ETV Bharat / bharat

আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 12:53 PM IST

তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে তেওঁৰ ১২ গৰাকী মন্ত্ৰীৰ সৈতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । বৃহস্পতিবাৰে আবেলি ৰাজধানী হায়দৰাবাদৰ লালবাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত ইয়াৰ বাবে বিশাল অনুষ্ঠান অনুষ্ঠিত হ'ব । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

Revanth Reddy to take oath as Telangana CM
আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : তেলেংগানা ৰাজ্য গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিপুল বিজয়েৰে শাসন ক্ষমতা লাভ কৰিছে । এই বিজয়ৰ পিছত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে বৃহস্পতিবাৰে ৰাজধানী হায়দৰাবাদৰ লালবাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, ১২ গৰাকী মন্ত্ৰীয়ে ৰেড্ডীৰ সৈতে শপত গ্ৰহণ কৰিব ।

আনহাতে, এই অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে অংশগ্ৰহণ কৰিব । তেলেংগানাৰ বিদায়ী মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বুলি সূত্ৰত প্ৰকাশ ।

  • ప్రజా ప్రభుత్వ ప్రమాణస్వీకారానికి ఆహ్వానం

    తెలంగాణ ప్రజలకు అభినందనలు.
    విద్యార్ధుల పోరాటం, అమరవీరుల త్యాగాలు, శ్రీమతి సోనియా గాంధీ ఉక్కు సంకల్పంతో ఏర్పడిన తెలంగాణ రాష్ట్రంలో మనందరి ఆకాంక్షలు నెరవేర్చే ఇందిరమ్మ రాజ్య స్థాపనకు సమయం ఆసన్నమైంది.

    రాష్ట్రంలో ప్రజాస్వామ్య, పారదర్శక… pic.twitter.com/U0Nv2rUTLE

    — Revanth Reddy (@revanth_anumula) December 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ উপৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু টিডিপিৰ সভাপতি তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুও অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । শপত গ্ৰহণ অনুষ্ঠানত ১ লাখ লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিজয়ৰ নেতৃত্ব দিয়া ৰেৱন্ত ৰেড্ডীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । আসন দুখন হৈছে কামাৰেড্ডী আৰু কোদঙ্গল ।

কামাৰেড্ডীত ৰেৱন্ত ৰেড্ডীয়ে বিদায়ী মুখ্যমন্ত্ৰী কেচিআৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু দুয়োগৰাকীয়ে বিজেপি নেতা কটিপল্লী ভেঙ্কট ৰমনা ৰেড্ডীৰ হাতত পৰাজিত হয় । অৱশ্যে ৰেৱন্ত ৰেড্ডীয়ে কোদঙ্গল আসনৰ পৰা বিজয়ী হয় । হায়দৰাবাদত ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণৰ পূৰ্বে কংগ্ৰেছ কৰ্মীসকলে তেওঁক স্বাগতম জনোৱাৰ বাবে সমগ্ৰ চহৰজুৰি ডাঙৰ ডাঙৰ হৰ্ডিং আৰু পোষ্টাৰ লগাইছে ।

উল্লেখ্য যে ২০১৪ চনত ৰাজ্যখন গঠন হোৱাৰ পিছত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে তেলেংগানাত চৰকাৰ গঠন কৰিছে । তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১১৯ খন আসনৰ ভিতৰত ৬৪ খনত বিজয়ী হৈছে । আনহাতে, বিআৰএছে ৩৯ খনত জয়ী হৈছে । ৰাজ্যাভিষেকৰ পূৰ্বে ৰেৱন্ত ৰেড্ডীয়ে বুধবাৰে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক সাক্ষাৎ কৰে ।

"তেলেংগানাৰ মুখ্যমন্ত্ৰী মনোনীত হোৱা বাবে ৰেৱন্ত ৰেড্ডীক অভিনন্দন । তেওঁৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে তেলেংগানাবাসীক দিয়া সকলো গেৰাণ্টি পূৰণ কৰিব আৰু প্ৰজলা চৰকাৰ গঢ়ি তুলিব ।" ৰেড্ডীক সাক্ষাতৰ পিছত ৰাহুল গান্ধীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত এনেদৰে পোষ্ট কৰে ।

লগতে পঢ়ক :ওড়িশাত আয়কৰ বিভাগৰ অভিযান, ৩০০ কোটিতকৈও অধিক নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.