ETV Bharat / bharat

চতুৰ্থবাৰলৈ বীমা হাৰ অপৰিৱৰ্তিত আৰ বি আইৰ

author img

By

Published : Feb 5, 2021, 1:53 PM IST

আৰ বি আইয়ে শুকুৰবাৰে নূন্যতম সুদৰ হাৰ সলনি নকৰাকৈ ৪ শতাংশত সীমাবদ্ধ ৰাখে। কেন্দ্ৰীয় বেংকৰ মুদ্ৰা নীতি সমিতিয়ে লোৱা সিদ্ধান্তক ঘোষণা আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ ।

চতুৰ্থবাৰলৈ বীমা হাৰ অপৰিৱৰ্তিত আৰ বি আইৰ
চতুৰ্থবাৰলৈ বীমা হাৰ অপৰিৱৰ্তিত আৰ বি আইৰ

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী: ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চমুকৈ আৰ বি আইয়ে শুকুৰবাৰে ন্যূনতম সুদৰ হাৰ সলনি নকৰাকৈ ৪ শতাংশত সীমাবদ্ধ ৰাখে । কেন্দ্ৰীয় বেংকৰ মুদ্ৰা নীতি সমিতি চমুকৈ এম পি চিয়ে লোৱা সিদ্ধান্তক ঘোষণা কৰি আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে এই কথা জনায় । অতিমাৰী কৰ'ণা ভাইৰাছৰ সংকটৰ কালচোৱাত অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত সুদৰ হাৰৰ পৰিমাণ অপৰিৱৰ্তিত ৰাখে । ইয়াৰ ফলত আৰ বি আইত বেংকসমূহে জমা ধনৰ বাবে ৰিভাৰ্চ ৰেপো হাৰৰ ৩.৩৫ শতাংশ জমা থাকিব । লগতে দাসে কয় যে,সুদৰ হাৰ অপৰিৱৰ্তিত অৰ্থাৎ সাল-সলনি নকৰিবলৈ এম পি চিয়ে ভোট দিছিল আৰু ইয়াৰ বিকাশক সমৰ্থন কৰিবলৈ গ্ৰহণ কৰা স্থিতিক অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কেন্দ্ৰীয় বেংকে ৰেপো হাৰ বৃদ্ধি সমৰ্থন কৰিবৰ বাবে বিগত বৰ্ষৰ মাৰ্চ মাহৰ শেষ ভাগৰ পৰা ৰেপো হাৰ ১১৫ বেচিছ পইন্ট হ্ৰাস কৰিছিল। একেৰাহে চতুৰ্থবাৰৰ বাবে এম পি চিয়ে বীমাৰ হাৰ কোনোধৰণৰ সলনি নকৰাকৈ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য যে,আশিমা গোৱেল,জয়ন্ত আৰ বাৰ্মা আৰু শশাঙ্ক ভাইডৰে ৩ ফেব্ৰুৱাৰীত এমপিচিৰ ২৭তম বৈঠক অনুষ্ঠিত হৈছিল । চলিত সপ্তাহত ঘোষণা কৰা বাজেটৰ পাচত ৰেট চেটিং পেনেলৰ এয়া প্ৰথমখন বৈঠক । ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া বিত্তীয় বৰ্ষৰ বাবে ১৪.৫ শতাংশ আৰু বিত্তীয় ঘাটিত ৬.৮ শতাংশৰ নূন্যতম জিডিপি বৃদ্ধিৰ হাৰ হ'ব বুলি অনুমান কৰা হৈছে । ২০১৬ চনত চৰকাৰে আৰ বি আইৰ গৱৰ্ণৰৰ পৰা ছয়জনীয়া এম পি চি সদস্যত নূন্যতম সুদৰ হাৰ নিৰ্ধাৰণ কৰে । চলিত বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত এম পি চিক ৪ শতাংশ বাৰ্ষিক মুদ্ৰাস্ফিতী,৬ শতাংশ সৰ্বাধিক প্ৰযোজ্য আৰু ২ শতাংশ নিম্নতম প্ৰযোজ্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক:আফগানিস্তানৰ কুন্দুজত তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণ: নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.