ETV Bharat / bharat

Crime in Jaipur: জয়পুৰৰ মুহানাত পলাতক দুই ধৰ্ষণকাৰী

author img

By

Published : Dec 21, 2022, 5:30 PM IST

Rape crime increased in Rajasthan
ৰাজস্থানৰ জয়পুৰৰ মুহানা অঞ্চলত মহিলাক ধৰ্ষণ

জয়পুৰত দুজন লোকে ধৰ্ষণ কৰিলে মহিলাক (Rape crime in Rajasthan)। মহিলাগৰাকীক পথাৰত ধৰ্ষণ কৰি পলায়ন । উক্ত ঘটনাৰ বিষয়ে সদৰী কৰিছে জয়পুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই । পিছত আৰক্ষীয়ে ফৰেনচিক দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।

নেশ্য়নেল ডেস্ক , ২১ডিচেম্বৰ: ৰাজস্থানৰ জয়পুৰৰ মুহানা অঞ্চলত এগৰাকী ৩৫ বছৰীয়া মহিলাক দুজন অচিনাক্ত লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Raped in Jaipur) । ঘটনাৰ বিৱৰণি অনুসৰি দুজন লোকে মহিলাগৰাকীক পথাৰত আক্ৰমণ কৰি প্ৰাণে মৰাৰ ভাবুকি দি ধৰ্ষণ কৰে । লোক দুজনে ঘটনাটো সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে । ইয়াৰ পিছতেই মহিলাগৰাকীক চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ শাৰীৰিক অৱস্থা জটিল হোৱা বাবে তেওঁক চিকিৎসাকে ছাংগানেৰী গেট মহিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Sanganeri Gate Womens Hospital) । উক্ত ঘটনাৰ বিষয়ে সদৰী কৰিছে জয়পুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই ।

সহকাৰী আৰক্ষী আয়ুক্ত (ACP of Jaipur) হৰিশংকৰে উক্ত ঘটনাটো সন্দৰ্ভত কয়, "ভুক্তভোগীৰ বিবৃতিৰ ভিত্তিত আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । তিনিটা সন্তানৰ মাতৃ মহিলাগৰাকীয়ে পুৱা প্ৰায় ৫ বজাত প্ৰাত:কৃতৰ বাবে ঘৰৰ বাহিৰৰ এখন নিৰ্জন স্থানলৈ যোৱাৰ সময়তেই দুজন লোকে তেওঁক আক্ৰমণ কৰিছিল । যেতিয়া মহিলাগৰাকীয়ে প্ৰতিবাদ কৰিছিল তেওঁলোকৰ এজনে মহিলাগৰাকীৰ মুখত কাপোৰ ভৰাই ধৰ্ষণ কৰিছিল ।"

উক্ত ঘটনাটোৰ পিছতেই দুয়োজন অভিযুক্তই ঘটনাস্থলীৰ পৰা পলাই যোৱা বুলি কয় সহকাৰী আৰক্ষী আয়ুক্তগৰাকীয়ে । ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলে এই বিষয়ে জানিব পাৰি তেওঁলোকে ভুক্তভোগীগৰাকীক চিকিৎসালয়লৈ লৈ যায় । পিছত চিকিৎসালয় প্ৰশাসনে আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে । চিকিৎসা পৰীক্ষাতো ভুক্তভোগীগৰাকীৰ ধৰ্ষণ নিশ্চিত কৰা হৈছে । ইপিনে,আৰক্ষীয়ে ফৰেনচিক দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:JB College ragging incident: জগন্নাথ বৰুৱাৰ মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িতৰ বিৰুদ্ধে শাস্তি ঘোষণা এন্টি ৰেগিঙ কমিটিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.