ETV Bharat / international

Israel Palestine conflict : গাজাবাসীক বাধাহীনভাৱে চলাচলৰ অনুমতি দিবলৈ ইজৰাইললৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

author img

By ANI

Published : Oct 16, 2023, 9:18 AM IST

ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটিয়েৰেছৰ মানৱীয় আহ্বান হামাছ আৰু ইজৰাইললৈ ৷ হামাছে পণবন্দী কৰি ৰখাসকলক বিনা চৰ্তে মুকলি কৰি দিবৰ বাবে হামাছলৈ আহ্বান জনোৱাৰ লগতে গাজাৰ সাধাৰণ নাগৰিক পানী, খাদ্য তথা বাধাহীনভাৱে চলাচলৰ অনুমতি দিবলৈ ইজৰাইললৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিবগৰাকীৰ ৷

Israel Palestine conflict
ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটিয়েৰেছে

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 অক্টোবৰ: অশান্ত জৰ্জৰ মধ্য প্ৰাচ্য ৷ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটিয়েৰেছে X যোগে মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আগবঢ়ায় মানৱীয় আবেদন ৷ পণবন্দী কৰি ৰখাসকলক বিনা চৰ্তে মুকলি কৰি দিবৰ বাবে হামাছলৈ আহ্বান জনায় গুটিয়েৰেছে ।

  • As we are on the verge of the abyss in the Middle East, I have two humanitarian appeals:

    To Hamas, the hostages must be immediately released without conditions.

    To Israel, rapid & unimpeded access for humanitarian aid must be granted for the sake of the civilians in Gaza.

    — António Guterres (@antonioguterres) October 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মধ্য প্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি গুটিয়েৰেছে হামাছে আৱদ্ধ কৰি ৰখা পণবন্দীসকলক তৎক্ষণাত বিনা চৰ্তত মুকলি কৰি দিবলৈ হামাছলৈ আহ্বান জনায় ।

তেওঁ লগতে গাজাৰ সাধাৰণ নাগৰিকৰ স্বাৰ্থত মানৱীয় দৃষ্টিৰে দ্ৰুত আৰু বাধাহীন প্ৰৱেশৰ অনুমতি দিবলৈ ইজৰাইললৈ আহ্বান জনায় । উল্লেখ কৰা প্ৰয়োজন যে, দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিচতে গাজাবাসীৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশৰ ৷ সংঘাতজৰ্জৰ এই পৰিস্থিতিত পানী, বিদ্যুতকে ধৰি বিভিন্ন মৌলিক অভাৱত ভুগিবলগীয়া হৈছে গাজাবাসী ৷

শেহতীয়া তথ্য অনুসৰি দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা এই সংঘাতৰ ফলত 1300 লোক নিহত হৈছে আৰু 3600 ৰো অধিক লোক আহত হৈছে বুলি দ্য জেৰুজালেম পোষ্টে প্ৰকাশ কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰী গেলেণ্টে কয় যে অনুমান অনুসৰি গাজা ষ্ট্ৰিপত হামাছে 150-200 ইজৰাইলীক পণবন্দী কৰি ৰাখিছে ৷ জটিল পৰিস্থিতি অব্যাহত থকাৰ পিচতো তেওঁলোকে পণবন্দীসকলৰ স্থান নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ইজৰাইলে হামাছৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ সময়তে দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয়, "হামাছে ইজৰাইল ধ্বংস কৰি দিম বুলি ভাবিছিল, কিন্তু “আমি হামাছক শেষ কৰি দিম” ।

তেওঁ লগতে কয়, “আমি এটা দল হিচাপে, ঐক্যৱদ্ধ গোট হিচাপে 24 ঘণ্টাই কাম কৰি আছো । তেওঁ লগতে কয়, ‘আমাৰ ঐক্যই জনসাধাৰণ, শত্ৰু আৰু বিশ্বলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ।"

লগতে পঢ়ক: Israeli Airstrike on Hamas : ধ্বংসস্তূপত পৰিণত গাজা; খাদ্য, পানী, সুৰক্ষা বিচাৰি হাহাকাৰ গাজাবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.