ETV Bharat / bharat

Gujarat Assembly Election 2022: গুজৰাটত সঘনাই সলনি হৈছে ৰাজনৈতিক দৃশ্যপট, ৰেশ্মা পেটেলেৰ পদত্যাগ

author img

By

Published : Nov 16, 2022, 11:21 AM IST

Reshma Patel resigned from NCP
Gujarat Assembly Election 2022: গুজৰাটত সঘনাই সলনি হৈছে ৰাজনৈতিক দৃশ্যপট, ৰেশ্মা পেটেলেৰ পদত্যাগ

গুজৰাটৰ NCP ত খহনীয়া আৰম্ভ হৈছে ৷ শেহতীয়াকৈ কান্ধল জাদেজাকে ধৰি কেইবাগৰাকী কৰ্মীয়ে দল ত্যাগ কৰিছে ৷ মঙলবাৰে NCP ৰ গুজৰাট মহিলা মৰ্চাৰ সভানেত্ৰী ৰেশ্মা পেটেলে পদত্যাগ পত্ৰ দাখিল কৰিছে (Reshma Patel resigned from NCP)৷

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ: সমাগত গুজৰাট বিধানসভা নিৰ্বাচন (Gujarat Assembly election 2022)৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত সঘনাই ৰাজনৈতিক দৃশ্যপট সলনি হোৱা পৰিলক্ষিত হৈছে ৷ আগন্তুক 1 আৰু 5 ডিচেম্বৰত দুটা পৰ্যায়ত ভোটদান কৰা হ’ব ৰাজ্যখনত ৷ ইয়াৰ পিছতে 8 ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ এই নিৰ্বাচনত বিজেপি, কংগ্ৰেছ, আপ, এনচিপি আৰু বিটিপিৰ লগতে কেইবাটাও সৰু-বৰ ৰাজনৈতিক দলে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

অৱশ্যে নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকাৰ লগে লগে ৰাজনৈতিক দলসমূহৰো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ কিন্তু এই নিৰ্বাচনী প্ৰচাৰৰ লগতে বহুকেইটা ৰাজনৈতিক দলৰ নেতাৰ মাজত দল বাগৰা ৰাজনীতি আৰম্ভ হৈছে ৷

ইয়াৰে মাজতে গুজৰাটৰ অন্যতম ৰাজনৈতিক দল NCP ত খহনীয়া আৰম্ভ হৈছে ৷ শেহতীয়াকৈ কান্ধল জাদেজাকে ধৰি কেইবাগৰাকী কৰ্মীয়ে দল ত্যাগ কৰিছে ৷ মঙলবাৰে NCP ৰ গুজৰাট মহিলা মৰ্চাৰ সভাপনেত্ৰী ৰেশ্মা পেটেলে পদত্যাগ পত্ৰ দাখিল কৰিছে (Reshma Patel resigned from NCP)৷

ৰেশ্মা পেটেলে গোন্দল আসনৰ বাবে এনচিপিৰ পৰা টিকট বিচাৰিছিল । কিন্তু এনচিপি আৰু কংগ্ৰেছৰ তিনিখন আসনৰ মিত্ৰতাৰ বাবে তাৰ পৰা টিকট লাভ কৰা নাছিল ৰেশ্মা পেটেলে ৷ টিকট নোপোৱাৰ বাবে এনচিপিৰ ওপৰত অসন্তুষ্ট হৈছিল পেটেলে ৷

সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ৰেশ্মা পেটেলে পদত্যাগৰ পিছত আজি আপত যোগদান কৰিব পাৰে (Reshma Patel to be join AAP)৷ ইতিমধ্যে এই সন্দৰ্ভত ৰেশ্মা পেটেলে অৰবিন্দ কেজৰিৱালাৰ সৈতে যোগাযোগ কৰিছে বুলি এক খবৰ লাভ কৰা হৈছে ৷ গুজৰাট বিধানসভা নিৰ্বাচনৰ আগতে কংগ্ৰেছ আৰু এনচিপিয়ে তিনিখন আসনত মিত্ৰতা কৰিছে ৷

লগতে পঢ়ক: Gujrat election 2022: অৰবিন্দ কেজৰিৱালৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.