ETV Bharat / bharat

SC Cites SSR Case : টিভি চেনেলৰ জৰিমনা অনুষ্ঠানৰ পৰা উপাৰ্জিত লাভৰ সমানুপাতিক হ'ব লাগিব; ছুপ্ৰিম কোৰ্ট

author img

By

Published : Aug 14, 2023, 7:48 PM IST

SC Cites SSR Case
SC Cites SSR Case

মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে যে এটা চেনেলত ১ লাখ টকাৰ জৰিমনা সঁচাকৈয়ে কাৰ্যকৰী হয়নে । তেওঁ এগৰাকী অধিবক্তাক কয়, "আপোনাৰ জৰিমনা আপুনি প্ৰচাৰ কৰা অনুষ্ঠানটোৰ পৰা উপাৰ্জন কৰা লাভৰ সমানুপাতিক হ'বই লাগিব ।"

নিউজ ডেস্ক, ১৪ আগষ্ট : উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে তেওঁলোকে সংবাদ মাধ্যমৰ ওপৰত প্ৰাক-চেঞ্চৰশ্বিপ বা উত্তৰ-চেঞ্চৰশ্বিপ আৰোপ কৰিব নিবিচাৰে । লগতে কয় যে টিভি চেনেলসমূহৰ স্ব-নিয়ন্ত্ৰণ কাৰ্যকৰী হ'ব লাগিব । লগতে আঙুলিয়াই দিয়ে যে সুশান্ত সিং ৰাজপুত গোচৰৰ সময়ত সংবাদ মাধ্যমবিলাক উগ্ৰ হৈ পৰিছিল । ইয়াৰ উপৰি পৰামৰ্শ দিয়ে যে টিভি চেনেলসমূহৰ বিৰুদ্ধে জৰিমনা লাভৰ সমানুপাতিক হ'ব লাগিব ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে ইংগিত দিয়ে যে ই টিভি চেনেলসমূহৰ নিয়ন্ত্ৰণ শক্তিশালী কৰিব । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে মন্তব্য কৰে যে নিয়মবোৰ কঠোৰ নকৰিলে টিভি চেনেলসমূহত সেইটো পালন কৰিবলৈ কোনো বাধ্যবাধকতা নাই ।

আনহাতে, মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে যে এটা চেনেলত ১ লাখ টকাৰ জৰিমনা সঁচাকৈয়ে কাৰ্যকৰী হয়নে । তেওঁ এজন অধিবক্তাক কয়, "আপোনাৰ জৰিমনা আপুনি উক্ত অনুষ্ঠান প্ৰচাৰৰ পৰা লাভ কৰা লাভৰ অনুপাতৰ হ'ব লাগিব । আমি সংবাদ মাধ্যমৰ ওপৰত প্ৰাক-চেঞ্চৰশ্বিপ বা উত্তৰ-চেঞ্চৰশ্বিপ আৰোপ কৰিব নিবিচাৰো... কিন্তু স্ব-নিয়ন্ত্ৰক প্ৰণালী কাৰ্যকৰী হ'বই লাগিব ।"

ইফালে সুশান্ত সিং ৰাজপুত গোচৰত সংবাদ মাধ্যমৰ উন্মাদনাৰ সন্দৰ্ভত বিচাৰপীঠে কয় যে সকলোৱে বিৰক্ত হৈ পৰিছিল আৰু কিছুমান টিভি চেনেলে এনে ক্ষেত্ৰত অপৰাধমূলক তদন্তৰ পূৰ্বনিৰ্ধাৰণ কৰিছিল । সেয়ে স্ব-নিয়ন্ত্ৰক প্ৰণালী কাৰ্যকৰী হ'ব লাগিব । বিচাৰপীঠে সেয়ে ইয়াৰ ফ্ৰেমৱৰ্ক শক্তিশালী কৰাৰ প্ৰস্তাৱ দি লগতে কয় যে ন্যায়ালয়ে আপ-লিংকিং আৰু ডাউন-লিংকিং নিৰ্দেশনাৰ কথা ভাবিছে ।

বিচাৰপীঠে লগতে কয় যে ন্যায়ালয়ে বোম্বাই উচ্চ ন্যায়ালয়ৰ ৰায়টো সলনি কৰিব আৰু এতিয়া নিয়মাৱলী শক্তিশালী কৰিব । আনহাতে, বৰ্তমানৰ ১ লাখ টকাৰ জৰিমনা সন্দৰ্ভত পৰামৰ্শ বিচাৰিব যিটো এনবিডিএৰ (পূৰ্বতে নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচন) নিৰ্দেশনা উলংঘনৰ বাবে নিউজ চেনেলসমূহত আৰোপ কৰা হৈছে ।

বিচাৰপীঠে নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচনক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অৰবিন্দ দাটাৰকো টিভি চেনেলসমূহৰ স্ব-নিয়ন্ত্ৰণৰ ওপৰত শীৰ্ষ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ কে চিক্ৰি আৰু আৰ ভি ৰবীন্দ্ৰনৰ পৰা পৰামৰ্শ বিচাৰিবলৈ কয় । শীৰ্ষ আদালতে বোম্বাই উচ্চ ন্যায়ালয়ৰ এক ৰায়ক প্ৰত্যাহ্বান জনাই নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচনৰ এটা আবেদনৰ শুনানি গ্ৰহণ কৰি এই কথা কয় । য'ত টিভি চেনেলসমূহৰ স্ব-নিয়ন্ত্ৰণত দায়িত্বৰ অভাৱৰ বিষয়ে বিৰূপ পৰ্যবেক্ষণ কৰিছিল ।

শুনানিৰ সময়ত দাটাৰে যুক্তি দিয়ে যে যদি এটা চেনেলৰ বিৰুদ্ধে প্ৰতিকূল আদেশ প্ৰদান কৰা হয়, তেন্তে তেওঁলোকৰ অনুজ্ঞা-পত্ৰ নৱীকৰণ কৰা নহ'ব । মুখ্য ন্যায়াধীশে কয় যে স্ব-নিয়ন্ত্ৰক প্ৰণালী কাৰ্যকৰী হ'ব লাগিব আৰু ন্যায়ালয় এইটো ক্ষেত্ৰত সন্মত যে তাত চৰকাৰী হস্তক্ষেপ থাকিব নালাগে ।

আনহাতে, কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ইয়াত তিনিস্তৰীয় ব্যৱস্থা আছে । আনহাতে, অন্য চেনেলসমূহকো প্ৰতিনিধিত্ব কৰা আন সংগঠন আছে আৰু চৰকাৰে তেওঁলোককো এই ক্ষেত্ৰত ৰেকৰ্ডত ৰাখিব । বিতং তথ্য দাখিলৰ শুনানিৰ পিছত শীৰ্ষ আদালতে নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচনৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে ।

লগতে পঢ়ক :Adani Hindenburg Controversy : আদানি হিণ্ডেনবাৰ্গ বিতৰ্ক; তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰু ১৫ দিন সময় বিচাৰিলে ছেবিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.