ETV Bharat / bharat

Five died in road accident: বছৰৰ পহিলা দিনতে ট্ৰাকৰ খুন্দাত 5 গৰাকী নিহত

author img

By

Published : Jan 1, 2023, 10:54 AM IST

ৰাজস্থানৰ হনুমানগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Hanumangarh) ৷ ট্ৰাকে মহতিয়ালে এখন চাৰিচকীয়া বাহন ৷ এই পথ দুৰ্ঘটনাত 5 গৰাকী লোক থিতাতে মৃত্যু হোৱাৰ লগতে এজন লোক আহত হয় (Car Truck Collision 5 People Died) ৷

road-accident-in-hanumangarh-car-truck-collided-on-mega-highway
ট্ৰাকৰ খুন্দাত 5 গৰাকী নিহত

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী : বছৰটোৰ প্ৰথমটো দিনতে শোকাৱহ পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে (Rajasthan Road Accident) ৷ ৰাজস্থানৰ হনুমানগড়ত এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি দুৰ্ঘটনা সংঘটিত হোৱাত থিতাতে 5 গৰাকী লোক মৃত্যু মুখত পৰে (Accident In Hanumangarh) ৷

লগতে এই দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাৱে আহত হৈছে ৷ আহতজনক স্থানীয় পল্লু চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে বিকানেৰলৈ প্ৰেৰণ কৰা হৈছে ৷ অৱশ্যে বাতৰি প্ৰকাশ কৰা সময়লৈকে মৃত লোককেইজনৰ পৰিচয় চিনাক্ত কৰিব পৰা হোৱা নাই (Accident In hanumangarh) ৷

পল্লু আৰক্ষী বিষয়া গোপীৰামে কৈছিল (Pallu Police Station Officer Gopiram)যে ইটা ভৰ্তি এখন ট্ৰাক পল্লুৰ পৰা চৰ্দাৰ টাউনলৈ গৈ আছিল (Accident In Hanumangarh) ৷ সেই সময়তে সন্মুখৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয় (Road Accident in Hanumangarh)৷

ট্ৰাকখনে ইমানেই দ্ৰুত গতিত বাহনখনক খুন্দিয়াইছিল যে বাহনখন কিছু দূৰলৈ উফৰি গৈছিল ৷ লগে লগে গাড়ীখনৰ ভিতৰত থকা 5 গৰাকী লোক থিতাতে মৃত্যু হয় লগতে এজন লোক আহত হয় (Car Truck Collision 5 People Died)৷ দুৰ্ঘটনাটোৰ সংঘটিত কৰাৰ পিছতে ট্ৰাক চালকজন ঘটনাস্থলীৰ পৰা পলাই যায় ৷

সম্প্ৰতি ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত হৈ আছে ৷ পল্লু আৰক্ষীয়ে পলাতক চালকজনৰ সন্ধানত অভিযান চলাইছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত মৃত লোকসকলৰ পৰিয়ালক অৱগত কৰা হৈছে ৷ পৰিয়ালৰ সদস্যসকলৰ আগমনৰ পিছত মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব ৷

লগতে পঢ়ক: Sunrise in Guwahati: উদয়াচলত হেঙুলী আভা চটিয়াই ভুমুকি মাৰিলে নৱবৰ্ষৰ ন-সূৰুজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.