ETV Bharat / bharat

চুইছ বেংকত(Swiss bank) ভাৰতীয় গ্ৰাহকৰ জমাৰ পৰিমাণ হ্ৰাস পাইছে: বিত্ত মন্ত্ৰালয়

author img

By

Published : Jun 20, 2021, 9:45 AM IST

Swiss Bank
Swiss bank ত ভাৰতীয় গ্ৰাহকৰ জমাৰ পৰিমাণ হ্ৰাস পাইছে

চুইছ বেংক (Swiss bank)ত ভাৰতীয় লোকৰ দ্বাৰা ক'লা ধন জমা বৃদ্ধিৰ অভিযোগ কৰি সংবাদ মাধ্যমৰ প্ৰতিবেদন প্ৰকাশ হৈছিল । ইয়াৰ পিছতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে (Finance miniএক বিতং বিবৃতি জাৰি কৰি স্পষ্ট কৰে যে জমাৰ বৃদ্ধিয়ে বহুত বিতৰ্কিত ক'লা ধনৰ পৰিমাণ সূচিত নকৰে ।

নেশ্যনেল ডেস্ক, 20 জুন : ২০১৯ চনৰ পৰা চুইছ বেংকত (Swiss bank) ভাৰতীয় গ্ৰাহকৰ জমাৰ পৰিমাণ হ্ৰাস পাইছে । বিত্ত মন্ত্ৰালয়ে শনিবাৰে এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে ২০২০ চনত ব্যক্তি আৰু প্ৰতিষ্ঠানৰ দ্বাৰা ৰখা পুঁজিৰ পৰিৱৰ্তনৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে তেওঁলোকৰ তথ্যৰ ওপৰত চুইছ কৰ্তৃপক্ষৰ পৰা বিৱৰণ বিচাৰিছে ভাৰত চৰকাৰে । চুইজাৰলেণ্ডৰ কেন্দ্ৰীয় বেংকৰ তথ্য উদ্ধৃত কৰি পিটিআইয়ে(PTI) ১৭ জুনত প্ৰতিবেদন দিছিল যে গ্ৰাহকৰ জমা হ্ৰাস পাইছিল যদিও ভাৰত-ভিত্তিক শাখা আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানকে ধৰি চুইছ বেংকত ভাৰতীয় ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ দ্বাৰা ৰখা পুঁজি ২০২০ চনত চিকিউৰিটি আৰু একে ধৰণৰ সঁজুলিৰ জৰিয়তে হ'ল্ডিঙত তীব্ৰ বৃদ্ধিৰ বাবে ২.৫৫ বিলিয়ন চুইছ ফ্ৰাংকৰ(Swiss francs) ১৩ বছৰৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে ।

আনহাতে, মন্ত্ৰালয়ে কোৱা মতে এই পৰিসংখ্যাবোৰে চুইজাৰলেণ্ডত ভাৰতীয়সকলৰ হাতত থকা ক'লা ধনৰ পৰিমাণ নিৰ্ধাৰণ নকৰে । তদুপৰি, এই পৰিসংখ্যাবোৰত তৃতীয় দেশৰ প্ৰতিষ্ঠানসমূহৰ নামত চুইছ বেংকত ভাৰতীয়, অনাবাসী ভাৰতীয় বা আনসকলৰ ধন অন্তৰ্ভুক্ত নহয় । মন্ত্ৰালয়ে উল্লেখ কৰা মতে, ২০১৯ ৰ শেষৰ পৰা গ্ৰাহকৰ জমা প্ৰকৃততে হ্ৰাস পাইছে। আটাইতকৈ বেছি বৃদ্ধি হৈছে 'গ্ৰাহকৰ পৰা প্ৰাপ্য অন্যান্য পৰিমাণ' । এইবোৰ বণ্ড(bonds), চিকিউৰিটি আৰু অন্যান্য বিভিন্ন বিত্তীয় সঁজুলিৰ ৰূপত আছে ।

Finance
Swiss bank ত ভাৰতীয় গ্ৰাহকৰ জমাৰ পৰিমাণ হ্ৰাস পাইছে

ইয়াৰ উপৰিও ভাৰতীয় কোম্পানীবোৰৰ দ্বাৰা বৰ্ধিত ব্যৱসায়িক লেনদেন, ভাৰতত অৱস্থিত চুইছ বেংক শাখাৰ ব্যৱসায়ৰ বাবে জমা বৃদ্ধি আৰু চুইছ আৰু ভাৰতীয় বেংকৰ মাজত আন্তঃ বেংক লেনদেন বৃদ্ধি আদিও ইয়াৰ কাৰণ হ'ব পাৰে ।

