ETV Bharat / bharat

Karnataka Assembly Election 2024: ভোট বিচাৰি কৰ্ণাটকত দুৱাৰে দুৱাৰে টোকৰ মাৰিলে সৰ্বানন্দ সোণোৱালে

author img

By

Published : Apr 25, 2023, 9:47 PM IST

Sarbananda Sonowal started election campaign for karnataka election
কৰ্ণাটকত ঘৰে ঘৰে ভোট খুজিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন (Karnataka Assembly Election 2024) ৷ বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Cabinet Minister Sarbananda Sonowal) ৷

গুৱাহাটী, ২৫ এপ্ৰিল : সমাগত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন (Karnataka Assembly Election 2024) ৷ অহা ১০ মে’ত হ’বলগীয়া কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Cabinet Minister Sarbananda Sonowal)৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত উত্তৰ আৰু দক্ষিণ দাৱনাগেৰে সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী ক্ৰমে এছ এ ৰবীন্দ্ৰনাথ আৰুবি জি অজয় কুমাৰৰ হৈ প্ৰচাৰ চলায় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে (Sarbananda Sonowal at Election Campaigning)। কৰ্ণাটকৰ দাৱনাগেৰেত বিজেপিৰ ‘ডাব’ল ইঞ্জিন চৰকাৰ’ৰ হৈ ভোট বিচাৰিলে সৰ্বানন্দ সোণোৱালে ৷

মঙলবাৰে কৰ্ণাটকৰ দাৱনাগেৰেত অনষ্ঠিত ৰাজনৈতিক সমাৱেশত ভাষণ দিয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিৰ্বাচনী সভাত ভাগ লৈ ভোটাৰক উদ্দেশ্যি সোণোৱালে কয় যে, বিজেপি চৰকাৰৰ আমোলত ভাৰতীয় নাগৰিকৰ সৰ্বাংগীন উন্নয়নৰ বাবে সামাজিক সবলীকৰণ আৰু অৰ্থনৈতিক বিকাশ সম্ভৱ হ'ব (Karnataka Assembly Election campaigning) ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰ ভাৰত আৰু অন্ত্যোদয়ৰ দৃষ্টিভংগীয়ে ভাৰতক বিশ্বৰ ১ নং দেশ হোৱাত সক্ষম অধিক শক্তিশালী কৰিব (Karnataka Assembly Election 2024 news) ৷

লগতে ভাষণত সৰ্বানন্দ সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষৰ দৰে দেশক নেতৃত্ব দিয়াটো অতি গৌৰৱৰ বিষয়। মোডীৰ নেতৃত্বত ভাৰতৰ বহু ৰাজ্যত বিজেপিৰ ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ সফলতা লেখত ল’বলগীয়া (Sarbananda Sonowal started election campaign) । তাৰ ভিতৰত কৰ্ণাটকৰ্ণ অন্যতম । আজি কৰ্ণাটকৰ জনসাধাৰণক এক সামগ্ৰিক বিকাশৰ পথ প্ৰদান কৰা হৈছে । সমাজৰ উপেক্ষিত শ্ৰেণীসমূহক সামাজিক আৰু অৰ্থনৈতিক দুয়োটা দিশতে সক্ষম আৰু সবলীকৰণ কৰা হৈছে (Karnataka Election update)।"

"বিজেপিৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ উপেক্ষিত জনগোষ্ঠীক সবলীকৰণৰ বাবে দুটা ঐতিহাসিক সিদ্ধান্ত লোৱাটো অতি সন্তুষ্টিৰ বিষয়। অনসূচিত জাতিৰ বাবে ২% আৰু অনসূচিত জনজাতিৰ বাবে ৪% সংৰক্ষণ বদ্ধি আৰু অনসূচিত জাতিৰ বাবে আভ্যন্তৰীণ সংৰক্ষণ প্ৰৱৰ্তনৰ লগে লগে এই সম্প্ৰদায়সমূহৰ দীৰ্ঘদিনীয়া আকাংক্ষিত দাবী বিজেপি চৰকাৰে পূৰণ কৰিলে ।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় ৷

ইয়াৰ লগতে অপশাসনৰ বাবে কংগ্ৰেছ দলটোক তীব্ৰভাৱে সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে । এই সন্দৰ্ভত ভাষণত তেওঁ কয়, ‘‘কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ চৰকাৰ থকা সময়ত তেওঁলোকে দীৰ্ঘদিন ধৰি কৰা অপশাসনৰ বাবে দেশে গধুৰ মূল্য দি আহিছে । কৰ্ণাটকৰ উপেক্ষিত জনগোষ্ঠীৰ বৈধ দাবীক কংগ্ৰেছে দীৰ্ঘদিন ধৰি অস্বীকাৰ কৰি আহিছে । কংগ্ৰেছে আজিও বিজেপি চৰকাৰে ৰাজ্যৰ পিছপৰা জনগোষ্ঠীৰ সবলীকৰণৰ ঐতিহাসিক পদক্ষেপৰ বিৰোধিতা কৰি আছে ।’’

আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ বাবে প্ৰচাৰ চলাই থকা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে দাৱনাগেৰেৰ বিজেপি সতীৰ্থৰ সৈতে মা ভাৰতীৰ মহান বীৰ মদকাৰী নায়কা, ছত্ৰপতি শিৱাজী মহাৰাজ, জগতগুৰু বাসৱ, বাবা ছাহেব আম্বেদকাৰ আৰু স্বাধীনতা সংগ্ৰামী ক্ৰান্তিবীৰ সাংগোল্লী ৰায়ন্নাক স্মৰণ কৰি পুষ্পাঞ্জলি প্ৰদান কৰে । মন্ত্ৰী সোণোৱালে বিবিধ ভাশিকা নেতা সন্মিলনতো অংশ লয় । লগতে মন্ত্ৰীগৰাকীয়ে বিয়লি ভাৰত কলনী ৱাৰ্ড নং ২০ চিটী কৰ্পৰেশ্যন দাৱনাগেৰেৰ পৰা গণেশ হোটেল চাৰ্কল হৈ কব্বৰু বাসপ্পা নগৰালৈকে উলিওৱা ৰোড শ্ব’তো অংশগ্ৰহণ কৰে ।

ইয়াৰোপৰি নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে সোণোৱালে দাৱনাগেৰেৰ ডোড্ডাপেটৰ বিৰাকথ মঠো পৰিদৰ্শন কৰে । নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে এখন সংবাদমেলো সম্বোধন কৰে সোণোৱালে ৷

লগতে পঢ়ক: India starts evacuation from Sudan : ২৭৮ ভাৰতীয়ক লৈ জেদ্দালৈ ৰাওনা আইএনএছ সুমেধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.