ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ বিশেষ সিদ্ধান্ত: RBI ৰ চলিত বিত্তীয় বৰ্ষৰ বিকাশৰ পূৰ্বানুমান ৭ শতাংশ হ্ৰাস কৰিছে

author img

By

Published : Sep 30, 2022, 12:24 PM IST

rbi cuts growth forecast to 7 per cent

উন্মোচন কৰা হ'ল চলিত বৰ্ষৰ পঞ্চম মুদ্ৰা নীতি । চলিত বৰ্ষৰ পঞ্চম মুদ্ৰা নীতি উন্মোচন কৰিয়েই চলিত বিত্তীয় বৰ্ষৰ বাবে বিকাশৰ পূৰ্বানুমান ৭ শতাংশলৈ হ্ৰাস কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে(RBI cuts growth forecast) ।

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ: ভাৰতীয় ৰিজাৰ্ভ বেংকে(Reserve Bank of India) শুকুৰবাৰে বিশ্বব্যাপী মুদ্ৰা নীতিৰ আক্ৰমণাত্মক কঠোৰতা আৰু চাহিদা হ্ৰাস কৰাৰ কথা উল্লেখ কৰি চলিত বিত্তীয় বৰ্ষৰ বাবে বিকাশৰ আকলন ৭ শতাংশলৈ হ্ৰাস কৰে((RBI cuts growth forecast) ।

এই বিত্তীয় বৰ্ষৰ পঞ্চম মুদ্ৰানীতি উন্মোচন কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে(RBI Governor Shaktikanta Das) কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশখনক বিকাশৰ নিৰন্তৰ পথত ৰাখিবলৈ মূল্য স্থিৰতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত প্ৰকৃত GDP আছিল ১৩.৫ শতাংশ । দাসে অৱশ্যে সতৰ্ক কৰি দিছিল যে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাৰ বাবে আক্ৰমণাত্মক মুদ্ৰা নীতি কঠোৰ কৰাৰ ফলত বিশ্বব্যাপী তৃতীয়টো আঘাতৰ ঢৌ আৰম্ভ হৈছে । কেন্দ্ৰীয় বেংকে এপ্ৰিলত প্ৰকৃত GDP বৃদ্ধিৰ আকলন ২০২২-২৩ বৰ্ষৰ বাবে ইয়াৰ পূৰ্বৰ ৭.৮ শতাংশৰ পূৰ্বানুমানৰ পৰা ৭.২ শতাংশলৈ হ্ৰাস কৰিছে ।

লগতে পঢ়ক: বাতিল হ’ল অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যোগদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.