ETV Bharat / bharat

Mahua Moitra slams ethics committee : সংসদৰ নৈতিকতা সমিতিক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:31 PM IST

মহাভাৰতৰ অন্যতম চৰিত্ৰ দ্ৰৌপদীৰ সৈতে নিজৰ পৰিস্থিতিৰ তুলনা মহুৱা মৈত্ৰৰ । সংসদৰ নৈতিকতা সমিতিয়ে তেওঁক অসন্মানজনক প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন কৰি নিজে হাতত অস্ত্ৰ তুলি লোৱাৰ কথা উল্লেখ কৰে ।

Mahua Moitra slams ethics committee
সংসদৰ নৈতিকতা সমিতিক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ

নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ : ধনৰ বিনিময়ত লোকসভাত প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন হোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ গুৰুতৰ অভিযোগ । সংসদৰ নৈতিকতা সমিতিয়ে তেওঁক মৌখিক উৎপীড়ন কৰাৰ অভিযোগ কৰে । এইবাৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদগৰাকীৰ । সংসদৰ নৈতিকতা সমিতিৰ তদন্তৰ সন্মুখীন হোৱা সাংসদগৰাকীয়ে নিজৰ পৰিস্থিতি মহাভাৰতৰ অন্যতম চৰিত্ৰ দ্ৰৌপদীৰ সৈতে তুলনা কৰে । কৃষ্ণনগৰৰ সাংসদগৰাকীয়ে নিৰ্ভয়াকাণ্ডৰ সময়ত কবি পুষ্পমিত্ৰ উপাধ্যায়ে লিখা এটা কবিতাৰ আলম লৈ কয় যে তেওঁৰ পৰিস্থিতি দ্ৰৌপদীৰ সৈতে একে । এক্সৰ এটা পোষ্টত হিন্দীত লিখা কবিতাটোৰ শেষত তেওঁ লিখিছে, "ভগৱান কৃষ্ণ আপোনাক সুৰক্ষা দিবলৈ নাহে । সেয়েহে, দ্ৰৌপদী তুমি নিজে হাতত অস্ত্ৰ তুলি লোৱা ।"

উল্লেখ্য যে ২০১২ চনত দিল্লীত সংঘটিত নিৰ্ভয়াকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল । ঘটনাটোৰ ভুক্তভোগীসকলে ১০ বছৰ ধৰি ন্যায়ৰ হকে মাত মাতিবলগীয়া হৈছিল । সেই সময়ত কবি পুষ্পমিত্ৰ উপাধ্যায়ে এটা কবিতা লিখিছিল । তেওঁৰ সেই কবিতাটো বিভিন্ন সময়ত চৰ্চাও হৈছিল । কবিগৰাকীয়ে ন্যায়িক ব্যৱস্থাক অপশাসনৰ সৈতে তুলনা কৰিছিল আৰু মহিলাসকলে নিজেই উৎপীড়নৰ বিৰুদ্ধে মাত মাতিব লাগে বুলি বাৰ্তা প্ৰেৰণ কৰিছিল । তেওঁ সংবাদ মাধ্যমৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল । সেই কবিতাটোৰ আলম লৈয়ে মহুৱা মৈত্ৰই বিশেষ পোষ্ট কৰে ।

সংসদৰ নৈতিকতা সমিতিয়ে বৃহস্পতিবাৰে সাংসদগৰাকীক নগদ ধনৰ বিনিময়ত প্ৰশ্ন গোচৰত সোধাপোছাৰ বাবে মাতি পঠিয়াইছিল । কিন্তু বৈঠকৰ মাজতে হঠাতে মহুৱা মৈত্ৰ সভাগৃহৰ পৰা ওলাই যায় । বৈঠকত উপস্থিত থকা বিভিন্ন বিৰোধী দলৰ সাংসদসকলেও ওলাই যায় । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মহুৱা আৰু অন্যান্য সাংসদসকলে দাবী কৰে যে টিএমচিৰ সাংসদগৰাকীক অসন্মানজনক প্ৰশ্ন সোধা হৈছে । তেওঁ নিশা কাৰ সৈতে কথা পাতিছিল সেই প্ৰশ্নও নৈতিকতা সমিতিৰ বৈঠকত উত্থাপন কৰা হৈছিল । যাৰ প্ৰতিবাদত, মহুৱা মৈত্ৰই সভাৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লয় ।

মহুৱাই পৰৱৰ্তী সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰও প্ৰেৰণ কৰে । তাত তেওঁ মৌখিক উৎপীড়নৰ বিষয়টো উত্থাপন কৰে । পাছত নিশা তেওঁ সামাজিক মাধ্যমত কবিতাটো উল্লেখ কৰি নৈতিকতা সমিতিক সমালোচনা কৰে । অৱশ্যে সমিতিখনত থকা বিজেপি সাংসদে দাবী কৰে যে বিৰোধীয়ে জাতিৰ বিষয় উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক :Cash for query case : আজি সংসদৰ নৈতিকতা সমিতিৰ সন্মুখত হাজিৰ হ'ব মহুৱা মৈত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.