ETV Bharat / bharat

ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন ? জেপি নাড্ডাক সাক্ষাতৰ অপেক্ষাত বসুন্ধৰা ৰাজে

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 4:28 PM IST

Vasundhara Raje to meet JP Nadda
জেপি নাড্ডাক সাক্ষাতৰ অপেক্ষাত বসুন্ধৰা ৰাজে

ৰাজস্থানৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ নিৰন্তৰ ৰহস্যৰ সৃষ্টি হৈ আছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে দিল্লীত সংসদীয় পৰিষদ মিলিত হয় । ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাতৰ বাবে সময় বিচাৰিছে ।

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ৰাজস্থানত চতুৰ্থ দিনৰ বাবেও মুখ্যমন্ত্ৰী কোন হ'ব তাৰ ওপৰত ৰহস্য অব্যাহত আছে । অৱশ্যে ইয়াৰ মাজতে দিল্লীত সংসদীয় বোৰ্ডৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত ৰাজস্থানকে ধৰি তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে আলোচনা কৰা হয় । কিন্তু বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে সেয়া এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই ।

ইয়াৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছে । বুধবাৰে নিশা ৰাজেৰ হঠাৎ দিল্লী ভ্ৰমণ আৰু দলৰ শীৰ্ষ নেতৃত্বক সাক্ষাতৰ বাবে সময় বিচৰাৰ পিছত ৰাজনৈতিক মহলত বহু ৰাজনৈতিক সমীকৰণৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে ৰাজস্থানত মুখ্যমন্ত্ৰীৰ দৌৰৰ প্ৰতিদ্বন্দ্বিতা চলি থকাৰ মাজতে বুধবাৰে নিশা বসুন্ধৰা ৰাজেয়ে হঠাতে দিল্লীলৈ ৰাওনা হয় । অৱশ্যে বিমানবন্দৰত তেওঁ সংক্ষিপ্তভাৱে এটা কথাকে কয় যে তেওঁ বোৱাৰীয়েকক লগ কৰিবলৈ গৈ আছে । কিন্তু জানিব পৰা মতে, বৰ্তমান বসুন্ধৰা ৰাজেয়ে দিল্লীত দলটোৰ শীৰ্ষ নেতাসকলক লগ কৰিছে । তাৰেই পৰিপ্ৰেক্ষিতত ৰাজেয়ে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰো এপইণ্টমেণ্ট বিচাৰিছে ।

লগতে এইটোও জানিব পৰা গৈছে যে ৰাজে আৰু নাড্ডাই বৃহস্পতিবাৰে বৈঠকত মিলিত হ'ব পাৰে । আনহাতে, দুয়োৱে এনে এটা সময়ত বৈঠকত মিলিত হ'বলৈ গৈছে, যিটো সময়ত শীৰ্ষ নেতৃত্বই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছে । সূত্ৰ অনুসৰি, কেন্দ্ৰীয় নেতৃত্বই বিধায়কসকলক ফোনযোগে সাক্ষাৎ কৰাত যেতিয়া তেওঁৰ নিৰন্তৰ সক্ৰিয়তাৰ ওপৰত আপত্তি কৰিছিল, তেতিয়া বসুন্ধৰাই কৈছিল যে তেওঁ দলৰ অনুশাসনৰ বিষয়ে ভালদৰে অৱগত । তেওঁ দলৰ অনুশাসন মতেই আগবাঢ়ি আছে ।

ইফালে দিল্লীত সংসদীয় বোৰ্ডৰ বৈঠক সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশীয়ে কয় যে শীঘ্ৰেই পৰ্যবেক্ষক নিযুক্ত কৰা হ'ব আৰু বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব । তাৰ পিছতেই সমগ্ৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব ।

আনহাতে, বসুন্ধৰা ৰাজেক দিল্লীলৈ মাতি অনাৰ সন্দৰ্ভত চি পি যোশীয়ে কয় যে ইয়াত কোনো বেলেগ কথা নাই । ৰাজ্যিক সভাপতি হোৱাৰ বাবে ময়ো ৰাষ্ট্ৰীয় সভাপতিক লগ কৰিছোঁ । মই ইয়ালৈ ভাৰতীয় জনতা পাৰ্টীক ৰাজস্থানত জয়লাভ কৰাৰ বাবে অভিনন্দন জনাবলৈ আহিছোঁ । একেদৰে বসুন্ধৰা ৰাজেও দলটোৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিছে । সকলো স্বাভাৱিক, সোনকালেই দলৰ সিদ্ধান্ত সকলোৰে সন্মুখলৈ আহিব ।

লগতে পঢ়ক :তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰেৱন্ত ৰেড্ডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.