ETV Bharat / bharat

SC on Gyanvapi Mosque Plea : জ্ঞানবাপী মছজিদৰ আবেদন নিষ্পত্তিত ভুল ছুপ্ৰিম কোৰ্টৰ; আবেদন পুনৰ গ্ৰহণ

author img

By

Published : Jul 26, 2023, 4:59 PM IST

SC on Gyanvapi Mosque Plea
SC on Gyanvapi Mosque Plea

উচ্চতম ন্যায়ালয়ে জ্ঞানবাপী মছজিদ সমিতিৰ এখন আবেদন পুনৰ গ্ৰহণ কৰিছে । এই আবেদনখন মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে অন্তৱৰ্তীকালীন আবেদন (আইএ) নিষ্পত্তি কৰাৰ সৈতে বিশেষ ছুটী আবেদন (এছএলপি) নিষ্পত্তি কৰা হৈছিল বুলি উল্লেখ কৰিছিল । আদালতে এতিয়া এই আদেশ সংশোধন কৰি ইয়াক অজানিতে নিষ্পত্তি কৰা হৈছিল বুলি উল্লেখ কৰিছে ।

নিউজ ডেস্ক, ২৬ জুলাই : উচ্চতম ন্যায়ালয়ে বুধবাৰে জ্ঞানবাপী মছজিদ সমিতিৰ দ্বাৰা কৰা এখন আবেদন পুনৰ গ্ৰহণ কৰিছে, যিখন শীৰ্ষ ন্যায়ালয়ে অজানিতে সোমবাৰে নিষ্পত্তি কৰিছিল । আনহাতে, ছুপ্ৰিম কোৰ্টে বাৰাণসী জিলা আদালতৰ নিৰ্দেশত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই) বিভাগৰ দ্বাৰা জ্ঞানবাপী মছজিদৰ এক বিস্তৃত জৰীপ ২৬ জুলাইৰ সন্ধিয়া ৫ বজালৈকে স্থগিত ৰাখিছিল । এই জৰীপ মছজিদটো পূৰ্বতে থকা হিন্দু মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছিলনে নাই সেয়া নিশ্চিত কৰিবলৈ কৰা হৈছিল ।

জ্ঞানবাপী মছজিদ পৰিচালনা সমিতিক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা হুজেফা আহমদীয়ে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত দাবী কৰে যে আদালতে সোমবাৰে এএছআই জৰীপৰ ওপৰত স্থগিতাদেশ বিচাৰি কৰা অন্তৱৰ্তীকালীন আবেদনৰ (interim application, IA) পৰিৱৰ্তে মূল আবেদনৰ নিষ্পত্তি কৰিছে ।

আহমদীয়ে ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত কয় যে সোমবাৰৰ আদেশত সংশোধনৰ প্ৰয়োজন আছে আৰু আদালতে দুৰ্ঘটনাক্ৰমে মুখ্য বিশেষ ছুটীৰ আবেদন (special leave petition, SLP) নিষ্পত্তি কৰিছিল । কিন্তু তেওঁ কেৱল এখন অন্তৱৰ্তীকালীন আবেদনহে দাখিল কৰিছিল ।

ইফালে এএছআই জৰীপৰ বিৰুদ্ধে মছজিদ সমিতিৰ আবেদনৰ ওপৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে পুনৰ শুনানি আৰম্ভ কৰে । আহমদীয়ে কয় যে এলাহাবাদ উচ্চ ন্যায়ালয়ে বিষয়টোৰ শুনানি কৰি আছে আৰু এছএলপি আদেশ ৭ নিয়ম ১১ বিষয়ৰ বিৰুদ্ধে আছিল, সোমবাৰে আদালতৰ সন্মুখত যিটো বিষয়ৰ ওপৰত বিতৰ্ক হোৱা নাছিল । তেওঁ লগতে আঙুলিয়াই দিয়ে যে উচ্চ ন্যায়ালয়ৰ সন্মুখত এই যুক্তি দিব পাৰে যে তেওঁলোকৰ আপীল খাৰিজ কৰা হৈছে ।

উত্তৰ প্ৰদেশ চৰকাৰ আৰু এএছআইক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে মছজিদ সমিতিৰ এছএলপি পুনৰ গ্ৰহণ কৰাৰ বিষয়ত তেওঁৰ একো ক'বলগা নাই । মেহতাই কয় যিটো বিষয় নিষ্পত্তি কৰা হৈছে সেয়া এখন আইএ, কিন্তু এছএলপি নহয় ।

আনহাতে, মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আদেশটো সংশোধন কৰি স্পষ্ট কৰি দিয়ে যে নিষ্পত্তি কৰা বিষয়টো প্ৰকৃততে আইএ আছিল, পূৰ্বতে ধাৰণা কৰা অনুসৰি এছএলপি নহয় । এছএলপিত থকা মছজিদ সমিতিয়ে অসামৰিক প্ৰক্ৰিয়া বিধিৰ সপ্তম নিয়ম ১১(গ)ৰ আদেশৰ অধীনত বাৰাণসী জিলা আদালতত হিন্দু দলে দাখিল কৰা গোচৰটো খাৰিজ কৰিবলৈ শীৰ্ষ আদালতত আবেদন কৰিছিল ।

লগতে পঢ়ক :ED Director Tenure Issue : ইডি সঞ্চালকৰ কাৰ্যকাল বৃদ্ধি; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.