ETV Bharat / bharat

Rahul Gandhi bike ride : চীনা সৈন্যৰ অনুপ্ৰৱেশ সন্দৰ্ভত মোদীৰ দাবীক মিথ্যা আখ্যা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ

author img

By

Published : Aug 20, 2023, 1:52 PM IST

Rahul Gandhi in Ladakh
ৰাহুল গান্ধীৰ লাডাখ ভ্ৰমণ

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে 20 আগষ্টৰ দিনা লাডাখ ভ্ৰমণ কৰি পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 79 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত ৰাহুলে কেন্দ্ৰৰ বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰতীয় ভূমি চীনে দখল কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ দাবী সঁচা নহয় ৷ আনকি স্থানীয় লোকেও চুবুৰীয়া দেশৰ অনুপ্ৰৱেশ হোৱা বুলি কৈছে ।

নেশ্যনেল ডেস্ক, 20 আগষ্ট: লাডাখত পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 79 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শনিবাৰে যাত্ৰা আৰম্ভ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰই ভাৰতৰ এক ইঞ্চিও ভূমি চীনৰ পিপলচ লিবাৰেচন আৰ্মীয়ে (পিএলএ) লোৱা নাই বুলি কৰি অহা দাবীৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উক্ত দাবী সঁচা নহয় বুলি কয় । কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে দাবী কৰে যে স্থানীয় লোকসকলেও ভাৰতৰ ভূ-খণ্ডত চীনা সৈন্যই অনুপ্ৰৱেশ কৰি দখল কৰা বুলি দাবী কৰে ৷ এইটো এক চিন্তাৰ বিষয় বুলিও কয় কংগ্ৰেছ নেতাজনে ।

দেওবাৰে পুৱা পাংগং টছ’ হ্ৰদৰ কাষত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "চীনে আমাৰ মাটি লোৱাৰ বাবে ইয়াৰ স্থানীয় লোক চিন্তিত । তেওঁলোকে কৈছে যে চীনা সৈন্যসকলে তেওঁলোকৰ পশুৰ চৰণীয়া পথাৰ কাঢ়ি লৈ গ’ল । অৱশ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰি আহিছে যে এক ইঞ্চিও মাটি কাঢ়ি লোৱা হোৱা নাই বুলি । এয়া সঁচা নহয়, ইয়াত যিকোনো ব্যক্তিক সুধিব পাৰিব ।’"

370 নং অনুচ্ছেদ বাতিলৰ পিছত জম্মু-কাশ্মীৰক দুখন কেন্দ্রীয় শাসিত অঞ্চললৈ বিভক্ত কৰাৰ পাছত লাডাখক কেন্দ্রীয় শাসিত অঞ্চলৰ মৰ্যাদা দিয়া সন্দর্ভতো প্রশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ কেন্দ্ৰীয় শাসিত অঞ্চল দুটাই অধিক প্ৰতিনিধিত্ব বিচাৰে আৰু নিবনুৱা সমস্যাও অঞ্চল দুটাত এক চিন্তাৰ বিষয় বুলি তেওঁ লগতে কয় । ৰাজ্যখন আমোলাতন্ত্ৰই নহয় ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব লাগে বুলি স্থানীয় ৰাইজে জনোৱা বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় ৷

নষ্টালজিয়াত ভুগি ৰাহুল গান্ধীয়ে পিতৃৰ সৈতে হোৱা কথা-বতৰাৰ কথা মনত পেলাই কয়, "মোৰ মনত আছে, দেউতাই এবাৰ পাংগং ট্ছ' ভ্ৰমণ কৰি উভতি আহি মোক বিলখনৰ কিছু ছবি দেখুৱাইছিল । তেওঁ মোক কৈছিল যে এইখন পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই । 'ভাৰত জোড়ো যাত্ৰা' ৰ সময়ত মই অহাৰ কথা আছিল যদিও কিছু কাৰণত সেয়া সম্ভৱ হৈ নুঠিল ৷ মই নুব্ৰা উপত্যকা আৰু কাৰ্গিলো ভ্ৰমণ কৰিম ।"

এই ভ্ৰমণৰ সময়ত ৰাহুলৰ সৈতে জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বিকাৰ ৰছুল ৱানীৰ লগতে দলীয় আন কেইবাজনো বিষয়া-কৰ্মী উপস্থিত থাকে । ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ৰাহুল গান্ধীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা দেউতাকক সম্বোধি লিখিছে, "দেউতা, অমূল্য স্মৃতিবোৰে আপোনাৰ দেশপ্ৰেমক সূচাইছে । প্ৰতিজন ভাৰতীয়ৰ সংগ্ৰাম আৰু সপোনবোৰক বুজা আৰু শুনাই অৰ্থাৎ আপোনাৰ দৰে ময়ো একে পথৰে পথিক ।"

লগতে পঢ়ক: Rahul Gandhi’s bike ride: লাডাখ যাত্ৰাৰ বাবে ৰাহুল গান্ধীক তাচ্ছিল্যসূচক ধন্যবাদ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.