰে AIUDF য়ে বিহাৰত সাক্ষাৎ কৰিছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নীতিশ কুমাৰৰ সৈতে ৷ লগতে বিহাৰৰ ৰাজধানী পাটনাত সাক্ষাৎ কৰিছিল আৰজেডিৰ নেতৃত্বক ৷ উদ্দেশ্য ২০২৪ ৰ লোকসভাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধীৰ প্ৰস্তাৱিত মৰ্চাৰ লগত লগ লগা ৷’’ এই মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে ৷

আনহাতে, নীতিশ কুমাৰ আৰু মহাৰাষ্ট্ৰত শাৰদ পাৱাৰক সাক্ষাৎ কৰি আহি AIUDF ৰ বিধায়কে সংবাদমেল পাতি কৈছিল যে, নীতিশ কুমাৰে সাক্ষাৎ কৰিবলৈ মাতি নিছিল আজমলক (AIUDF Chief Ajmal meets Bihar CM Nitish Kumar) ৷ কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে AIUDF য়ে কোৱাৰ দৰেই সঁচাকৈয়ে আজমলক মাতি নিছিল নে নীতিশ কুমাৰে ? নে অসমত বিজেপি বিৰোধী সন্মিলিত শক্তিৰ ওচৰত উপেক্ষিত হৈ উপযাচি সাক্ষাৎ কৰিবলৈ গৈছিল আজমলৰ সৈতে দলটো ৷ এই প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে ৷

কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ মন্তব্য, “আজমলক মতা নাই ৷ না নীতিশে মাতিছে, না শাৰদ পাৱাৰে মাতিছে ! তেওঁলোক উপযাচি গৈছে ৷ বিৰোধীৰ লগত লগ লাগিবৰ বাবে প্ৰস্তাৱ এটা লৈ গৈছে ৷ প্ৰস্তাৱ মানে এইটো নহয় যে প্ৰস্তাৱ গ্ৰহণ কৰি লগা-লগ অংশীদাৰ হ’ব’’ ৷

আগন্তুক ২০২৪ ৰ লোকসভাৰ বাবে তৃতীয় সংগঠিত বিকল্প শক্তিৰ প্ৰচেষ্টাত থকা নীতিশ কুমাৰক শুকুৰবাৰে আগবেলা সাক্ষাৎ কৰে AIUDF ৰ নেতৃত্বই । প্ৰায় এঘণ্টা সময় ধৰি নীতিশ কুমাৰে AIUDF ৰ দলটোৰ সৈতে আলোচনা কৰিলে দেশৰ সাম্প্ৰতিক ৰাজনীতি প্ৰসংগত ৷ সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বত যোৱা দলটোত আছিল AIUDF ৰ জ্যেষ্ঠ নেতা সাধাৰণ সম্পাদক তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু ধুবুৰীৰ বিধায়ক নজৰুল হক ।

AIUDF ৰ দলটোৱে মন্তব্য কৰিছিল যে নীতিশ কুমাৰে তেওঁলোকক নিমন্ত্ৰণ দিছিল ৷ বিপৰীতে চৰ্চা হৈছে যে, অসমত মিত্ৰতাৰ বাবে কংগ্ৰেছক চাপ দিয়া কৌশলৰ অংশ স্বৰূপেহে AIUDF য়ে নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰক সাক্ষাৎ কৰিছিল ৷ আনহাতে, AIUDF ৰ আন দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক সাক্ষাৎ পৰ্বৰ পিচতে APCC ৰ সভাপতি ভূপেন বৰাই পুনৰ স্পষ্ট কৰি দিছে যে, কংগ্ৰেছে AIUDF ৰ সৈতে মিত্ৰতা কৰাৰ দৰে ভুল দ্বিতীয়বাৰ নকৰে ৷

লগতে পঢ়ক : Violence Hits Manipur : ইম্ফলত সুৰক্ষা বাহিনীৰ উচ্চস্তৰীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.