ETV Bharat / bharat

Rajasthan Election 2023: ৰাজস্থানত আজিৰে পৰা আৰম্ভ মোদী বিৰোধী প্ৰচাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 9:42 AM IST

আজিৰে পৰা ৰাজস্থানত আৰম্ভ পূব ৰাজস্থান খাল প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবে মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ অভিযান ৷ সোমবাৰ অৰ্থাৎ 16 ছেপ্টেম্বৰৰ পৰা 13 খন জিলাত কংগ্ৰেছ দলে প্ৰচাৰ এই প্ৰচাৰ চলাব ৷ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত মল্লিকাৰ্জুন খাৰ্গেৰ লগতে মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাছৰা, ৰাজ্যিক প্ৰভাৰী সুখজিন্দৰ সিং ৰন্ধাৱা আৰু পূৱ ৰাজস্থানৰ কংগ্ৰেছ নেতাসকল উপস্থিত থাকিব । 20 অক্টোবৰৰ দিনা প্ৰিয়ংকা গান্ধীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

RAJASTHAN ELECTION 2023 CONGRESS PUBLIC AWARENESS CAMPAIGN IN EASTERN RAJASTHAN MALLIKARJUN KHARGE WILL START WITH BARAN
ৰাজস্থানত আজিৰে পৰা আৰম্ভ মোদী বিৰোধী প্ৰচাৰ

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে শাসক-বিৰোধীৰ মাজত ৷ সমান্তৰালভাৱে অব্যাহত আছে শাসক-বিৰোধীৰ মাজত ৰাজনৈতিক যুদ্ধ ৷ পূব ৰাজস্থান খাল প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবে মোদী চৰকাৰৰ বিৰুদ্ধে সোমবাৰ অৰ্থাৎ 16 ছেপ্টেম্বৰৰ পৰা 13 খন জিলাত কংগ্ৰেছ দলে প্ৰচাৰ আৰম্ভ কৰিবলৈ ওলাইছে ।

কংগ্ৰেছ দলে আজিৰে পৰা হাডোটিৰ বৰাণ জিলাৰ পৰা আৰম্ভ কৰিছে এই কাৰ্যসূচীৰ । ৰাজস্থান খাল প্ৰকল্প সন্দৰ্ভত বৰাণ জিলাৰ দোল মেলা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া জনসভাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ভাষণ প্ৰদান কৰিব ।

এই জনসভাৰ জৰিয়তে কংগ্ৰেছ দলে পূৱ ৰাজস্থান খাল প্ৰকল্প সন্দৰ্ভত জনসাধাৰণৰ মাজত এক জন সজাগতা অভিযান চলাব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিচত 20 অক্টোবৰত দৌছা জিলাৰ ছিক্ৰাই বিধানসভাত অনুষ্ঠিত হ’ব এখন বিশাল পৰিসৰৰ ৰাজহুৱা সভা । সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত মল্লিকাৰ্জুন খাৰ্গেৰ লগতে মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাছৰা, ৰাজ্যিক প্ৰভাৰী সুখজিন্দৰ সিং ৰন্ধাৱা আৰু পূৱ ৰাজস্থানৰ কংগ্ৰেছ নেতাসকল উপস্থিত থাকিব ।

শচীন পাইলটক পূৱ ৰাজস্থানৰ কংগ্ৰেছ দলৰ আটাইতকৈ পৰিচিত মুখ বুলি গণ্য কৰা হয় যদিও তেওঁৰ টেৰিটৰিয়েল আৰ্মীৰ ইউনিটত চলি থকা প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে শচীন পাইলটে এই সভাত প্ৰায়েই অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি জানিব পৰা গৈছে । অহা 20 অক্টোবৰত ছিক্ৰাইত অনুষ্ঠিত হ’বলগীয়া প্ৰিয়ংকা গান্ধীৰ বৈঠকত উপস্থিত থাকিব পাইলট ।

যদিও কংগ্ৰেছ দলে 16 অক্টোবৰৰ পৰা 20 অক্টোবৰলৈ পূৱ ৰাজস্থানৰ 13 খন জিলাৰ আটাইকেইখন জিলালৈ গৈ প্ৰতিখন জিলাতে এখন ডাঙৰ সভাৰ আয়োজন কৰিব লাগিছিল যদিও ৰাজস্থানৰ কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলৰ এতিয়া সমগ্ৰ গুৰুত্ব টিকটৰ ওপৰত । সকলোৰে দৃষ্টি 18 অক্টোবৰত দিল্লীত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ পিছত হ’বলগীয়া টিকট বিতৰণৰ ওপৰত বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে ।

এই বাবেই পূৱ ৰাজস্থান খাল প্ৰকল্প সন্দৰ্ভত কংগ্ৰেছৰ কাৰ্যসূচীৰ দায়িত্ব স্থানীয় নেতাসকলৰ ওপৰত ন্যস্ত কৰা হৈছে, কেৱল 16 অক্টোবৰত মল্লিকাৰ্জুন খৰ্গে আৰু 20 অক্টোবৰত প্ৰিয়ংকা গান্ধীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । বাকী ৩ দিনত স্থানীয় নেতাৰ নেতৃত্বত পূৱ ৰাজস্থান খাল প্ৰকল্পৰ বাবে জনজাগৰণ অভিযান চলিব ৷ অৱশ্যে এইসকলেও পূব ৰাজস্থান খাল প্ৰকল্পতকৈ টিকটৰ ওপৰত অধিক দৃষ্টি ৰাখিব বুলি চৰ্চা চলিছে ।

লগতে পঢ়ক: Israel Palestine conflict : গাজাবাসীক বাধাহীনভাৱে চলাচলৰ অনুমতি দিবলৈ ইজৰাইললৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.