Firozabad love jihad case: ফেচবুকত ভুৱা নাম ঠিকনাৰে বন্ধুত্ব গঢ়ি কিশোৰী ধৰ্ষণ

author img

By

Published : Jan 9, 2023, 3:21 PM IST

Raped after friendship on facebook in Firozabad

ফিৰোজাবাদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ভুৱা ফেচবুক একাউন্ট খুলি প্ৰেমত পেলাই ধৰ্ষণ এগৰাকী যুৱতীক (Raped after friendship on facebook) । যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক ।

নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী: সাৱধান ! ফেচবুক, ইনষ্টাগ্ৰামত বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰোতে ভালকৈ চাই লওক । নহ'লে বিপদত পৰিব পাৰে আপুনি । ছ'চিয়েল মিডিয়াক মাধ্যম হিচাপে বাচি লৈছে নিকৃষ্ট মনৰ লোকে । ফেচবুকত মিছা নামেৰে একাউন্ট খুলি প্ৰথমে বন্ধুত্ব কৰি তাৰপাছত প্ৰেমৰ পেলাই সৰ্বনাশ কৰে এনে একাংশই । তেনে এক ঘটনা সংঘটিত হৈছে ফিৰোজাবাদত (Firozabad love jihad case) । ভুৱা ফেচবুক একাউন্ট খুলি নাম, ধৰ্ম লুকুৱাই বন্ধুত্ব স্থাপন কৰি লগ কৰাৰ অজুহাতেৰে ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক (Raped after friendship on facebook in Firozabad) ।

ফিৰোজাবাদত পোহৰলৈ আহিছে এই ভয়কৰ ঘটনা । মিৰাটৰ এজন যুৱকে নিজৰ প্ৰকৃত নাম আৰু ধৰ্ম লুকুৱাই ফেচবুকৰ জৰিয়তে ফিৰোজাবাদৰ এগৰাকী কিশোৰীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল । তাৰ পিছত যুৱকজনে কিশোৰীগৰাকীক প্ৰলোভিত কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত । অৱশেষত দেওবাৰে ধৰ্ষণকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

টুণ্ডলা আৰক্ষী থানা অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে ফেচবুকৰ জৰিয়তে এজন যুৱকৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল । মিৰাটৰ কাংকৰখেদা আৰক্ষী থানা অঞ্চলৰ বাসিন্দা মইন খান নামৰ যুৱকজনে প্ৰকৃত নাম লুকুৱাই ৰাখিছিল আৰু কিশোৰীগৰাকীৰ সৈতে "অংশ" নামৰে বন্ধুত্ব স্থাপন কৰিছিল । যি পৰৱৰ্তী সময়ত প্ৰেমলৈ ৰূপান্তৰ হৈছিল । এক জানুৱাৰীৰ দিনা মইন খান ওৰফে অংশে কিশোৰীগৰাকীক বিভিন্ন প্ৰলোভনেৰে ফুচুলাই এক স্থানলৈ লৈ গৈছিল আৰু উপৰ্যুপৰি ধৰ্ষণ কৰিছিল ।

এই সন্দৰ্ভত, ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে টুণ্ডলা কোতৱালীত দাখিল কৰে এখন এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত টুণ্ডলা আৰক্ষীয়ে দেওবাৰে অভিযান চলাই অভিযুক্ত মইন খানক মহম্মদাবাদ গাঁৱৰ সমীপত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কুমাৰ সিঙে কয় যে, মইন খানক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে । অভিযুক্ত মইন খানে কিশোৰীগৰাকীক তেওঁৰ ছদ্মনামেৰে প্ৰেমৰ ফান্দত পেলোৱাৰ কথা স্বীকাৰ কৰে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: Cold wave in India: শীতত কঁপিছে উত্তৰ ভাৰত, ব্যাহত ৰে’ল আৰু বিমান সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.