ETV Bharat / bharat

শীঘ্ৰে আসন ভাগ-বতৰাৰ সমস্যা সমাধান কৰা হ’ব বুলি ঘোষণা ৰাহুল গান্ধীৰ

author img

By PTI

Published : Jan 17, 2024, 8:34 AM IST

Seat sharing issues will be resolved : ইণ্ডি মিত্ৰজোঁটৰ আসন ভাগ-বতৰাৰ সমস্যা শীঘ্ৰে সমাধান কৰা হ’ব বুলি ঘোষণা কৰিলে ৰাহুল গান্ধীয়ে ৷ আগন্তুক নিৰ্বাচনত বিজেপিক উৎখাত কৰিব পাৰিব বুলি আত্মবিশ্বাসী গান্ধী ৷

rahul gndhi said seat sharing issues will be resolved
শীঘ্ৰে আসন ভাগ-বতৰাৰ সমস্যা সমাধান কৰা হ’ব বুলি ঘোষণা ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, 17 জানুৱাৰী : ‘‘ইণ্ডি মিত্ৰজোঁটৰ বহু চৰ্চিত আসন ভাগ-বতৰাৰ সন্দৰ্ভত আলোচনা চলি আছে ৷ আলোচনাৰ মাজেৰে আসন ভাগ-বতৰাৰ সমস্যা শীঘ্ৰে সমাধান কৰা হ’ব ৷’’ ভাৰত জোড়ো ন্যায় যাত্ৰাস্থলীৰ পৰাই এই ঘোষণা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, I.N.D.I.Aৰ অংশীদাৰী দলসমূহৰ সৈতে আসন ভাগ-বতৰাৰ বাবে আলোচনা চলি আছে ৷ আমাৰ ৰাজনৈতিক দলৰ নেতাসকলৰ মাজত আছে পাৰস্পৰিক সন্মান আৰু মৰম ৷

তেওঁ লগতে কয়, ‘‘মই যথেষ্ট আত্মবিশ্বাসী যে আসন ভাগ বতৰা সমস্যাটো শীঘ্ৰে সমাধান কৰা হ'ব ৷’’ আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিৰ মিত্ৰজোঁটৰ অন্তিমখন বৈঠকত উপস্থিত নথকাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত গান্ধীয়ে কয় যে, সংবাদ মাধ্যমসমূহে এই বিষয়বোৰত অত্যধিক গুৰুত্ব দিয়ে যাৰ ফলত মিত্ৰজোঁটৰ বৈঠকৰ সময়ত মনোভাৱ আৰু ভাতৃত্ববোধৰ ভংগ হয় ৷ ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলৰ মাজত পাৰস্পৰিক সন্মান আৰু মৰম আছে ৷ যিয়ে বিজেপি আৰু আৰ এছ এছৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷ একেলগে নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিম আৰু দেশৰ পৰা বিজেপিক উৎখাত কৰিব পাৰিম বুলি আত্মবিশ্বাসী বুলি ক’লে গান্ধীয়ে ৷

উল্লেখ্য যে, মণিপুৰৰ পৰা 14 জানুৱাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাই 15 খন ৰাজ্যৰ 100 টা লোকসভা সমষ্টিৰ মাজেৰে পাৰ হ'ব ৷ যি 6,713 কিঃমিঃ পথ অতিক্ৰম কৰিব ৷ 21 মাৰ্চত মুম্বাইত সমাপ্ত হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ আনহাতে 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰা ৷

লগতে পঢ়ক :ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা; নাগালেণ্ডত জনসাধাৰণৰ ব্যাপক সঁহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.