ETV Bharat / bharat

বাবা ৰামদেৱৰ ছ’চিয়েল মিডিয়াত ফল’ৱাৰৰ সংখ্যা প্ৰায় ২০ লাখ

author img

By

Published : Jul 8, 2022, 8:16 AM IST

সাধু আৰু যোগীসকলে সামাজিক মাধ্যমত ৰিল, ভিডিঅ’ বনাই যুৱ প্ৰজন্মৰ সমাগৰ লাভ কৰাৰ চেষ্টা আৰম্ভ কৰিছে । বাবা ৰামদেৱৰ ছ’চিয়েল মিডিয়াত ফল’ৱাৰৰ সংখ্যা প্ৰায় ২০ লাখ (Baba Ramdev on social media ) ৷

sadhus-of-21st-century-being-idol-for-reels
বাবা ৰামদেৱৰ ছ’চিয়েল মিডিয়াত ফ’ল’ৱাৰৰ সংখ্যা ২০ লাখ

নিউজ ডেস্ক,৭ জুলাই: আগতে সাধুসকলে সহজ আৰু আধ্যাত্মিকতাৰ মাজৰে জীৱন যাপন কৰিছিল ৷ কিন্তু নতুন যুগৰ সাধুসকলে ওতঃপ্ৰোতভাৱে ছ’চিয়েল মিডিয়াত জড়িত হৈ আছে (Active sadhu sant on social media ) ৷ আধুনিক সাধুসকলে ফেচবুক, ইনষ্টাগ্ৰামত ৰিল বনাই, YouTube ত ভিডিঅ’ প্ৰদৰ্শন কৰি যুৱ প্ৰজন্মৰ আনুগামিত্য লাভ কৰিছে (Chidanand Muni hit on social media) ৷ তেওঁলোকে YouTube ত সাঁতোৰা আৰু খোজ কঢ়াৰ ভিডিঅ’ পোষ্ট কৰাৰ লগতে ইনষ্টাগ্ৰামতে ৰিল বনায় ।

বাবা ৰামদেৱৰ ছ’চিয়েল মিডিয়াত ফ’ল’ৱাৰৰ সংখ্যা ২০ লাখ

সাধাৰণতে বলীউডৰ তাৰকা আৰু শীৰ্ষ পৰ্যায়ৰ ৰাজনীতিবিদসকলে জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ ছ’চিয়েল মিডিয়াত নিজৰ পৰিয়াল, পাৰ্টি বা যিকোনো বিষয়ত ফটো, ভিডিঅ’ আপলোড কৰে ৷ সম্প্ৰতি সন্ত সমাজেও একে পথেই অনুসৰণ কৰিছে । হৰিদ্বাৰৰ বহু সন্তই এতিয়া ছ’চিয়েল মিডিয়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আকৰ্ষণীয় ৰিল, মিম আৰু সকলো ধৰণৰ ভিডিঅ’ আৰু অডিঅ’ কন্টেন্ট বনাই নিজৰ ভক্তসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে (Sadhus of 21st century being idol for reels) ।

বৰ্তমান সময়ত বাবা ৰামদেৱৰ জনপ্ৰিয়তা ছ’চিয়েল মিডিয়াত এজন চেলিব্ৰেটিতকৈ কম নহয় (Baba Ramdev on social media) ৷ বাবা ৰামদেৱৰ ছ’চিয়েল মিডিয়াৰ দলটোৱে সময়ে সময়ে ৰিল, ফটো, বিবৃতি ছ’চিয়েল মিডিয়াত অনুষ্ঠানসমূহ অহৰহ আপলোড কৰি সমগ্ৰ বিশ্ববাসীক মোহিত কৰিছে ৷

তেওঁৰ ছ’চিয়েল মিডিয়াত ২০ লাখ ফল’ৱাৰ থকাৰ বিপৰীতে তেওঁ মাত্ৰ ২১ জন লোকক হে ফল’ কৰে ৷ তেওঁ বহুতো নান্দনিক ৰিল আৰু ফটো পোষ্ট কৰি যুৱ প্ৰজন্মক আকৰ্ষণ কৰি আহিছে । বাবা ৰামদেৱৰ পিছতে নিৰঞ্জনী আখৰাৰ আচাৰ্য্য মহামণ্ডলেশ্বৰ স্বামী কৈলাশনন্দ গিৰি (Fan following of swami kailashanand giri) আৰু অন্যান্য যোগীসকলৰো ছ’চিয়েল মিডিয়াৰ বাবে একোটা দল আছে ।

ইফালে এই সন্দৰ্ভত এচাম সাধুই সংবাদ মাধ্যম কেৱল অপপ্ৰচাৰৰ মাধ্যম আৰু আজিকালি তথাকথিত সাধুসকলে ইয়াক অপব্যৱহাৰ কৰি আছে বুলি মন্তব্য কৰে ৷ লগতে আন একাংশৰ মতে, ধৰ্মৰ প্ৰচাৰৰ বাবে সংবাদ মাধ্যম ব্যৱহাৰ কৰাতো ভুল নহয়, কিন্তু যদি তেওঁলোকে ইয়াক নিজৰ জনপ্ৰিয়তা লাভৰ বাবে ব্যৱহাৰ কৰিছে, তেন্তে সেয়া ভুল বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: Omicron sub-variant BA.2.75 : ভাৰতত ধৰা পৰিছে অ’মিক্ৰণৰ নতুন উপ-প্ৰকৰণ BA.2.75

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.