ETV Bharat / bharat

PM Rajasthan Visit : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আঁতৰালে অশোক গেহলটৰ ভাষণ, টুইটাৰত ক্ষোভ প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ

author img

By

Published : Jul 27, 2023, 1:13 PM IST

সমাগত ৰাজস্থানৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখন ভ্ৰমণ কৰিব । কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভয়ংকৰ অভিযোগ । টুইটযোগে বিভিন্ন দাবী উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে ।

PM Rajasthan Visit
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আঁতৰালে অশোক গেহলটৰ ভাষণ

নেশ্যনেল ডেস্ক, ২৭ জুলাই : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে চিকাৰৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ভাষণ বাতিল কৰাৰ অভিযোগ উত্থাপন কৰিছে । জানিব পৰা মতে একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব ।

অৱশ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনাইছে যে, গেহলটে কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অৱগত কৰিছে । আনহাতে অনুষ্ঠানটোত উপস্থিত থাকিবলৈ মুখ্যমন্ত্ৰীক বিশেষভাৱে আদৰণি জনোৱা হৈছে ।

চৰকাৰী বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে চিকাৰৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব । মুখ্যমন্ত্ৰী গেহলটে কোৱা মতে তেওঁ টুইটযোগে প্ৰধানমন্ত্ৰী মোডীক ৰাজস্থানলৈ স্বাগতম জনাইছে কিয়নো ভাষণৰ জৰিয়তে তেওঁ স্বাগতম জনাব নোৱাৰিব । গেহলটে টুইটত অভিযোগ কৰিছে যে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কাৰ্যসূচীটোৰ পৰা তেওঁৰ পূৰ্ব নিৰ্ধাৰিত তিনি মিনিটৰ ভাষণ আঁতৰাই দিছে । সেয়েহে তেওঁ টুইটৰ জৰিয়তে ৰাজস্থানলৈ প্ৰধানমন্ত্ৰীক স্বাগতম জনাইছে ।

টুইটৰ জৰিয়তে গেহলটে বিভিন্ন দাবীও উত্থাপন কৰে । গেহলটৰ মতে তেওঁ ভাষণৰ সময়ত বিভিন্ন দাবী উত্থাপন কৰিলেহেঁতেন কিন্তু ভাষণ আঁতৰাই দিয়া বাবে টুইটৰ জৰিয়তে তেওঁ দাবীসমূহ উত্থাপন কৰিছে । ৬ মাহৰ ভিতৰত ৭ বাৰকৈ ৰাজস্থান ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইবোৰ দাবী পূৰণ কৰিব বুলিও আশাবাদী গেহলট । গেহলটে সেনা, নৌ সেনা আৰু বায়ু সেনাত নিযুক্তিৰ বাবে অগ্নিবীৰ আঁচনি প্ৰত্যাহাৰৰ দাবী জনায় ।

ৰাজস্থান চৰকাৰে ২১ লাখ কৃষকৰ ১৫,০০০ কোটি টকাৰ সমবায় বেংকৰ ঋণ ৰেহাই দিছে । ৰাষ্ট্ৰীয়কৃত বেংকৰ ঋণ ৰেহাই দিয়াৰ বাবে কেন্দ্ৰলৈ এককালীন নিষ্পত্তি প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু কৃষকৰ অংশ পৰিশোধ কৰাৰ প্ৰস্তাৱ দিছে । গেহলটে উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰীয়ে এই দাবী পূৰণ কৰা উচিত । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে টুইটত উল্লেখ কৰিছে যে, ৰাজস্থান বিধানসভাই এক জাতিগত লোকপিয়ল কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছে আৰু ইয়াক কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে ।

কেন্দ্ৰই পলম নকৰাকৈয়ে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা উচিত বুলিও দাবী কৰে মুখ্যমন্ত্ৰী অশোক গেহলটে । গেহলটে পূব ৰাজস্থান খাল প্ৰকল্পক (ERCP) ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা প্ৰদানৰো দাবী কৰে । জানিব পৰা মতে চিকাৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ১.২৫ লাখ পিএম কিষাণ সমৃদ্ধি কেন্দ্ৰ (PMKSK) দেশবাসীক উৎসৰ্গা দিব আৰু ইউৰিয়া গোল্ড মুকলি কৰিব । চৰকাৰী বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে চিকাৰত এখন ৰাজহুৱা সভাও সম্বোধন কৰিব । তেওঁ ৰাজস্থানৰ উদয়পুৰ, বানেশ্বৰ, প্ৰতাপগড় আৰু ডুংগৰপুৰ জিলাত থকা ৬ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় উদ্বোধন কৰিব । তেওঁ কাৰ্যসূচীৰ অংশ হিচাপে তেওঁ কেন্দ্ৰীয় বিদ্যালয়ো উদ্বোধন কৰিব ।

লগতে পঢ়ক :PM Modi: মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হ’ব; প্ৰধানমন্ত্ৰীৰ গেৰাণ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.