ETV Bharat / bharat

Plea Against Opposition Parties : INDIA বিতৰ্ক; ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

author img

By

Published : Aug 11, 2023, 10:46 PM IST

বিচাৰপীঠে কয় যে যদি কোনো নিৰ্বাচনী নীতি-নিয়ম উলংঘা হৈছে তেন্তে আবেদনকাৰীয়ে ভাৰতৰ নিৰ্বাচন আয়োগলৈ যাব লাগিব। বিচাৰপীঠে কয়, এই আবেদন প্ৰচাৰৰ বাবে দাখিল কৰা হৈছে আৰু আন একো নহয়।

SC refuses to entertain plea
ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, 11 আগষ্ট : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে 26 টা বিৰোধী দলে তেওঁলোকৰ মিত্ৰতাৰ বাবে INDIA (Indian National Developmental Inclusive Alliance) শব্দটো ব্যৱহাৰ কৰাত বাধা দিবলৈ ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা আৱেদন (পিআইএল) গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ আৱেদনকাৰীৰ অধিবক্তাই ন্যায়াধীশ এছ কে কৌলৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত যুক্তি দিছিল যে দেশত এটা দৌৰ চলি আছে, য’ত তেওঁলোক জাতীয়তাবাদী বুলি দেখুৱাবলৈ বিছাৰে ৷ ন্যায়াধীশ সুধাংশু ধুলিয়াক লৈ গঠিত বিচাৰপীঠে আবেদনকাৰীৰ পৰামৰ্শদাতাক সুধিছিল, ন্যায়পালিকাই কেনেকৈ দৌৰ চলি থকাত বাধা দিয়ে ?

বিচাৰপীঠে কয় যে এই ক্ষেত্ৰত যদি কোনো নিৰ্বাচনী নীতি-নিয়ম উলংঘা হৈছে তেন্তে আবেদনকাৰীয়ে ভাৰতীয় নিৰ্বাচনী আয়োগলৈ যাব লাগিব ৷ বিচাৰপীঠে কয় যে, এই আবেদন প্ৰচাৰৰ বাবে দাখিল কৰা হৈছে, তাৰ বাহিৰে আন একো নহয় ৷ অধিবক্তাই যুক্তি দিছিল যে ৰাজনৈতিক দলটোৰ নামকৰণৰ বাবে “I.N.D.I.A.,” সংক্ষিপ্ত ৰূপটো ব্যৱহাৰ কৰাটো নীতি-নিয়মৰ লগতে নৈতিকতাৰ বিৰুদ্ধ ৷ ৰাজনীতিত নৈতিকতা নিৰ্ণয় কৰিবলৈ যোৱা নাই বুলিও কয় বিচাৰপীঠে ৷

লগতে পঢ়ক : Constituency Delimitation: চৰকাৰৰ অধিকাংশ পৰামৰ্শ মানি আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

শীৰ্ষ আদালতত জনোৱা হৈছিল যে দিল্লী উচ্চ ন্যায়ালয়ত একেধৰণৰ আবেদন দাখিল কৰা হৈছে আৰু জাননী জাৰি কৰা হৈছে ৷ বিষয়টোৰ ওপৰত চমু শুনানিৰ অন্তত আবেদনকাৰীৰ অধিবক্তা ৰোহিত খেৰিৱালে আবেদন প্ৰত্যাহাৰ কৰিবলৈ সন্মত হয় ৷ অহা বছৰ হ’বলগীয়া লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল ৷ চলিত মাহৰ আৰম্ভণিতে দিল্লী উচ্চ ন্যায়ালয়ে 26 টা বিৰোধী ৰাজনৈতিক দল আৰু ভাৰতৰ নিৰ্বাচন আয়োগক একেধৰণৰ পিআইএল সন্দৰ্ভত জাননী জাৰি কৰিছিল ৷

লগতে পঢ়ক : Constituency Delimitation : নিৰ্বাচনী আয়োগে নহয়, চাৰিজন মানুহে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.