ETV Bharat / bharat

SC on Hate Speeches : ঘৃণামূলক ভাষণৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

author img

By

Published : Apr 28, 2023, 9:55 PM IST

SC on Hate Speeches
SC on Hate Speeches

উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলবোৰক ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । আনকি যদি এই সম্পৰ্কে কোনো অভিযোগো নাথাকে তথাপিও সংশ্লিষ্ট ৰাজ্যসমূহক নিজাববীয়াকৈ গোচৰ ৰুজুৰ নিৰ্দেশ দিয়ে (SC directs register cases against hate speeches) ।

নিউজ ডেস্ক, ২৮ এপ্ৰিল : ২০২২ চনত দিয়া আদেশৰ পৰিসৰ তিনিখন ৰাজ্যৰ পৰা বৃদ্ধি কৰি উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে (Supreme Court on hate speeches) । এই ক্ষেত্ৰত যদি কোনো অভিযোগো কৰা হোৱা নাই তথাপিও এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছুপ্ৰিম কোৰ্টে আদেশ দিয়ে । ন্যায়ালয়ৰ পৰ্যবেক্ষণত ন্যায়াধীশ কে এম যোচেফ আৰু বিভি নাগাৰাথনাৰ বিচাৰপীঠে ঘৃণামূলক ভাষণক "দেশৰ ধৰ্মনিৰপেক্ষ গাঁথনি প্ৰভাৱিত কৰিবলৈ সক্ষম গুৰুতৰ অপৰাধ" বুলি অভিহিত কৰে (SC termed hate speeches as serious offence) ।

বিচাৰপীঠে কয় যে, ২১ অক্টোবৰ, ২০২২ চনত ছুপ্ৰিম কোৰ্টে দিয়া আদেশ ধৰ্ম নিৰ্বিশেষে প্ৰযোজ্য কৰা হ'ব । লগতে গোচৰ পঞ্জীয়নত হোৱা যিকোনো বিলম্বক আদালত অৱমাননা হিচাপে গণ্য কৰা হ'ব বুলি সতৰ্ক কৰি দিয়ে (SC directs register cases against hate speeches) । "ধৰ্মৰ নামত আমি ক'ত উপনীত হৈছোঁ ? আমি ধৰ্মক যিটো স্তৰলৈ অৱনমন কৰিছোঁ সেয়া সঁচাকৈয়ে দুখজনক ।" দেশৰ শীৰ্ষ ন্যায়ালয়ে উত্তৰ প্ৰদেশ, দিল্লী আৰু উত্তৰাখণ্ডক ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দি এনেদৰে কৈছিল আৰু ৰাজ্যকেইখনক ধৰ্মনিৰপেক্ষ এখন দেশৰ বাবে আচৰিত ঘটনা বুলি অভিহিত কৰিছিল (Supreme Court strict against hate speeches)।

উল্লেখ্য, ভাৰতৰ সংবিধানত (Constitution of India) ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰিকল্পনা আছে বুলি কৈ আদালতে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীক অভিযোগ দাখিলৰ বাবে অপেক্ষা নকৰাকৈ অপৰাধীসকলৰ বিৰুদ্ধে তৎক্ষণাৎ অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল । শুকুৰবাৰে বিচাৰপীঠে কয়, "বিচাৰকসকল অৰাজনৈতিক আৰু কোনো সৈতে সম্পৰ্কিত নহয় । তেওঁলোকৰ মনত একমাত্ৰ কথা হৈছে ভাৰতৰ সংবিধান ।"

লগতে উচ্চতম ন্যায়ালয়ে কৈছিল যে ন্যায়ালয়ে "বৃহত্তৰ ৰাজহুৱা কল্যাণ"ৰ বাবে আৰু "আইনৰ শাসন" স্থাপন নিশ্চিত কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ঘৃণামূলক ভাষণৰ বিৰুদ্ধে আবেদন লাভ কৰি আহিছে । শীৰ্ষ ন্যায়ালয়ে এই "অতি গুৰুতৰ বিষয়"ৰ ওপৰত ব্যৱস্থা লোৱাত প্ৰশাসনৰ যিকোনো বিলম্বৰ বিষয়েও সতৰ্ক কৰি দি কৈছিল যে ই আদালতৰ অৱমাননাৰ লেখীয়া হ'ব (SC directs action against hate speeches) ।

শীৰ্ষ ন্যায়ালয়ৰ এই নিৰ্দেশটো আহে সাংবাদিক শ্বাহিন আব্দুল্লাই দাখিল কৰা এখন আবেদনৰ ওপৰত । তেওঁ প্ৰথমতে দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ বিচাৰিছিল । আব্দুল্লাই পিচত পুনৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত শীৰ্ষ ন্যায়ালয়ৰ ২০২২ চনৰ ২১ অক্টোবৰৰ আদেশ কাৰ্যকৰী কৰিবলৈ আবেদন দাখিল কৰিছিল ।

লগতে পঢ়ক :Amartya Sen vs Visva Bharati : ভূমি প্ৰসংগত বিশ্ব ভাৰতীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ অমৰ্ত্য সেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.