ETV Bharat / bharat

Andhra CM Assets Case: অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰ; স্থানান্তৰ আবেদনত ছুপ্ৰিম কোৰ্টৰ জাননী

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 8:33 PM IST

অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰ
Andhra CM Assets Case

আবেদনখনত কোৱা হৈছে যে যেনেদৰে ৰাজ্যিক মেচিনাৰীক (কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ') অবৈধভাৱে আৰু অন্যান্য উপায়েৰে নিজকে সমৃদ্ধ কৰাৰ পিছত অন্ধ্ৰপ্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ অনুকূল কৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছে তাৰ ফলত আবেদনকাৰীৰ অন্তৰাত্মা কঁপি উঠিছে । উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৪০ হাজাৰ কোটি টকাৰ অবৈধ সম্পত্তি আহৰণৰ অভিযোগ উত্থাপন হৈছে ।

নিউজ ডেস্ক, ৩ নৱেম্বৰ : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে চিবিআই আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডীৰ বিৰুদ্ধে অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ বিচাৰ স্থানান্তৰ আবেদনৰ ওপৰত সঁহাৰি প্ৰদান কৰে । আবেদনত এই গোচৰটোৰ বিচাৰ হায়দৰাবাদৰ পৰা বাহিৰত বিশেষকৈ দিল্লীলৈ স্থানান্তৰ কথা উল্লেখ কৰা হৈছিল । ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছভিএন ভাট্টিক লৈ গঠিত এখন বিচাৰপীঠে চিবিআইক বিচাৰটো কিয় পলম হৈ আছে সেই বিষয়ে ব্যাখ্যা আগবঢ়াবলৈ কয় । শীৰ্ষ ন্যায়ালয়ে ৱাইএছআৰ কংগ্ৰেছৰ সাংসদ ৰঘু ৰামকৃষ্ণ ৰাজুৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত জাননী জাৰি কৰে ।

আবেদনখনত কোৱা হৈছে যে যেনেদৰে ৰাজ্যিক মেচিনাৰীক (কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ') অবৈধভাৱে আৰু অন্যান্য উপায়েৰে নিজকে সমৃদ্ধ কৰাৰ পিছত অন্ধ্ৰপ্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ অনুকূল কৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছে তাৰ ফলত আবেদনকাৰীৰ অন্তৰাত্মা কঁপি উঠিছে । উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৪০ হাজাৰ কোটি টকাৰ অবৈধ সম্পত্তি আহৰণৰ অভিযোগ উত্থাপন হৈছে ।

আবেদনখনত দাবী কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে এইটো নিশ্চিত কৰিছে যে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক বিচাৰ নিষ্ক্ৰিয় হৈ থাকিব আৰু তেওঁৰ বিৰুদ্ধে কোনো ফলপ্ৰসূ পদক্ষেপ লোৱা নহয় । "আশ্চৰ্যজনকভাৱে ৰাজ্যিক মেচিনাৰীয়ে (উত্তৰদাতা নং ১/কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা) মাননীয় আদালতে এই অপব্যৱহাৰৰ বাবে গ্ৰহণ কৰিব দিয়া প্ৰক্ৰিয়াবোৰৰ বিপৰীতে নীৰৱ দৰ্শক হৈ থাকি অধিক সুখী হৈছে ।" আবেদনখনত কোৱা হৈছে ।

আনহাতে, আবেদনখনত দাবী কৰা হৈছে যে ২০১৪ চনৰ ১৪ মে'ৰ পৰা, যেতিয়া প্ৰয়াত ড৹ ৱাই এছ ৰাজশেখৰ ৰেড্ডীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ তেতিয়াৰ পৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ পুত্ৰ জগনমোহন ৰেড্ডীয়ে ৰাজহুৱা কাৰ্যালয়ৰ অপব্যৱহাৰ কৰি অবৈধভাৱে সম্পত্তি সংগ্ৰহ কৰাৰ বাবে এক বুদ্ধিমান পদ্ধতি গ্ৰহণ কৰিছিল । যাৰ ফলত ৰাজহুৱা কোষাগাৰৰ লোকচান হৈছিল ।

"পিতৃ-পুত্ৰৰ যুটিটোৱে গ্ৰহণ কৰা পদ্ধতিটো আছিল সম্পত্তিৰ ৰূপত ৰাজহুৱা বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰা । এছইজেড/প্ৰকল্প আৱণ্টন, খনি/বন্দৰৰ অনুজ্ঞা-পত্ৰ প্ৰদান আৰু কৰদাতাৰ ধনৰ মূল্যত তেওঁলোকৰ পচন্দৰ ব্যক্তিসকলক (প্ৰতিষ্ঠিত নিয়ম আৰু শাসন প্ৰক্ৰিয়া উলংঘা কৰি) এনে ধৰণৰ অন্যান্য লাভালাভ জগনমোহন ৰেড্ডীক বুজাবুজিৰ জৰিয়তে উৎকোচৰ ৰূপত প্ৰদান কৰা । জগনমোহন ৰেড্ডীৰ বিভিন্ন কোম্পানীত উচ্চ প্ৰিমিয়ামত শ্বেয়াৰ ক্ৰয় কৰাও ইয়াৰ অংশ আছিল ।" আবেদনখনত কোৱা হৈছে । লগতে এইটোও কোৱা হৈছে যে এই সন্দৰ্ভত চিবিআয়ে অভিযোগনামা দাখিল কৰিছে ।

অধিবক্তা বালাজী শ্ৰীনিবাসনৰ জৰিয়তে দাখিল কৰা আবেদনখনত দাবী কৰা হৈছে যে অভিযোগনামা দাখিল কৰাৰ পিছত জগনমোহনে চতুৰতাৰে সংশ্লিষ্ট কোম্পানীবোৰৰ মুখ্য পৰিচালন পদসমূহৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে । অৱশ্যে তেওঁ কৰ্প'ৰেট আৱৰণৰ এক জটিল জালৰ জৰিয়তে উক্ত কোম্পানীবোৰৰ নিয়ন্ত্ৰণ আৰু পৰিচালনা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Mahua Moitra slams ethics committee : সংসদৰ নৈতিকতা সমিতিক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.