ভাৰতত এটা চুইছ কোম্পানীৰ সহায়ক কোম্পানীৰ বাবে মূলধন বৃদ্ধি আৰু বকেয়া ডেৰিভেটিভ বিত্তীয় সঁজুলিৰ ওপৰত দায়বদ্ধতা বৃদ্ধি জমাৰ এই বৃদ্ধিৰ আন সম্ভাৱ্য কাৰণ হ'ব পাৰে । মন্ত্ৰালয়ে লগতে কয় যে চুইছ কৰ্তৃপক্ষক বৃদ্ধি বা হ্ৰাসৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে তেওঁলোকৰ দৃষ্টিভংগীৰ সৈতে প্ৰাসঙ্গিক তথ্য প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে । চুইজাৰলেণ্ড আৰু ভাৰতৰ মাজত কৰ বিষয়ত তথ্যৰ স্বয়ংক্ৰিয় আদান-প্ৰদান ২০১৮ চনৰ পৰা বলবৎ হৈ আছে ।

Finance
Swiss bank ত ভাৰতীয় গ্ৰাহকৰ জমাৰ পৰিমাণ হ্ৰাস পাইছে

এই পৰিকাঠামোৰ অধীনত ২০১৮ চনৰ পৰা চুইছ বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে একাউণ্ট থকা সকলো ভাৰতীয় বাসিন্দাৰ বিষয়ে বিতং বিত্তীয় তথ্য ২০১৯ চনৰ ছেপ্টেম্বৰত ভাৰতীয় কৰ কৰ্তৃপক্ষক প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল আৰু প্ৰতি বছৰে ইয়াক অনুসৰণ কৰিব লাগিব । মন্ত্ৰালয়ে কয় যে ২০১৯ ৰ লগতে ২০২০ চনত দুয়োখন দেশৰ মাজত প্ৰতিখন দেশৰ বাসিন্দাৰ সন্দৰ্ভত বিত্তীয় একাউণ্টৰ তথ্যৰ আদান-প্ৰদান হৈছে । বিত্তীয় একাউণ্টৰ তথ্য বিনিময়ৰ বাবে বিদ্যমান আইনী ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বাসিন্দাসকলৰ অঘোষিত উপাৰ্জনৰ বাহিৰত থকা চুইছ বেংকবোৰত জমা বৃদ্ধিৰ কোনো গুৰুত্বপূৰ্ণ সম্ভাৱনা দেখা নাযায় ।

চুইছ নেচনেল বেংকৰ তথ্য অনুসৰি, ২০১৯ চনৰ শেষত চুইছ বেংকৰ সৈতে ভাৰতীয় গ্ৰাহকৰ মুঠ পুঁজি আছিল ৮৯৯ নিযুত চুইছ ফ্ৰাংক আৰু ২০২০ চনত বৃদ্ধিয়ে দুবছৰৰ হ্ৰাসৰ প্ৰৱণতা বিপৰীত কৰে । এছ.এন.বিয়ে বিশ্লেষণ কৰা মতে চুইছ বেংকৰ ২০২০ চনৰ শেষত তেওঁলোকৰ ভাৰতীয় গ্ৰাহকসকলৰ বাবে 'প্ৰাপ্য পৰিমাণ' বুলি বৰ্ণনা কৰা চি.এইচ.এফ.ৰ মুঠ পৰিমাণ ২,৫৫৪.৭ নিযুত । গ্ৰাহক জমাত চি.এইচ.এফ(CHF) ৫০৩.৯ নিযুত, অন্যান্য বেংকৰ জৰিয়তে অনুষ্ঠিত চি.এইচ.এফ ৩৮৩ নিযুত, ট্ৰাষ্টৰ জৰিয়তে চি,এইচ,এফ ২ নিযুত আৰু চি.এইচ.এফৰ সৰ্বোচ্চ উপাদান ১,৬৬৪.৮ নিযুত।

যদিও 'গ্ৰাহক একাউণ্ট জমা' হিচাপে শ্ৰেণীবদ্ধ কৰা পুঁজিবোৰ প্ৰকৃততে ২০১৯ চনৰ শেষত চি.এইচ.এফ ৫৫০ নিযুতৰ পৰা হ্ৰাস পাইছে আৰু ট্ৰাষ্টৰ জৰিয়তে চি.এইচ.এফ ৭.৪ নিযুতৰ পৰা আধাতকৈও অধিক হৈছে ।

লগতে পঢ়ক:ভাৰতীয় বায়ু সেনাত অব্যাহত দ্ৰুত পৰিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.