ETV Bharat / bharat

Shoaib Sania Divorce Row : ছানিয়া মিৰ্জাৰে বিবাহ বিচ্ছেদ ছোৱেইব মালিকৰ ! ছোৱেবে সলনি কৰিলে ইনষ্টাগ্ৰাম বায়'

author img

By

Published : Aug 3, 2023, 7:40 PM IST

Shoaib Sania Divorce Row
Shoaib Sania Divorce Row

পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিক আৰু ভাৰতীয় টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা পুনৰবাৰ সংবাদ মাধ্যমৰ শিৰোনামত । তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰিটোৱে তীব্ৰ চৰ্চা লাভ কৰিছে । এইবাৰ এই পদক্ষেপ ছোৱেব মালিকে গ্ৰহণ কৰিছে ।

নিউজ ডেস্ক, ৩ আগষ্ট : ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহ বিচ্ছেদ ! বিগত কিছুদিন ধৰি এই খবৰটোৱে চৰ্চা লাভ কৰি আছিল । কিন্তু শেহতীয়াভাৱে এই খবৰটোৱে গতি লাভ কৰিছে । ছোৱেইব মালিকৰ ইনষ্টাগ্ৰাম বায়'ৰ এক বিশেষ পৰিৱৰ্তনে এই ক্ষেত্ৰত সকলোকে খবৰটো সত্য বুলি ভাবিবলৈ বাধ্য কৰিছে ।

ভাৰতীয় টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিক তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাবে পুনৰবাৰ বাতৰিৰ শিৰোনামলৈ আহিছে । এইটো অনুমান কৰা হৈছে হয় যে তেওঁলোক দুয়োৱে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ কৰিছে আৰু তেওঁলোক ইজনে সিজনৰ পৰা পৃথক হৈছে । ছোৱেইব মালিকে তেওঁৰ ইনষ্টাগ্ৰামত এক ডাঙৰ পৰিৱৰ্তন অনাৰ পিছতে এই বাতৰিটোৱে ধুমুহাৰ গতিত চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছে । ইনষ্টাগ্ৰামৰ পৰা ছানিয়া মিৰ্জাৰ নাম মচি পেলোৱা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ছোৱেইব মালিকে তেওঁৰ ইনষ্টাগ্ৰাম বায়'ৰ পৰা 'ছানিয়া মিৰ্জাৰ স্বামী' বাক্যটো আঁতৰাই দিছে । ইয়াৰ পূৰ্বে পাকিস্তানী ক্ৰিকেটাৰজনে তেওঁৰ ইনষ্টাগ্ৰাম বায়'ত এনেদৰে লিখিছিল- 'ছুপাৰ উইমেন ছানিয়া মিৰ্জাৰ স্বামী' । কিন্তু এতিয়া মালিকৰ বায়' পৰিৱৰ্তন কৰা হৈছে আৰু তাৰ পৰা 'ছানিয়া মিৰ্জাৰ স্বামী' বুলি লিখা তথ্য আঁতৰোৱা হৈছে ।

অৱশ্যে যদিও বহু সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰিছে যে দুয়োৰে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হৈছে, কিন্তু দুয়োটা পক্ষৰ কোনো এটাৰ পৰা এতিয়ালৈকে এই বিষয়ত আনুষ্ঠানিকভাৱে একো নিশ্চিত কৰা হোৱা নাই ।

প্ৰণিধানযোগ্য যে ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহো বহু চৰ্চিত আছিল । দুয়োৱে ২০১০ চনত বিবাহপাশত আবদ্ধ হৈছিল । ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকে বিবাহৰ পূৰ্বে প্ৰথম ৫ মাহৰ বাবে ইজনে সিজনৰ লগত সম্পৰ্কত আছিল । ছোৱেইব মালিক আৰু ছানিয়া মিৰ্জাই বিবাহৰ আঠ বছৰৰ পিছত ৩০ অক্টোবৰত পুত্ৰ ইজহানৰ জন্ম দিয়ে ।

লগতে পঢ়ক :Haryana Nuh Violence : নুহৰ হিংসাত্মক ঘটনাৰ বাবে কোন দায়ী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.