ETV Bharat / bharat

Adani vs Hindenburg clash: হিণ্ডেনবাৰ্গ পত্ৰৰ অভিযোগ নিৰীক্ষণৰ বাবে 6 জনীয়া তদন্ত সমিতি গঠন

author img

By

Published : Mar 2, 2023, 6:35 PM IST

আদানী গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ গৱেষণা পত্ৰই অনা অভিযোগ নিৰীক্ষণৰ বাবে 6 জনীয়া তদন্ত সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ ৷ আদানী গ্ৰুপৰ ষ্টক হেৰফেৰ অভিযোগ সন্দৰ্ভত দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া (Adani Hindenburg clash) ৷ তাৰ মাজতে এই গুৰুত্বপূৰ্ণ ৰায় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷

Adani vs Hindenburg clash
হিণ্ডেনবাৰ্গ পত্ৰৰ অভিযোগ নিৰীক্ষণৰ বাবে 6 জনীয়া তদন্ত সমিতি গঠন

নেশ্যনেল ডেস্ক, 2 মাৰ্চ: ব্যৱসায়ী গৌতম আদানীৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ গৱেষণা পত্ৰই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ (Xpert committee to address concerns raised by the Hindenburg Research)৷ সমগ্ৰ অভিযোগৰ পৰ্যালোচনাৰ বাবে গঠন কৰা হৈছে এখন বিশেষজ্ঞ সমিতি ৷ 6 জনীয়া এই সমিতিখনৰ অধ্যক্ষতা কৰিব প্ৰাক্তন ন্যায়াধীশ এ এম চাপ্ৰেয়ে (Former apex court judge Justice AM Sapre) ৷

উচ্চতম ন্যায়ালেয় ছেবিক (SEBI)ক ছেবি নিয়মৰ 19 নম্বৰ ধাৰা উলংঘন আৰু ষ্টকৰ মূল্যৰ কোনো হেৰফেৰ হৈছে নেকি তদন্ত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছিল । শীৰ্ষ ন্যায়ালয়ে হিণ্ডেনবাৰ্গ প্ৰতিবেদন আৰু বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এখন সমিতিৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল ৷

যোৱা 17 ফেব্ৰুৱাৰীত অনুষ্ঠিত এক শুনানিত শীৰ্ষ ন্যায়ালয়ে তদন্ত সমিতিৰ নিযুক্তি সন্দৰ্ভত কেন্দ্ৰৰ চীলড ক’ভাৰ (sealed cover ) পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত স্বচ্ছতাক গুৰুত্ব প্ৰদান কৰি উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ইংগিত দিছিল যে, পৰামৰ্শটো গ্ৰহণ কৰা নহয় কিয়নো স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ (Adani Hindenburg clas) ।

এই সন্দৰ্ভত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এখন চীলড ক’ভাৰ নোট দাখিল কৰি কয় যে দুটা উদ্দেশ্য মনত ৰাখিব লাগিব ৷ সেয়া হ’ল সত্য উন্মোচন কৰা আৰু অনিচ্ছাকৃত প্ৰভাৱ পৰিহাৰ কৰি এক সামগ্ৰিক দৃষ্টিভংগী উপস্থাপন কৰা (Adani group stock manipulation) ৷

উল্লেখ কৰা প্ৰয়োজন যে, হিণ্ডেনবাৰ্গ প্ৰতিবেদনত ষ্টক হেৰফেৰ আৰু জালিয়াতিৰ অভিযোগৰ পিচত যোৱা মাহৰ পৰা আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য যথেষ্ট হ্ৰাস পাইছে (Hindenburg report on Adani Group) ৷ ইফালে, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ তথ্যক আদানী গ্ৰুপে ভুৱা বুলি অভিহিত কৰি আহিছে ৷ 413 পৃষ্ঠাৰ এক প্ৰতিবেদনত আদানী গ্ৰুপে কৈছিল যে, হিণ্ডেনবাৰ্গৰ গৱেষণা প্ৰতিবেদন কেৱল কোনো নিৰ্দিষ্ট কোম্পানীৰ ওপৰত অবাঞ্ছিত আক্ৰমণেই নহয়, বৰঞ্চ ভাৰতৰ ওপৰতো এক পৰিকল্পিত আক্ৰমণ ৷

ইফালে, আদানী গ্ৰুপে ষ্টক হেৰফেৰ কৰাৰ তথ্য হিণ্ডেনবাৰ্গ গৱেষণা পত্ৰত প্ৰকাশ পোৱাৰ পাচতেই দেশৰ ৰাজনৈতিৰ মহলতো আৰম্ভ হৈছিল ব্যাপক প্ৰতিক্ৰিয়া ৷ যি প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে ৷ আদানীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদানীৰ বন্ধু বুলি অভিহিত কৰি আহিছে ৷

লগতে পঢ়ক: Congress slams PM: নৰেন্দ্ৰ মোদীক জনসাধাৰণৰ পৰিৱৰ্তে আদানী-আম্বানীৰ প্ৰধানমন্ত্ৰী আখ্যা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.